--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৪ এপ্ৰিল, ২০২২। কাপুৰ পৰিয়ালৰ বোৱাৰী হৈ পৰে আলিয়া ভাট। বলীউডৰ অন্যতম সফল অভিনেত্ৰী আলিয়া। পাঁচ বছৰীয়া প্ৰেমৰ অন্তত আলিয়াই ৰণবীৰৰ ডিঙিত বৰমালা পিন্ধায়। দুই তাৰকাৰ এই নতুন পৃথিৱীখনৰ বয়স মাত্ৰ ২ মাহ।

ৰণবীৰ-আলিয়াৰ প্ৰেমৰ বিষয়ে বলীউডত কৌতুহলৰ শেষ নাই। দীৰ্ঘদিন ধৰি আলোচনাৰ কেন্দ্ৰবিন্দু হৈ আহিছে এই তাৰকা দম্পতী। পিছে, ৰণবীৰ-আলিয়াৰ প্ৰেমৰ এটা অন্যতম গোপন কথা হৈছে ‘৮’। এই ৮ সংখ্যাটো তেওঁলোকৰ সম্পৰ্কৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে। ৰণবীৰ-আলিয়াৰ প্ৰেমলৈ বাৰে বাৰে ঘূৰি আহিছে ‘৮’। এই সংখ্যাটোৰ সৈতে ৰণবীৰ-আলিয়াৰ কি সম্পৰ্ক আছে সেয়া জানিবলৈ পৰা হোৱা নাই যদিও একাধিক প্ৰসংগত এই সংখ্যাই স্থান পোৱা দেখা যায়।

ৰণবীৰৰ জাৰ্ছী নম্বৰ ৮- এই বিষয়ে সকলোৱে ইতিমধ্যে অৱগত। যিকোনো খেলতে ৮ নম্বৰ জাৰ্ছী পৰিধান কৰা দেখা গৈছিল ৰণবীৰক। বহুতে যিটো বিষয়ে নাজানে সেইটো হ’ল আলিয়াৰ বিয়াৰ ওৰণিৰ পৰা মংগলসূত্ৰলৈকে কেৱল মাত্ৰ ৮ সংখ্যাটো সিঁচৰতি হৈ আছিল। আলিয়া ভাটৰ মংগলসূত্ৰত ৮ সংখ্যাটো খোদিত আছিল। বিয়াৰ সাজৰ ওৰণিতো এই সংখ্যাটি দেখিবলৈ পোৱা গৈছিল।

সেই নম্বৰৰ গোপনীয়তা সম্পৰ্কে ৰণবীৰক সোধাত তেওঁ কৈছিল যে,  ৮ জুলাই তেওঁৰ মাতৃ নীতু কাপুৰৰ জন্মদিন। কিন্তু কেৱল সেয়াই নহয়, ইংৰাজী ৮ সংখ্যাটো তেওঁৰ অন্যতম প্ৰিয় নম্বৰ। এই সংখ্যাটোৰে ‘Infinity’ চিহ্নটোৰো সাদৃশ্য আছে আৰু সেইবাবেই ৰণবীৰে এই সংখ্যাটোৰে ঘনিষ্ঠতা অনুভৱ কৰে। দাম্পত্য জীৱনক চিৰন্তৰ ৰূপ দিবৰ বাবেই নেকি আলিয়াৰ মংগলসূত্ৰত খোদিত কৰা হৈছিল ৮ সংখ্যাটি? সেয়া আজিও সকলোৰে বাবে এক অপ্ৰকাশিত, অজানা সাঁথৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু