--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দৰ্শকৰ মাজত আছে গৃহমন্ত্ৰী অমিত শ্বাহ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অষ্ট্ৰেলিয়াৰ উপ-প্ৰধানমন্ত্ৰী ৰিচাৰ্ড মাৰ্লেছো উপস্থিত হোৱাৰ কথা। ইয়াৰ পিছতো ফাইনেলত নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। ভাৰতৰ ইনিংছৰ ১৪ অভাৰত খেলপথাৰত আকস্মিকভাৱে প্ৰৱেশ কৰে এজন কিশোৰ। খেলখন ৪৫ ছেকেণ্ডৰ বাবে বন্ধ কৰিব লগা হ’ল। 'ফ্ৰী পেলেষ্টাইন’ লিখা জাৰ্চি আৰু মুখত পেলেষ্টাইনৰ পতাকা থকা মাস্ক পিন্ধি খেলপথাৰত প্ৰৱেশ কৰে কিশোৰজনে।

সেই সময়ত এডাম জাম্পাই বল কৰি আছিল। বিৰাট কোহলীয়ে বেটিং কৰি আছিল। চতুৰ্থ বলৰ আগতে খেলপথাৰত প্ৰৱেশ কৰে কিশোৰজন। পোনে পোনে কোহলীৰ ওচৰলৈ গ’ল। তেওঁৰ বগা জাৰ্চিখনত লিখা আছিল ‘ষ্টপ বম্বিং পেলেষ্টাইন’। অৰ্থাৎ পেলেষ্টাইনত বোমা বিস্ফোৰণ বন্ধ কৰক। কিশোৰজনে কোহলীক সাৱটি ধৰিলে। স্বাভাৱিকতে কোহলীয়ে অপ্ৰস্তুত হৈ পৰিল। লগে লগে নিৰাপত্তাৰক্ষীয়ে কিশোৰজনক লৈ যায়।

অমিত শ্বাহ আৰু তেওঁৰ পুত্ৰ তথা ব’ৰ্ডৰ সভাপতি জয় শ্বাহে সকলো দেখিলে দৰ্শকৰ আসনৰ পৰা। ৰাজনৈতিক বাৰ্তা নিশ্চয় তেওঁলোকৰ দৃষ্টিৰ পৰা সাৰি যোৱা নাছিল। মোডী ফাইনেললৈ আহিব বুলি মেচখনৰ আগদিনাৰ পৰাই কটকটীয়া নিৰাপত্তা আছিল। কোনো অপ্ৰীতিকৰ ঘটনাৰ পৰা হাত সাৰিবলৈ সকলোৱে সজাগ হৈ আছিল। কিন্তু এনে ঘটনাৰ প্ৰতি কোনো প্ৰস্তুত নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক