--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডায়েবেটিছ হৈছে এক গুৰুতৰ ৰোগ যিয়ে শৰীৰৰ ভিতৰৰ পৰা লাহে লাহে ক্ষতি কৰে। ইয়াৰ বাবে হৃদযন্ত্ৰ, যকৃত, বৃক্ক আদি অংগত বিৰূপ প্ৰভাৱ পৰে। গতিকে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়। ডায়েবেটিছত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ বহু ধৰণৰ প্ৰেছক্ৰিপচন আৰু আয়ুৰ্বেদিক ঔষধৰ পৰামৰ্শ দিয়া হৈছে। এনে কিছুমান প্ৰতিকাৰৰ বিষয়ে অভিনেত্ৰী আলিয়া ভাটৰ ডায়েটিচিয়ান ডাঃ সিদ্ধান্ত ভাৰ্গৱে ছ’চিয়েল মিডিয়াত ভিডিঅ’ৰ জৰিয়তে শ্বেয়াৰ কৰিছে।

এই ৰোগৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে অস্বাস্থ্যকৰ জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাস। বংশগত বা অস্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে এই ৰোগ হ'ব পাৰে। বলীউডৰ অভিনেত্ৰী আলিয়া ভাটৰ ডায়েটিচিয়ান ডাঃ সিদ্ধান্ত ভাৰ্গৱে ছ’চিয়েল মিডিয়াত ভিডিঅ’ৰ জৰিয়তে সকলোকে এই চাৰিটা উপায় অনুসৰন কৰিবলৈ পৰামৰ্শ দিছে ৷

১)মিলেটছ খাওক-

খাদ্যত যিমান পাৰি সিমান মিলেটছ অন্তৰ্ভুক্ত কৰক ৷ যিমান পাৰি ঘেঁহু আৰু চাউল পৰিহাৰ কৰক ৷ ইয়াৰ ঠাইত আটা ময়দা আদিৰ দৰে খাদ্য অন্তৰ্ভুক্ত কৰিব পাৰে ৷ ইহঁতৰ গ্লাইচেমিক সূচকাংক যথেষ্ট কম ৷ যিয়ে ডায়েবেটিছ ৰোগীক শৰ্কৰাৰ স্পাইকৰ পৰা ৰক্ষা কৰে ৷


২)মিঠাই খাবলৈ মন গ’লে খাওক এই খাদ্য–

ডায়েবেটিছ ৰোগীৰ প্ৰায়ে মিঠাই খাবলৈ মন যায় ৷ যদি কেতিয়াবা এনেকুৱা লাগে তেন্তে খালী পেটত মিঠা খাদ্য নাখাব ৷ প্ৰাকৃতিক শৰ্কৰা থকা বস্তু খাবলৈ চেষ্টা কৰক ৷ ডাঃ সিদ্ধান্ত ভাৰ্গৱে মিঠাই খোৱাৰ পূৰ্বে কিছু আঁহযুক্ত খাদ্য খাবলৈ পৰামৰ্শ দিছে ৷


৩)খাদ্য খোৱাৰ পিছত ১৫ মিনিট খোজ কাঢ়িব –

ডায়েবেটিছ ৰোগীয়ে খাদ্য খোৱাৰ পিছত অতি কমেও ১৫ মিনিট খোজ কঢ়াটো প্ৰয়োজন ৷ বিশেষকৈ ৰাতিপুৱা,দুপৰীয়া আৰু নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত ১৫ মিনিট খোজ কঢ়াৰ অভ্যাস কৰক ৷ ইয়াৰ ফলত আপোনাৰডায়েবেটিছ নিয়ন্ত্ৰণত থাকিব ৷


৪)কেৱল কাৰ্বহাইড্ৰেট গ্ৰহণ কৰাৰ উপৰিও অন্য আহাৰ গ্ৰহণ কৰক -

খাদ্যত কেৱল কাৰ্বহাইড্ৰেটে নহয় ইয়াৰ সৈতে অন্য খাদ্যও অন্তৰ্ভুক্ত কৰক ৷ যেনে চিৰা, ৰুটি, ভাতৰ লগতে কিছু প্ৰ’টিনৰ উৎস যেনে  দৈ, পনিৰ, কুকুৰা মাংস বা কণী আদি খোৱাটো নিশ্চিত কৰক ৷ ইয়াৰ উপৰিও খাদ্যত বাদামৰ দৰে কিছুমান চৰ্বিৰ উৎসও অন্তৰ্ভুক্ত কৰক ৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ