--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডায়েবেটিছ হৈছে এক গুৰুতৰ ৰোগ যিয়ে শৰীৰৰ ভিতৰৰ পৰা লাহে লাহে ক্ষতি কৰে। ইয়াৰ বাবে হৃদযন্ত্ৰ, যকৃত, বৃক্ক আদি অংগত বিৰূপ প্ৰভাৱ পৰে। গতিকে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়। ডায়েবেটিছত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ বহু ধৰণৰ প্ৰেছক্ৰিপচন আৰু আয়ুৰ্বেদিক ঔষধৰ পৰামৰ্শ দিয়া হৈছে। এনে কিছুমান প্ৰতিকাৰৰ বিষয়ে অভিনেত্ৰী আলিয়া ভাটৰ ডায়েটিচিয়ান ডাঃ সিদ্ধান্ত ভাৰ্গৱে ছ’চিয়েল মিডিয়াত ভিডিঅ’ৰ জৰিয়তে শ্বেয়াৰ কৰিছে।

এই ৰোগৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে অস্বাস্থ্যকৰ জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাস। বংশগত বা অস্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে এই ৰোগ হ'ব পাৰে। বলীউডৰ অভিনেত্ৰী আলিয়া ভাটৰ ডায়েটিচিয়ান ডাঃ সিদ্ধান্ত ভাৰ্গৱে ছ’চিয়েল মিডিয়াত ভিডিঅ’ৰ জৰিয়তে সকলোকে এই চাৰিটা উপায় অনুসৰন কৰিবলৈ পৰামৰ্শ দিছে ৷

১)মিলেটছ খাওক-

খাদ্যত যিমান পাৰি সিমান মিলেটছ অন্তৰ্ভুক্ত কৰক ৷ যিমান পাৰি ঘেঁহু আৰু চাউল পৰিহাৰ কৰক ৷ ইয়াৰ ঠাইত আটা ময়দা আদিৰ দৰে খাদ্য অন্তৰ্ভুক্ত কৰিব পাৰে ৷ ইহঁতৰ গ্লাইচেমিক সূচকাংক যথেষ্ট কম ৷ যিয়ে ডায়েবেটিছ ৰোগীক শৰ্কৰাৰ স্পাইকৰ পৰা ৰক্ষা কৰে ৷


২)মিঠাই খাবলৈ মন গ’লে খাওক এই খাদ্য–

ডায়েবেটিছ ৰোগীৰ প্ৰায়ে মিঠাই খাবলৈ মন যায় ৷ যদি কেতিয়াবা এনেকুৱা লাগে তেন্তে খালী পেটত মিঠা খাদ্য নাখাব ৷ প্ৰাকৃতিক শৰ্কৰা থকা বস্তু খাবলৈ চেষ্টা কৰক ৷ ডাঃ সিদ্ধান্ত ভাৰ্গৱে মিঠাই খোৱাৰ পূৰ্বে কিছু আঁহযুক্ত খাদ্য খাবলৈ পৰামৰ্শ দিছে ৷


৩)খাদ্য খোৱাৰ পিছত ১৫ মিনিট খোজ কাঢ়িব –

ডায়েবেটিছ ৰোগীয়ে খাদ্য খোৱাৰ পিছত অতি কমেও ১৫ মিনিট খোজ কঢ়াটো প্ৰয়োজন ৷ বিশেষকৈ ৰাতিপুৱা,দুপৰীয়া আৰু নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত ১৫ মিনিট খোজ কঢ়াৰ অভ্যাস কৰক ৷ ইয়াৰ ফলত আপোনাৰডায়েবেটিছ নিয়ন্ত্ৰণত থাকিব ৷


৪)কেৱল কাৰ্বহাইড্ৰেট গ্ৰহণ কৰাৰ উপৰিও অন্য আহাৰ গ্ৰহণ কৰক -

খাদ্যত কেৱল কাৰ্বহাইড্ৰেটে নহয় ইয়াৰ সৈতে অন্য খাদ্যও অন্তৰ্ভুক্ত কৰক ৷ যেনে চিৰা, ৰুটি, ভাতৰ লগতে কিছু প্ৰ’টিনৰ উৎস যেনে  দৈ, পনিৰ, কুকুৰা মাংস বা কণী আদি খোৱাটো নিশ্চিত কৰক ৷ ইয়াৰ উপৰিও খাদ্যত বাদামৰ দৰে কিছুমান চৰ্বিৰ উৎসও অন্তৰ্ভুক্ত কৰক ৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
মই সেই মুহূৰ্ততে এতিয়াও আবদ্ধ হৈ আছোঁ; আহমেদাবাদ বিমান দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত ব্যক্তি বিশ্বাস কুমাৰ ৰমেশে যুঁজি আছে গুৰুতৰ ৰোগৰ সৈতে
জুবিন গাৰ্গৰ ন্যায় বিচাৰি দুখত ভাগি পৰিছে এগৰাকী আইতা
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী