--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্মুখত পোহৰ উৎসৱ দীপাৱলী৷ দীপাৱলীৰ প্ৰাকক্ষণত উত্তৰ প্ৰদেশৰ মন্দিৰ চহৰ অযোধ্যাই দীপোৎসৱ কাৰ্যসূচীৰ সময়ত ৫১ টা ঘাটত ২৪ লাখ চাকি জ্বলাই গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়ি তোলাৰ  পৰিকল্পনা কৰিছে৷বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই কাৰ্যসূচী উদ্বোধন কৰিব মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

২৫ হাজাৰ স্বেচ্ছাসেৱকে ২৪ লাখ চাকি জ্বলাব। এই অনুষ্ঠানত গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ এটা দল উপস্থিত থাকিব আৰু ড্ৰোন কেমেৰাৰ সহায়ত চাকি গণিব।অযোধ্যাত এই কাৰ্যসূচীত উত্তৰ প্ৰদেশ চৰকাৰৰ প্ৰায় সকলো কেবিনেট মন্ত্ৰী উপস্থিত থকাৰ সম্ভাৱনা আছে৷দীপোৎসৱৰ পাছত অনুষ্ঠিত হ’ব এক দৰ্শনীয় লেজাৰ শ্ব’।

দীপোৎসৱৰ নিৰাপত্তা প্ৰস্তুতিৰ সন্দৰ্ভত অযোধ্যা ৰেঞ্জৰ মহাপৰিদৰ্শক প্ৰবীণ কুমাৰে কয় যে, "এই অঞ্চলটোক ১৪টা আৰক্ষী জ'নত ভাগ কৰা হৈছে। আমি কৃত্ৰিম চোৰাংচোৱাৰ সহায়ো লৈছো। ভিৰ আৰু যাতায়ত নিয়ন্ত্ৰণ কৰা হ'ব।"যোৱা বছৰ অযোধ্যাৰ সৰয়ু নদীৰ পাৰত ২০ হাজাৰৰো অধিক স্বেচ্ছাসেৱকে ১৫ লাখৰো অধিক চাকি জ্বলাই গিনিজ বিশ্ব অভিলেখ গঢ়িছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক