--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰাজপথত নিবনুৱাৰ ওপৰত চলিল আৰক্ষীৰ বৰ্বৰ আক্ৰমণ। উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ ৰাজপথত এই দুৰ্ভাগ্যজনৰ ঘটনা সংঘটিত হৈছে।ৰাজপথত প্ৰাপ্য বিচাৰি আন্দোলনত নমা প্ৰায় হাজাৰ হাজাৰ শিক্ষকৰ পদপ্ৰত্যাশীৰ ওপৰত চলিল আৰক্ষীৰ নিৰ্বিচাৰ আক্ৰমণ। বিগত পাঁচমাহে বিভিন্ন দাবীৰ সমৰ্থনত প্ৰতিবাদ কৰি আহিছিল এইসকল লোকে। শিক্ষক পদত নিযুক্তিৰ ক্ষেত্ৰত সংৰক্ষণ তথা আসন বৃদ্ধিৰ দৰে দাবীক লৈ বিবিন্ন ঠাইত ৰাজপথত নামিছিল হাজাৰ হাজাৰ পদপ্ৰত্যাশীয়ে। একাংশ প্ৰতিবাদী শিক্ষকে মুখ্যমন্ত্ৰীৰ আবাসলৈ ‘কেন্দেল মাৰ্চ’ উলিয়াব বিচাৰিছিল। কিন্তু তাৰ পূৰ্বেই তেওঁলোকৰ ওপৰত জঁপিয়াই পৰে আৰক্ষী বাহিনী। তেওঁলোকে প্ৰতিবাদকাৰীক দৌৰাই দৌৰাই প্ৰহাৰ কৰাৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে। কেৱল এয়াই নহয় প্ৰতিবাদত চামিল মহিলা আৰু যুৱতীসকলকো আৰক্ষীয়ে ৰেহাই নিদিয়াৰ অভিযোগ উঠিছে আৰু তেওঁলোকৰ ওপৰতো আৰক্ষীয়ে আক্ৰমণ চলায়।

উল্লেখ্য যে, আৰক্ষীৰ অত্যাচাৰৰ এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাছতে বিৰোধী দলৰ নেতাসকল চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই নিৰ্যাতনৰ ভিডিঅ’ পোষ্ট কৰি লিখিছে, সংস্থাপন বিচাৰি অহা লোকসকলকৰ ওপৰত চৰকাৰে লাঠীচাৰ্জ কৰিছে। এইকথা ভোট বিচাৰি অহাৰ সময়ত যেন সকলোৱে মনত ৰাখে। ইফালে, পলিভিট সমষ্টিৰ বিজেপি সাংসদ বৰুণ গান্ধীয়েও এই ঘটনাক গৰিহনা দিছে। তেওঁ টুইটাৰত লিখিছে, এইসকল মা ভাৰতীৰ সন্তান। তেওঁলোকৰ ওপৰতে বৰ্বৰ লাঠীচাৰ্জ হৈছে। নিজৰ বুকুত হাত থৈ কওকচোন যদি এওঁলোক আপোনালোকৰ নিজৰ সন্তান হ’লহেঁতেন এনে ব্যৱহাৰ আপোনালোকে কৰিলেহেঁতেননে? আম আদমী পাৰ্টীক সাংসদ সঞ্জয় সিঙে প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ আক্ৰমণৰ ঘটনাক গৰিহনা দি কৈছে যে, চৰকাৰে নিবনুৱাৰ ওপৰত যিমানে অত্যাচাৰ নকৰক কিয় এইসকল লোকেই এদিন যোগী আদিত্যনাথক শাসনৰ পৰা অপসাৰিত কৰিব।

ৰাজ্যখনৰ প্ৰধান বিৰোধী দল সমাজবাদী পাৰ্টীয়ে টুইট কৰি চৰকাৰৰ সমালোচনা কৰিছে আৰু কৈছে, ৬৯হাজাৰ শিক্ষক নিযুক্তিত পিছপৰা আৰু দলিতসকলৰ সংৰক্ষণ নাইকিয়া কৰা মুখ্যমন্ত্ৰীয়ে এতিয়া লাঠী চাৰ্জ আৰম্ভ কৰিছে। লক্ষ্ণৌত শান্তিপূৰ্ণভাৱে মমবাতি জ্বলাই সমদল কৰি থকা ৬৯হাজাৰ শিক্ষক পদৰ প্ৰাৰ্থীক আৰক্ষীয়ে কৰা বৰ্বৰ লাঠীচাৰ্জ দুখজনক আৰু লজ্জাজনক। যুৱসকলে বিদ্ৰোহ কৰিব ২২ত পৰিৱৰ্তন হ’ব। অহাবছৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যখনত এই বিষয়টোৱে এতিয়া ৰাজনৈতিক ইছ্যু হৈ পৰা দেখা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম