--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আফগানভূমিত মাৰ যোৱা নাই উত্তেজনাৰ। তালিবানীসকলে শাসনৰ বাঘজৰী হাতত লোৱাৰ পাছৰে পৰা সংঘটিত হৈ আছে এটাৰ পাছত এটা উদ্বেগজনক ঘটনা। উল্লেখ্য যে, আফগানিস্তানত তালিবানীৰাজৰ চৰ্চা বিশ্বজুৰি অব্যাহত থকাৰ সময়তে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। ক্ৰমাত পাকিস্তানৰে মৈ-মতালি বৃদ্ধি পাইছে তালিবানৰ। বিগত সময়ছোৱাত আফগানিস্তানৰ বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰি পাক বিমানে আফগানভূমিৰ পৰা পলায়ন কৰা বুলি হনুবাৰ্তা ওলোৱাৰ পাছৰে পৰা অধিক সচেতন হৈ পৰিছে তালিবান। পাকিস্তানৰ বিৰুদ্ধে গ্ৰহণ কৰিছে কেতবোৰ কঠোৰ নীতি।

শেহতীয়াকৈ পাকিস্তানৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ পৰা পাকিস্তানী পতাকা নমাই আনি ফালি পেলোৱা এক ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। পাক-আফগান কো-অপাৰেশ্যন ফ'ৰামৰ উদ্যোগত পাকিস্তানৰ পৰা বিভিন্ন সামগ্ৰীভৰ্তি ১৭ খন ট্ৰাক আফগানিস্তান অভিমুখে ৰাওনা হৈছিল। পাক-আফগান সীমান্তৰ টুৰ্খামত কিছুসংখ্যক তালিবানীয়ে ট্ৰাকবোৰ ৰখাই পাকিস্তানী পতাকা নমাই আনি 'আল্লাহু আকবৰ' ধ্বনি দি ফালি পেলায়। পাক-আফগান য়ুথ ফ'ৰামে জনোৱামতে চাউল, আটা, চেনী, ৰন্ধন তেল আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীভৰ্তি ১৭ খন ট্ৰাক পাকিস্তানৰ পৰা আফগানিস্তানলৈ ৰাওনা হৈছিল। আনকি তালিবানীসকলে পাকিস্তানৰ পতাকা জ্বলাই দিবও লাগে বুলি ৰাজনৈতিক গৱেষক আব্দুল ছায়েদৰ এক টুইটাৰত প্ৰকাশ পাইছে। তালিবানৰ এই দপদপনিৰ বিপৰীতে পাকিস্তানে ঘটনাটো সন্দৰ্ভত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ