--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অ'মিক্ৰনত আক্ৰান্তৰ সংখ্যা বৃ্দ্ধি ভাৰতত৷ ক'ভিডৰ নতুন ভেৰিয়েন্ট অ'মিক্ৰনত হঠাতে নতুনকৈ ১৭জন লোক আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ দেওবাৰৰ দিনটোতে হঠাতে আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাক লৈ শংকাৰ সৃষ্টি হৈছে যদিও কেন্দ্ৰীয় স্বাস্থ্য বিভাগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে৷

বিশেষকৈ আফ্ৰিকান দেশসমূহৰ পৰা অহা যাত্ৰীসকলৰ দেহতেই অ'মিক্ৰনৰ সংক্ৰমণে দেখা দিয়ে৷ ইতিমধ্যে মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু দিল্লীত ধৰা পৰিছে অ'মিক্ৰনৰ আক্ৰান্ত৷ ইয়াৰে ৭জন মহাৰাষ্ট্ৰ, জয়পুৰৰ ৯জন আৰু দিল্লীৰ ১জন ব্যক্তিৰ আক্ৰান্ত হোৱাৰ পাছতে দেশত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ২১জনলৈ৷ জয়পুৰত একেটা পৰিয়ালৰ চাৰিজনৰ দেহত ধৰা পৰিছে অ’মিক্ৰনৰ সংক্ৰমণ। তেওঁলোকে দক্ষিণ আফ্ৰিকাৰ পৰা উভতি আহিছিল। তদুপৰি, চহৰখনত আৰু পাঁচজনৰ দেহত অ’মিক্ৰনৰ সংক্ৰমণ ধৰা পৰিছে।

আনহাতে, দেওবাৰে মহাৰাষ্ট্ৰত ৭জনৰ দেহত অ’মিক্ৰণৰ উপস্থিতি ধৰা পৰে। পুনে জিলাৰ এই ৭জনৰ ভিতৰত নাইজেৰিয়াৰ পৰা অহা এগৰাকী মহিলা আছে। মহিলাগৰাকীৰ ভাতৃৰ শৰীৰতো পোৱা গৈছে এই ভাইৰাছৰ উপস্থিতি। তদুপৰি, এই মহিলাগৰাকীৰ ভাতৃৰ দুই কন্যাও অ’মিক্ৰণত আক্ৰান্ত। ইয়াৰ উপৰি বিগত সপ্তাহত ফিনলেণ্ডৰ পৰা উভতি অহা এগৰাকী ব্যক্তিৰ দেহতো ধৰা পৰিছে অ’মিক্ৰণৰ সংক্ৰমণ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র