--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এবিধ মাৰাত্মক ভাইৰাছে ইতিমধ্যে আফ্ৰিকাত আতংকৰ সৃষ্টি কৰিছে। ভাইৰাছবিধৰ নাম মাৰবাৰ্গ। ভয়ংকৰ সংক্ৰামক, ভয়ংকৰ প্ৰাণনাশী শক্তি থকা এই মাৰবাৰ্গে সমগ্ৰ বিশ্বতে এক নতুন আশংকাৰ সৃষ্টি কৰিছে। মধ্য পশ্চিম আফ্ৰিকাত মাৰবাৰ্গ ক্ৰমান্বয়ে বিপজ্জনক হৈ পৰিছে।

ফেব্ৰুৱাৰী মাহৰ মাজভাগৰ পৰা আৰম্ভ হৈছিল মাৰবাৰ্গ। এতিয়া ই আৰু বৃহৎ ৰূপ ধাৰণ কৰিছে। চিন্তিত হৈ পৰিছে বিশ্ব স্বাস্থ্য সংস্থা। লগতে সংশ্লিষ্ট দেশসমূহক সকীয়াই দিছে।

প্ৰথম অৱস্থাত এই ভাইৰাছ বাদুলিৰ যোগেদি বিয়পে বুলি জনা গৈছিল। ৰোগীৰ মৃত্যুৰ হাৰ ৮৮ শতাংশলৈ বৃদ্ধি পাইছে যিটো আগতে মাত্ৰ ২৪ শতাংশ আছিল।

এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’লে জ্বৰৰ লগত সাধাৰণতে অতি ভাগৰুৱা, তেজবমি আৰু ডায়েৰিয়া হয়। মাৰবাৰ্গ হৈছে মাৰাত্মক ইব’লা ভাইৰাছৰ সৈতে একে ষ্ট্ৰেইনৰ। চিন্তনীয় কথাটো হ’ল এই ভাইৰাছৰ কোনো চিকিৎসা নাই, নাই কোনো ভেকচিন!

মাৰবাৰ্গত আক্ৰান্ত হ’লে ছালৰ অৱস্থা মাৰাত্মক হৈ পৰে, আক্ৰান্ত ছালৰ মাজেৰে এই ৰোগ বিয়পে। শৰীৰৰ তৰল পদাৰ্থৰ জৰিয়তেও এই ভাইৰাছ সংক্ৰমিত হ’ব পাৰে। ৰোগীৰ গাৰু, আঠুৱা, বিচনাৰ কাপোৰ আৰু পিন্ধা সাজ-পোছকৰ পৰাও মাৰবাৰ্গ ভাইৰাছ বিয়পে।

এই ভাইৰাছৰ বিষয়ে অৱশ্যে এতিয়াহে জনা গ’ল, তেনে নহয়। ১৯৬৭ চনত প্ৰথমবাৰৰ বাবে মাৰবাৰ্গ ভাইৰাছৰ বিষয়ে জনা গৈছিল। জাৰ্মানীৰ দুখন চহৰত প্ৰথমে এই ৰোগ ধৰা পৰিছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
মাতৃহাৰা হ'ল আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্য
অস্ত্ৰোপচাৰৰ পাইপ বুকুৰ অংশত সংযুক্ত হৈ থকা অৱস্থাতেই হাস্পাতালৰ বিছনাৰ পৰাই গীত জুৰিলে শিল্পী চৈয়দ চাদুল্লাই
এই ৫বিধ বীজ পেটৰ বাবে অতি উপকাৰী
মধ্য প্রাচ্যৰ পৰিস্থিতিয়ে বিশ্বলৈ বিনাশ মাতি আনিব পাৰে:ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান গুটাৰেছ
জুলাইত পৰিবহণ বিভাগৰ 'সম্পূৰ্ণ সেৱা মাহ'
UPSC পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা সকলক আছুৱে কৰিব সহায়
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত