--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অ'মিক্ৰনত আক্ৰান্তৰ সংখ্যা বৃ্দ্ধি ভাৰতত৷ ক'ভিডৰ নতুন ভেৰিয়েন্ট অ'মিক্ৰনত হঠাতে নতুনকৈ ১৭জন লোক আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ দেওবাৰৰ দিনটোতে হঠাতে আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাক লৈ শংকাৰ সৃষ্টি হৈছে যদিও কেন্দ্ৰীয় স্বাস্থ্য বিভাগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে৷

বিশেষকৈ আফ্ৰিকান দেশসমূহৰ পৰা অহা যাত্ৰীসকলৰ দেহতেই অ'মিক্ৰনৰ সংক্ৰমণে দেখা দিয়ে৷ ইতিমধ্যে মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু দিল্লীত ধৰা পৰিছে অ'মিক্ৰনৰ আক্ৰান্ত৷ ইয়াৰে ৭জন মহাৰাষ্ট্ৰ, জয়পুৰৰ ৯জন আৰু দিল্লীৰ ১জন ব্যক্তিৰ আক্ৰান্ত হোৱাৰ পাছতে দেশত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ২১জনলৈ৷ জয়পুৰত একেটা পৰিয়ালৰ চাৰিজনৰ দেহত ধৰা পৰিছে অ’মিক্ৰনৰ সংক্ৰমণ। তেওঁলোকে দক্ষিণ আফ্ৰিকাৰ পৰা উভতি আহিছিল। তদুপৰি, চহৰখনত আৰু পাঁচজনৰ দেহত অ’মিক্ৰনৰ সংক্ৰমণ ধৰা পৰিছে।

আনহাতে, দেওবাৰে মহাৰাষ্ট্ৰত ৭জনৰ দেহত অ’মিক্ৰণৰ উপস্থিতি ধৰা পৰে। পুনে জিলাৰ এই ৭জনৰ ভিতৰত নাইজেৰিয়াৰ পৰা অহা এগৰাকী মহিলা আছে। মহিলাগৰাকীৰ ভাতৃৰ শৰীৰতো পোৱা গৈছে এই ভাইৰাছৰ উপস্থিতি। তদুপৰি, এই মহিলাগৰাকীৰ ভাতৃৰ দুই কন্যাও অ’মিক্ৰণত আক্ৰান্ত। ইয়াৰ উপৰি বিগত সপ্তাহত ফিনলেণ্ডৰ পৰা উভতি অহা এগৰাকী ব্যক্তিৰ দেহতো ধৰা পৰিছে অ’মিক্ৰণৰ সংক্ৰমণ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক