--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ ফাইনেলত পূৰ্বৰ বিশ্ববিজয়ী অধিনায়কসকলক ব্লেজাৰ প্ৰদান কৰা হ’ব। কপিল দেৱ, মহেন্দ্ৰ সিং ধোনীৰ লগতে ৱেষ্ট ইণ্ডিজ, অষ্ট্ৰেলিয়া, শ্ৰীলংকা আৰু ইংলেণ্ডৰ বিশ্বকাপ বিজয়ী অধিনায়কসকলক প্ৰদান কৰা হ’ব এই ব্লেজাৰ। কিন্তু এজন বিশ্বকাপ বিজয়ী অধিনায়কে সেই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিব। কোন তেওঁ ? তেওঁ পাকিস্তান দলৰ প্ৰাক্তন অধিনায়ক  ইমৰান খান । 

তেওঁ বৰ্তমান দুৰ্নীতিৰ গোচৰত কাৰাগাৰত আছে। গতিকে বিশ্বকাপৰ ফাইনেলত সকলো অধিনায়ককে দেখা গৈছে যদিও  ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানৰ প্ৰাক্তন অধিনায়কগৰাকী উপস্থিত হ’ব পৰা নাই।  

দেওবাৰে দুয়োটা ইনিংছৰ মাজতে বিশ্বকাপ বিজয়ী অধিনায়কসকলক সন্মানিত কৰাৰ কথা আছে। তেওঁলোকক এটা বিশেষ ব্লেজাৰ দিয়াৰ কথা। ক্লাইভ লইড (১৯৭৫ আৰু ১৯৭৯), কপিল দেৱ (১৯৮৩), এলেন বৰ্ডাৰ (১৯৮৭), অৰ্জুন ৰাণাতুঙ্গা (১৯৯৬), ষ্টিভ ৱ’ (১৯৯৯), ৰিকি পন্টিং (২০০৩ আৰু ২০০৭), মহেন্দ্ৰ সিং ধোনী (২০১১), মাইকেল ক্লাৰ্ক (২০১৫) আৰু ইয়ন মৰ্গান (২০১৯) উপস্থিত আছে।

উল্লেখ্য খেল এৰি ইমৰানে ৰাজনীতিত যোগদান কৰিছিল। তেওঁ পাকিস্তানৰ প্ৰধানমন্ত্ৰীও হৈছিল। তেওঁৰ বিৰুদ্ধে নানান অভিযোগ উত্থাপিত হৈছিল। তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ বৰ্তমান কাৰাগাৰতে আছে। গতিকে দেওবাৰে আহমেদাবাদলৈ পূৰ্বৰ  বিশ্বকাপ জয়ী দলৰ  সকলো অধিনায়ক আহিলেও, ইমৰানক দেখা নগ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক