--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ অস্থিৰ হৈ পৰিছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি। প্ৰায় প্ৰতিদিনে কাশ্মীৰী হিন্দু তথা প্ৰব্ৰজিত লোকসকলৰ ওপৰত সংঘটিত হৈছে ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ। বৃহস্পতিবাৰে সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল বিজয় কুমাৰ নামৰ এজন বেংক বিষয়াক। ৰাজস্থানৰ বাসিন্দা এইগৰাকী বেংক বিষয়াক অতি শিহৰণকাৰী এক পৰিস্থিতিত হত্যা কৰে সন্ত্ৰাসবাদীয়ে। তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে, বিগত ১ মে’ৰ পাছৰ পৰা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হোৱা বিজয় কুমাৰ কাশ্মীৰৰ অষ্টমজন লোক।

যোৱা এমাহতে কাশ্মীৰত ৮ জন হিন্দুক হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে। কিন্তু ইমানতে ক্ষান্ত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা। কালি নিশাই পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে।
কালি নিশা কেন্দ্ৰশাসিত প্ৰদেশখনৰ বাডগামত এজন প্ৰব্ৰজিত শ্ৰমিকক গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীয়ে। নিহত শ্ৰমিকজন বিহাৰৰ দিলখুছ কুমাৰ বুলি চিনাক্ত কৰা হৈছে। বৃহস্পতিবাৰে নিশা সংঘটিত এই আক্ৰমণত আন এজন লোক আহত হয়। বাডগামৰ চাডুৰা গাঁৱত এটা ইটাৰ ভাটাত কৰ্মৰত হৈ আছিল নিহত শ্ৰমিকজন।

এনে ধাৰাবাহিক সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাই এতিয়া জম্মু-কাশ্মীৰৰ সাধাৰণ লোকৰ নিৰাপত্তাৰ প্ৰতি গভীৰ ভাবুকি কঢ়িয়াই আনিছে। এটা মাহৰ ভিতৰতে ৯ জনকৈ লোক সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱাৰ ঘটনাউ এফালে যেনেকৈ একাংশ লোকক সন্ত্ৰাসিত কৰি ৰাখিছে একেদৰে সন্ত্ৰাস দমনৰ নামত নিৰাপত্তাবাহিনীয়ে গ্ৰহণ কৰা কঠোৰ পদক্ষেপক লৈও এতিয়া তীব্ৰ শংকাৰ সৃষ্টি হৈছে। জম্মু-কাশ্মীৰৰ পৰিস্থিতি সম্পৰ্কত মত প্ৰকাশ কৰি জম্মু-কাশ্মীৰ পিপুলছ কনফাৰেঞ্চৰ নেতা ছাজাদ লোনে কয় যে, সাধাৰণ কাশ্মীৰ লোককসকল এতিয়া সৰ্বদিশৰ পৰাই আতংকিত। প্ৰতিষ্ঠানিক সন্ত্ৰাসেও তেওঁলোকক সন্ত্ৰাসিত কৰি ৰাখিছে।

সাংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাতকাৰৰ সময়ত তেওঁ কয়, এটা পৰ্যায়ৰ হিংসাত্মক কাৰ্যই জম্মু-কাশ্মীৰক কেতিয়াও ৰেহাই দিয়া নাই। ই সদায়ে উপত্যকাটোত বৰ্তি আছে। এই হিংসাক অভিযানৰ জৰিয়তে আৰু মনোবৈজ্ঞানিকভাৱে প্ৰত্যুত্তৰ দিব লাগিব। কিন্তু এই মনোবৈজ্ঞানিক বিষয়বোৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ পাছৰে পৰা বেয়াৰ পৰা বেয়ালৈ গতি কৰিছে। ইয়াত কেন্দ্ৰ বিষয়াবৰ্গই এক অভাৱনীয় কঠোৰতা প্ৰদৰ্শন কৰিছে। সন্ত্ৰাসবাদৰ সৈতে যুঁজ কৰিবলৈ হ’লে স্থানীয় লোকসকলক আস্থাত লৈ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, তেওঁলোকক ভয় খুৱালে নহয়।

তেওঁ লগতে কয় যে, কেৱল অমুছলমান লোকলকলেই নহয়, জম্মু-কাশ্মীৰত এনে এটা দিন যোৱা নাই, যিদিনা কোনো মুছলমান লোকৰ প্ৰাণহানি হোৱা নাই। এয়া এক অতি দুখদায়ক অৱস্থা বুলি চিহ্নিত কৰি তেওঁ নিজৰ অসহায়তাৰ কথা প্ৰকাশ কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ