--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰাজপথত নিবনুৱাৰ ওপৰত চলিল আৰক্ষীৰ বৰ্বৰ আক্ৰমণ। উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ ৰাজপথত এই দুৰ্ভাগ্যজনৰ ঘটনা সংঘটিত হৈছে।ৰাজপথত প্ৰাপ্য বিচাৰি আন্দোলনত নমা প্ৰায় হাজাৰ হাজাৰ শিক্ষকৰ পদপ্ৰত্যাশীৰ ওপৰত চলিল আৰক্ষীৰ নিৰ্বিচাৰ আক্ৰমণ। বিগত পাঁচমাহে বিভিন্ন দাবীৰ সমৰ্থনত প্ৰতিবাদ কৰি আহিছিল এইসকল লোকে। শিক্ষক পদত নিযুক্তিৰ ক্ষেত্ৰত সংৰক্ষণ তথা আসন বৃদ্ধিৰ দৰে দাবীক লৈ বিবিন্ন ঠাইত ৰাজপথত নামিছিল হাজাৰ হাজাৰ পদপ্ৰত্যাশীয়ে। একাংশ প্ৰতিবাদী শিক্ষকে মুখ্যমন্ত্ৰীৰ আবাসলৈ ‘কেন্দেল মাৰ্চ’ উলিয়াব বিচাৰিছিল। কিন্তু তাৰ পূৰ্বেই তেওঁলোকৰ ওপৰত জঁপিয়াই পৰে আৰক্ষী বাহিনী। তেওঁলোকে প্ৰতিবাদকাৰীক দৌৰাই দৌৰাই প্ৰহাৰ কৰাৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে। কেৱল এয়াই নহয় প্ৰতিবাদত চামিল মহিলা আৰু যুৱতীসকলকো আৰক্ষীয়ে ৰেহাই নিদিয়াৰ অভিযোগ উঠিছে আৰু তেওঁলোকৰ ওপৰতো আৰক্ষীয়ে আক্ৰমণ চলায়।

উল্লেখ্য যে, আৰক্ষীৰ অত্যাচাৰৰ এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাছতে বিৰোধী দলৰ নেতাসকল চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই নিৰ্যাতনৰ ভিডিঅ’ পোষ্ট কৰি লিখিছে, সংস্থাপন বিচাৰি অহা লোকসকলকৰ ওপৰত চৰকাৰে লাঠীচাৰ্জ কৰিছে। এইকথা ভোট বিচাৰি অহাৰ সময়ত যেন সকলোৱে মনত ৰাখে। ইফালে, পলিভিট সমষ্টিৰ বিজেপি সাংসদ বৰুণ গান্ধীয়েও এই ঘটনাক গৰিহনা দিছে। তেওঁ টুইটাৰত লিখিছে, এইসকল মা ভাৰতীৰ সন্তান। তেওঁলোকৰ ওপৰতে বৰ্বৰ লাঠীচাৰ্জ হৈছে। নিজৰ বুকুত হাত থৈ কওকচোন যদি এওঁলোক আপোনালোকৰ নিজৰ সন্তান হ’লহেঁতেন এনে ব্যৱহাৰ আপোনালোকে কৰিলেহেঁতেননে? আম আদমী পাৰ্টীক সাংসদ সঞ্জয় সিঙে প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ আক্ৰমণৰ ঘটনাক গৰিহনা দি কৈছে যে, চৰকাৰে নিবনুৱাৰ ওপৰত যিমানে অত্যাচাৰ নকৰক কিয় এইসকল লোকেই এদিন যোগী আদিত্যনাথক শাসনৰ পৰা অপসাৰিত কৰিব।

ৰাজ্যখনৰ প্ৰধান বিৰোধী দল সমাজবাদী পাৰ্টীয়ে টুইট কৰি চৰকাৰৰ সমালোচনা কৰিছে আৰু কৈছে, ৬৯হাজাৰ শিক্ষক নিযুক্তিত পিছপৰা আৰু দলিতসকলৰ সংৰক্ষণ নাইকিয়া কৰা মুখ্যমন্ত্ৰীয়ে এতিয়া লাঠী চাৰ্জ আৰম্ভ কৰিছে। লক্ষ্ণৌত শান্তিপূৰ্ণভাৱে মমবাতি জ্বলাই সমদল কৰি থকা ৬৯হাজাৰ শিক্ষক পদৰ প্ৰাৰ্থীক আৰক্ষীয়ে কৰা বৰ্বৰ লাঠীচাৰ্জ দুখজনক আৰু লজ্জাজনক। যুৱসকলে বিদ্ৰোহ কৰিব ২২ত পৰিৱৰ্তন হ’ব। অহাবছৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনত এই বিষয়টোৱে এতিয়া ৰাজনৈতিক ইছ্যু হৈ পৰা দেখা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক