--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্মুখত পোহৰ উৎসৱ দীপাৱলী৷ দীপাৱলীৰ প্ৰাকক্ষণত উত্তৰ প্ৰদেশৰ মন্দিৰ চহৰ অযোধ্যাই দীপোৎসৱ কাৰ্যসূচীৰ সময়ত ৫১ টা ঘাটত ২৪ লাখ চাকি জ্বলাই গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়ি তোলাৰ  পৰিকল্পনা কৰিছে৷বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই কাৰ্যসূচী উদ্বোধন কৰিব মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

২৫ হাজাৰ স্বেচ্ছাসেৱকে ২৪ লাখ চাকি জ্বলাব। এই অনুষ্ঠানত গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ এটা দল উপস্থিত থাকিব আৰু ড্ৰোন কেমেৰাৰ সহায়ত চাকি গণিব।অযোধ্যাত এই কাৰ্যসূচীত উত্তৰ প্ৰদেশ চৰকাৰৰ প্ৰায় সকলো কেবিনেট মন্ত্ৰী উপস্থিত থকাৰ সম্ভাৱনা আছে৷দীপোৎসৱৰ পাছত অনুষ্ঠিত হ’ব এক দৰ্শনীয় লেজাৰ শ্ব’।

দীপোৎসৱৰ নিৰাপত্তা প্ৰস্তুতিৰ সন্দৰ্ভত অযোধ্যা ৰেঞ্জৰ মহাপৰিদৰ্শক প্ৰবীণ কুমাৰে কয় যে, "এই অঞ্চলটোক ১৪টা আৰক্ষী জ'নত ভাগ কৰা হৈছে। আমি কৃত্ৰিম চোৰাংচোৱাৰ সহায়ো লৈছো। ভিৰ আৰু যাতায়ত নিয়ন্ত্ৰণ কৰা হ'ব।"যোৱা বছৰ অযোধ্যাৰ সৰয়ু নদীৰ পাৰত ২০ হাজাৰৰো অধিক স্বেচ্ছাসেৱকে ১৫ লাখৰো অধিক চাকি জ্বলাই গিনিজ বিশ্ব অভিলেখ গঢ়িছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক