--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃক্ক হ'ল মানুহ আৰু আন সকলো মেৰুদণ্ডী প্ৰাণীৰ প্ৰধান অংগ। ই মূত্ৰ উৎপাদন আৰু বহিষ্কাৰ কৰে আৰু লগতে শৰীৰৰ পানী বা ইলেকট্ৰোলাইট (চদিয়াম, পটাচিয়াম, ইত্যাদি)ৰ ভাৰসাম্য বজায় ৰাখে। ‌বৃক্কৰ উপদেহীয় অংশই অন্তঃস্ৰাৱী গ্ৰন্থি হিচাপে কাম কৰে। অংগটি পেৰিট'নিয়ামৰ পাছফালে অৱস্থিত। লিভাৰৰ অৱস্থানৰ বাবে সোঁ বৃক্ক বাঁও বৃক্কতকৈ সামান্য তলত অৱস্থিত।

বৃক্ক শৰীৰৰ অতি গুৰুত্বপূৰ্ণ অংশ। সেয়ে বৃক্ক সুস্থ কৰি ৰখাটো অতি প্ৰয়োজনীয়। কিন্তু কিছুমান কথাই বৃক্ক দুৰ্বল কৰি তোলে। যাৰ বাবে বহুতো ৰোগে আপোনাক আক্ৰান্ত কৰিব পাৰে। এনে পৰিস্থিতিত আপুনি আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব লাগে। হয়, কিছুমান খাদ্য আছে যিয়ে আপোনাৰ বৃক্কৰ অসুখ বঢ়াই তোলে। 

মনত ৰাখিবলগীয়া কথা

১) চোডাত থকা ফছফৰাছে আপোনাৰ বৃক্কক ক্ষতিগ্ৰস্ত কৰি দুৰ্বল কৰি তোলে। কিছুমান মানুহে দৈনিক চোডা সেৱন কৰে, কিন্তু তেনে কৰিলে আপোনাৰ বৃক্কৰ ক্ষতি হ’ব পাৰে।

২) যদি আপোনাৰ বৃক্কৰ সমস্যা আছে তেন্তে আপুনি এভোকেডো খাব নালাগে। কাৰণ ইয়াত অতি বেছি পৰিমাণৰ পটাছিয়াম থাকে যিয়ে বৃক্কৰ ক্ষতি কৰে।

৩) বেছিভাগ মানুহেই ভজা খাদ্য খাবলৈ ভাল পায়, কিন্তু আপুনি জানেনে যে ভজা বস্তু খালে আপোনাৰ স্বাস্থ্য নষ্ট হ’ব পাৰে। এনে পৰিস্থিতিত যদি আপুনিও দৈনিক ভজা বস্তু সেৱন কৰে, তেন্তে আজিয়েই এই অভ্যাস ত্যাগ কৰক।

৪) মানুহে পিজ্জা বহুত খাই ভাল পায়।কিন্তু আপুনি জানেনে যে পিজ্জা খোৱাটোৱে আপোনাৰ স্বাস্থ্যৰ ওপৰত ক্ষতি কৰিব পাৰে। হয়, পিজ্জা খালে আপোনাৰ বৃক্কৰ ক্ষতি হ’ব পাৰে।

৫) মদ্যপান কৰিলে আপোনাৰ বৃক্কৰ ক্ষতি হয়, গতিকে ইয়াক সেৱন নকৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ