--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ ফাইনেলত পূৰ্বৰ বিশ্ববিজয়ী অধিনায়কসকলক ব্লেজাৰ প্ৰদান কৰা হ’ব। কপিল দেৱ, মহেন্দ্ৰ সিং ধোনীৰ লগতে ৱেষ্ট ইণ্ডিজ, অষ্ট্ৰেলিয়া, শ্ৰীলংকা আৰু ইংলেণ্ডৰ বিশ্বকাপ বিজয়ী অধিনায়কসকলক প্ৰদান কৰা হ’ব এই ব্লেজাৰ। কিন্তু এজন বিশ্বকাপ বিজয়ী অধিনায়কে সেই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিব। কোন তেওঁ ? তেওঁ পাকিস্তান দলৰ প্ৰাক্তন অধিনায়ক  ইমৰান খান । 

তেওঁ বৰ্তমান দুৰ্নীতিৰ গোচৰত কাৰাগাৰত আছে। গতিকে বিশ্বকাপৰ ফাইনেলত সকলো অধিনায়ককে দেখা গৈছে যদিও  ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানৰ প্ৰাক্তন অধিনায়কগৰাকী উপস্থিত হ’ব পৰা নাই।  

দেওবাৰে দুয়োটা ইনিংছৰ মাজতে বিশ্বকাপ বিজয়ী অধিনায়কসকলক সন্মানিত কৰাৰ কথা আছে। তেওঁলোকক এটা বিশেষ ব্লেজাৰ দিয়াৰ কথা। ক্লাইভ লইড (১৯৭৫ আৰু ১৯৭৯), কপিল দেৱ (১৯৮৩), এলেন বৰ্ডাৰ (১৯৮৭), অৰ্জুন ৰাণাতুঙ্গা (১৯৯৬), ষ্টিভ ৱ’ (১৯৯৯), ৰিকি পন্টিং (২০০৩ আৰু ২০০৭), মহেন্দ্ৰ সিং ধোনী (২০১১), মাইকেল ক্লাৰ্ক (২০১৫) আৰু ইয়ন মৰ্গান (২০১৯) উপস্থিত আছে।

উল্লেখ্য খেল এৰি ইমৰানে ৰাজনীতিত যোগদান কৰিছিল। তেওঁ পাকিস্তানৰ প্ৰধানমন্ত্ৰীও হৈছিল। তেওঁৰ বিৰুদ্ধে নানান অভিযোগ উত্থাপিত হৈছিল। তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ বৰ্তমান কাৰাগাৰতে আছে। গতিকে দেওবাৰে আহমেদাবাদলৈ পূৰ্বৰ  বিশ্বকাপ জয়ী দলৰ  সকলো অধিনায়ক আহিলেও, ইমৰানক দেখা নগ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক