--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৰিয়হৰ ডুলিতে ওলাইছে ভূত!আৰক্ষীয়ে জব্দ কৰা সুৰাৰ বটল চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে স্বয়ং থানাৰ এজন আৰক্ষী বিষয়া আৰু কনিষ্টবলৰ বিৰুদ্ধে। অভিযোগ অনুসৰি জব্দ কৰা সুৰাখিনি থানাত মজুত কৰি ৰখা ঠাইৰ পৰা কেইবাটাও বটল উলিয়াই অনা হৈছে। এই ঘটনাত থানাৰ সহকাৰী উপ-পৰিদৰ্শক আৰু আন চাৰিজন কনিষ্টবলক গ্ৰেপ্তাৰ কৰা হৈছে।

গুজৰাটৰ মহিসাগৰ জিলাত সংঘটিত হৈছে এই ঘটনা। কেৱল সুৰাৰ বটলেই নহয়, থানাৰ পৰা টেবুল ফেন চুৰি হোৱাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে চোৰৰ কবলৰ পৰা আৰক্ষীয়ে সুৰা আৰু ফেন জব্দ কৰিছে৷

জব্দ কৰা সামগ্ৰীসমূহৰ পৰা মুঠ ১২৫টা সুৰাৰ বটল আৰু ১৫খন ফেন সংগ্ৰহ কৰা হয়। থানাৰ চিচিটিভি ফুটেজৰ আৰু অন্যান্য বিষয়ৰ তদন্ত কৰি কনিষ্টবল আৰু এএছআইক গ্ৰেপ্তাৰ কৰে।

উপ-অধীক্ষক পি এছ ভালবিয়ে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, জব্দ কৰা সামগ্ৰীসমূহ থানাত মহিলা লক-আপত মজুত কৰি ৰাখিছিল।ভাৰতত নিৰ্মিত বিদেশী সুৰা সৰবৰাহ কৰিবলৈ এজন ব্যক্তিয়ে চেষ্টা চলাইছিল। সেই সুৰা তেওঁ বাহিৰৰ পৰা গুজৰাটলৈ লৈ আহিছিল। সৰবৰাহকাৰীজনে মুঠ ৭৫ খন ফেনৰ বক্সৰ আঁৰত মদৰ বটল এটা লুকুৱাই আনিছিল। কিন্তু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।উদ্ধাৰ কৰা সামগ্ৰীখিনিৰ মুঠ বজাৰ মূল্য দুই লাখ টকাৰ ওপৰত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক