--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দৰ্শকৰ মাজত আছে গৃহমন্ত্ৰী অমিত শ্বাহ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অষ্ট্ৰেলিয়াৰ উপ-প্ৰধানমন্ত্ৰী ৰিচাৰ্ড মাৰ্লেছো উপস্থিত হোৱাৰ কথা। ইয়াৰ পিছতো ফাইনেলত নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। ভাৰতৰ ইনিংছৰ ১৪ অভাৰত খেলপথাৰত আকস্মিকভাৱে প্ৰৱেশ কৰে এজন কিশোৰ। খেলখন ৪৫ ছেকেণ্ডৰ বাবে বন্ধ কৰিব লগা হ’ল। 'ফ্ৰী পেলেষ্টাইন’ লিখা জাৰ্চি আৰু মুখত পেলেষ্টাইনৰ পতাকা থকা মাস্ক পিন্ধি খেলপথাৰত প্ৰৱেশ কৰে কিশোৰজনে।

সেই সময়ত এডাম জাম্পাই বল কৰি আছিল। বিৰাট কোহলীয়ে বেটিং কৰি আছিল। চতুৰ্থ বলৰ আগতে খেলপথাৰত প্ৰৱেশ কৰে কিশোৰজন। পোনে পোনে কোহলীৰ ওচৰলৈ গ’ল। তেওঁৰ বগা জাৰ্চিখনত লিখা আছিল ‘ষ্টপ বম্বিং পেলেষ্টাইন’। অৰ্থাৎ পেলেষ্টাইনত বোমা বিস্ফোৰণ বন্ধ কৰক। কিশোৰজনে কোহলীক সাৱটি ধৰিলে। স্বাভাৱিকতে কোহলীয়ে অপ্ৰস্তুত হৈ পৰিল। লগে লগে নিৰাপত্তাৰক্ষীয়ে কিশোৰজনক লৈ যায়।

অমিত শ্বাহ আৰু তেওঁৰ পুত্ৰ তথা ব’ৰ্ডৰ সভাপতি জয় শ্বাহে সকলো দেখিলে দৰ্শকৰ আসনৰ পৰা। ৰাজনৈতিক বাৰ্তা নিশ্চয় তেওঁলোকৰ দৃষ্টিৰ পৰা সাৰি যোৱা নাছিল। মোডী ফাইনেললৈ আহিব বুলি মেচখনৰ আগদিনাৰ পৰাই কটকটীয়া নিৰাপত্তা আছিল। কোনো অপ্ৰীতিকৰ ঘটনাৰ পৰা হাত সাৰিবলৈ সকলোৱে সজাগ হৈ আছিল। কিন্তু এনে ঘটনাৰ প্ৰতি কোনো প্ৰস্তুত নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক