--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশে এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। হিমাচল প্ৰদেশ সকলো প্ৰাপ্তবয়স্কৰ ক'ৰোনা টিকাকৰণ সম্পূৰ্ণ কৰা দেশৰ প্ৰথমখন ৰাজ্য হৈ পৰিছে। চৰকাৰী মুখপাত্ৰৰ দ্বাৰা এই কথা সদৰী কৰা হৈছে। ৫৩,৮৬,৩৯৩ জন প্ৰাপ্তবয়স্ক লোকক ভেকছিনৰ দ্বিতীয় পালি দিয়া হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ।

মুখপাত্ৰজনে কয় যে হিমাচল প্ৰদেশ ইয়াৰ সমগ্ৰ প্ৰাপ্তবয়স্ক লোকসকলক ভেকছিনৰ প্ৰথম পালি দিয়াৰ ক্ষেত্ৰতো প্ৰথমখন ৰাজ্য আছিল। এই সাফল্য আগষ্টৰ শেষত প্ৰাপ্ত কৰা হৈছিল। দুয়োটা পালিৰ সৈতে প্ৰাপ্তবয়স্ক অৰ্থাৎ ১৮ বছৰৰ ওপৰৰ সকলো লোকৰ ১০০ শতাংশ টিকাকৰণৰ লক্ষ্য সম্পূৰ্ণ কৰে হিমাচল প্ৰদেশে।

দেওবাৰে ৰাজ্যখনৰ কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়া স্বাস্থ্যকৰ্মীসকলক সন্মান জনোৱাৰ বাবে বিলাসপুৰৰ সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত(এইমছ) এক অনুষ্ঠানৰ আয়োজন কৰা হয়। হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়া অনুষ্ঠানটোত উপস্থিত আছিল। তদুপৰি, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী ৰাজীৱ চাইজালেও অনুষ্ঠানটোত অংশগ্ৰহণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা