--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশে এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। হিমাচল প্ৰদেশ সকলো প্ৰাপ্তবয়স্কৰ ক'ৰোনা টিকাকৰণ সম্পূৰ্ণ কৰা দেশৰ প্ৰথমখন ৰাজ্য হৈ পৰিছে। চৰকাৰী মুখপাত্ৰৰ দ্বাৰা এই কথা সদৰী কৰা হৈছে। ৫৩,৮৬,৩৯৩ জন প্ৰাপ্তবয়স্ক লোকক ভেকছিনৰ দ্বিতীয় পালি দিয়া হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ।

মুখপাত্ৰজনে কয় যে হিমাচল প্ৰদেশ ইয়াৰ সমগ্ৰ প্ৰাপ্তবয়স্ক লোকসকলক ভেকছিনৰ প্ৰথম পালি দিয়াৰ ক্ষেত্ৰতো প্ৰথমখন ৰাজ্য আছিল। এই সাফল্য আগষ্টৰ শেষত প্ৰাপ্ত কৰা হৈছিল। দুয়োটা পালিৰ সৈতে প্ৰাপ্তবয়স্ক অৰ্থাৎ ১৮ বছৰৰ ওপৰৰ সকলো লোকৰ ১০০ শতাংশ টিকাকৰণৰ লক্ষ্য সম্পূৰ্ণ কৰে হিমাচল প্ৰদেশে।

দেওবাৰে ৰাজ্যখনৰ কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়া স্বাস্থ্যকৰ্মীসকলক সন্মান জনোৱাৰ বাবে বিলাসপুৰৰ সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত(এইমছ) এক অনুষ্ঠানৰ আয়োজন কৰা হয়। হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়া অনুষ্ঠানটোত উপস্থিত আছিল। তদুপৰি, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী ৰাজীৱ চাইজালেও অনুষ্ঠানটোত অংশগ্ৰহণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম