--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ অস্থিৰ হৈ পৰিছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি। প্ৰায় প্ৰতিদিনে কাশ্মীৰী হিন্দু তথা প্ৰব্ৰজিত লোকসকলৰ ওপৰত সংঘটিত হৈছে ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ। বৃহস্পতিবাৰে সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল বিজয় কুমাৰ নামৰ এজন বেংক বিষয়াক। ৰাজস্থানৰ বাসিন্দা এইগৰাকী বেংক বিষয়াক অতি শিহৰণকাৰী এক পৰিস্থিতিত হত্যা কৰে সন্ত্ৰাসবাদীয়ে। তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে, বিগত ১ মে’ৰ পাছৰ পৰা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হোৱা বিজয় কুমাৰ কাশ্মীৰৰ অষ্টমজন লোক।

যোৱা এমাহতে কাশ্মীৰত ৮ জন হিন্দুক হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে। কিন্তু ইমানতে ক্ষান্ত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা। কালি নিশাই পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে।
কালি নিশা কেন্দ্ৰশাসিত প্ৰদেশখনৰ বাডগামত এজন প্ৰব্ৰজিত শ্ৰমিকক গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীয়ে। নিহত শ্ৰমিকজন বিহাৰৰ দিলখুছ কুমাৰ বুলি চিনাক্ত কৰা হৈছে। বৃহস্পতিবাৰে নিশা সংঘটিত এই আক্ৰমণত আন এজন লোক আহত হয়। বাডগামৰ চাডুৰা গাঁৱত এটা ইটাৰ ভাটাত কৰ্মৰত হৈ আছিল নিহত শ্ৰমিকজন।

এনে ধাৰাবাহিক সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাই এতিয়া জম্মু-কাশ্মীৰৰ সাধাৰণ লোকৰ নিৰাপত্তাৰ প্ৰতি গভীৰ ভাবুকি কঢ়িয়াই আনিছে। এটা মাহৰ ভিতৰতে ৯ জনকৈ লোক সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱাৰ ঘটনাউ এফালে যেনেকৈ একাংশ লোকক সন্ত্ৰাসিত কৰি ৰাখিছে একেদৰে সন্ত্ৰাস দমনৰ নামত নিৰাপত্তাবাহিনীয়ে গ্ৰহণ কৰা কঠোৰ পদক্ষেপক লৈও এতিয়া তীব্ৰ শংকাৰ সৃষ্টি হৈছে। জম্মু-কাশ্মীৰৰ পৰিস্থিতি সম্পৰ্কত মত প্ৰকাশ কৰি জম্মু-কাশ্মীৰ পিপুলছ কনফাৰেঞ্চৰ নেতা ছাজাদ লোনে কয় যে, সাধাৰণ কাশ্মীৰ লোককসকল এতিয়া সৰ্বদিশৰ পৰাই আতংকিত। প্ৰতিষ্ঠানিক সন্ত্ৰাসেও তেওঁলোকক সন্ত্ৰাসিত কৰি ৰাখিছে।

সাংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাতকাৰৰ সময়ত তেওঁ কয়, এটা পৰ্যায়ৰ হিংসাত্মক কাৰ্যই জম্মু-কাশ্মীৰক কেতিয়াও ৰেহাই দিয়া নাই। ই সদায়ে উপত্যকাটোত বৰ্তি আছে। এই হিংসাক অভিযানৰ জৰিয়তে আৰু মনোবৈজ্ঞানিকভাৱে প্ৰত্যুত্তৰ দিব লাগিব। কিন্তু এই মনোবৈজ্ঞানিক বিষয়বোৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ পাছৰে পৰা বেয়াৰ পৰা বেয়ালৈ গতি কৰিছে। ইয়াত কেন্দ্ৰ বিষয়াবৰ্গই এক অভাৱনীয় কঠোৰতা প্ৰদৰ্শন কৰিছে। সন্ত্ৰাসবাদৰ সৈতে যুঁজ কৰিবলৈ হ’লে স্থানীয় লোকসকলক আস্থাত লৈ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, তেওঁলোকক ভয় খুৱালে নহয়।

তেওঁ লগতে কয় যে, কেৱল অমুছলমান লোকলকলেই নহয়, জম্মু-কাশ্মীৰত এনে এটা দিন যোৱা নাই, যিদিনা কোনো মুছলমান লোকৰ প্ৰাণহানি হোৱা নাই। এয়া এক অতি দুখদায়ক অৱস্থা বুলি চিহ্নিত কৰি তেওঁ নিজৰ অসহায়তাৰ কথা প্ৰকাশ কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ