--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৪ এপ্ৰিল, ২০২২। কাপুৰ পৰিয়ালৰ বোৱাৰী হৈ পৰে আলিয়া ভাট। বলীউডৰ অন্যতম সফল অভিনেত্ৰী আলিয়া। পাঁচ বছৰীয়া প্ৰেমৰ অন্তত আলিয়াই ৰণবীৰৰ ডিঙিত বৰমালা পিন্ধায়। দুই তাৰকাৰ এই নতুন পৃথিৱীখনৰ বয়স মাত্ৰ ২ মাহ।

ৰণবীৰ-আলিয়াৰ প্ৰেমৰ বিষয়ে বলীউডত কৌতুহলৰ শেষ নাই। দীৰ্ঘদিন ধৰি আলোচনাৰ কেন্দ্ৰবিন্দু হৈ আহিছে এই তাৰকা দম্পতী। পিছে, ৰণবীৰ-আলিয়াৰ প্ৰেমৰ এটা অন্যতম গোপন কথা হৈছে ‘৮’। এই ৮ সংখ্যাটো তেওঁলোকৰ সম্পৰ্কৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে। ৰণবীৰ-আলিয়াৰ প্ৰেমলৈ বাৰে বাৰে ঘূৰি আহিছে ‘৮’। এই সংখ্যাটোৰ সৈতে ৰণবীৰ-আলিয়াৰ কি সম্পৰ্ক আছে সেয়া জানিবলৈ পৰা হোৱা নাই যদিও একাধিক প্ৰসংগত এই সংখ্যাই স্থান পোৱা দেখা যায়।

ৰণবীৰৰ জাৰ্ছী নম্বৰ ৮- এই বিষয়ে সকলোৱে ইতিমধ্যে অৱগত। যিকোনো খেলতে ৮ নম্বৰ জাৰ্ছী পৰিধান কৰা দেখা গৈছিল ৰণবীৰক। বহুতে যিটো বিষয়ে নাজানে সেইটো হ’ল আলিয়াৰ বিয়াৰ ওৰণিৰ পৰা মংগলসূত্ৰলৈকে কেৱল মাত্ৰ ৮ সংখ্যাটো সিঁচৰতি হৈ আছিল। আলিয়া ভাটৰ মংগলসূত্ৰত ৮ সংখ্যাটো খোদিত আছিল। বিয়াৰ সাজৰ ওৰণিতো এই সংখ্যাটি দেখিবলৈ পোৱা গৈছিল।

সেই নম্বৰৰ গোপনীয়তা সম্পৰ্কে ৰণবীৰক সোধাত তেওঁ কৈছিল যে,  ৮ জুলাই তেওঁৰ মাতৃ নীতু কাপুৰৰ জন্মদিন। কিন্তু কেৱল সেয়াই নহয়, ইংৰাজী ৮ সংখ্যাটো তেওঁৰ অন্যতম প্ৰিয় নম্বৰ। এই সংখ্যাটোৰে ‘Infinity’ চিহ্নটোৰো সাদৃশ্য আছে আৰু সেইবাবেই ৰণবীৰে এই সংখ্যাটোৰে ঘনিষ্ঠতা অনুভৱ কৰে। দাম্পত্য জীৱনক চিৰন্তৰ ৰূপ দিবৰ বাবেই নেকি আলিয়াৰ মংগলসূত্ৰত খোদিত কৰা হৈছিল ৮ সংখ্যাটি? সেয়া আজিও সকলোৰে বাবে এক অপ্ৰকাশিত, অজানা সাঁথৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ