--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিখৰ ধাৱানে শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। দীৰ্ঘদিন ধৰি ভাৰতীয় দলৰ পৰা আঁতৰি আছিল শিখৰ ধাৱন। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি অনুৰাগীসকলক অৱসৰৰ বিষয়ে অৱগত কৰে তেওঁ।

ভাৰতীয় দলটোক বহু মেচত জয়ী কৰা শিখৰ ধাৱানৰ বিদায় মেচখন খেলাৰ সৌভাগ্য নাছিল। বহু ভাৰতীয় ক্ৰিকেটাৰৰ দৰে শিখৰ ধাৱানেও বিদায় মেচ খেলিবলৈ নাপালে। এনেদৰে বিদায় মেচখন নোপোৱা ভাৰতীয় খেলুৱৈ কোন কোন আছিল সেই কথা জানো আহক -


যুৱৰাজ সিং :

২০১১ চনৰ এদিনীয়া বিশ্বকাপ জয়ৰ নায়ক যুৱৰাজ সিঙে বিদায় মেচখন খেলাৰ সুযোগ নাপালে। ২৮ বছৰৰ পাছত ভাৰতে এদিনীয়া বিশ্বকাপ জয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কেৱল বেটেৰেই নহয় বলৰ সৈতেও তেওঁৰ আচৰিত প্ৰদৰ্শন আছিল। যুৱৰাজক প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপেও নিৰ্বাচিত কৰা হয়। ২০০৭ চনৰ টি-২০ বিশ্বকাপতো যুৱৰাজে বহু গুৰুত্বপূৰ্ণ ইনিংছ খেলিছিল।

বীৰেন্দ্ৰ সেহৱাগ :

বিস্ফোৰক অ’পেনিং বেটছমেন বীৰেন্দ্ৰ ছেহৱাগে ২০১৩ চনৰ মাৰ্চ মাহত নিজৰ কেৰিয়াৰৰ শেষৰখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। হায়দৰাবাদত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা এই টেষ্টত ছেহৱাগে ৬ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ পিছত ২০১৫ চনত তেওঁ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰে।

মহেন্দ্ৰ সিং ধোনী :

এদিনীয়া বিশ্বকাপ ২০১৯ৰ ছেমি ফাইনেলত ভাৰতীয় অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ ৰান আউট এতিয়াও ক্ৰিকেট অনুৰাগীৰ মনত সতেজ হৈ থাকিব। এইখন আছিল ধোনীৰ কেৰিয়াৰৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ। ইয়াৰ পিছত তেওঁ ভাৰতীয় দলত নাথাকিল। এনে পৰিস্থিতিত ২০২০ চনৰ ১৫ আগষ্টত ছচিয়েল মিডিয়া পোষ্টৰ জৰিয়তে অৱসৰৰ কথা ঘোষণা কৰে।

সুৰেশ ৰাইনা :

২০১৮ চনৰ ১৭ জুলাইত লৰ্ডছত ইংলেণ্ড দলৰ বিৰুদ্ধে সুৰেশ ৰাইনাই নিজৰ কেৰিয়াৰৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। এই মেচত তেওঁ ৪টা বলত ১ ৰান সংগ্ৰহ কৰে। এনে পৰিস্থিতিত ধোনিৰ লগতে সুৰেশ ৰাইনাও ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা বিদায় লৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ