--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰযুক্তিবিদ্যাৰ উত্থানে একবিংশ শতিকাত পৃথিৱীত বহুতো দুৰ্লভ বস্তু এতিয়া সহজলভ্য কৰি পেলাইছে। শেহতীয়াকৈ তেনে এক ঘটনাই চৰ্চা লাভ কৰা দেখা গৈছে। বিজ্ঞানৰ চমকৰ ভমকত কোন দিশে মানবকুল! আধুনিকতাৰ কবলত সম্প্ৰতি মানৱ প্ৰজননো হৈ পৰিছে বিজ্ঞানৰ অধীন। এতিয়াৰে পৰা সন্তানলাভৰ বাবে অপেক্ষা কৰিব নালাগে মাহেন্দ্ৰক্ষণৰ। অনলাইনতে সুলভ হৈ পৰিছে শুক্ৰাণু! আচৰিত যেন লাগিলেও এয়াই বাস্তৱ। মাতৃত্বৰ গৌৰৱেৰে গৌৰৱান্বিত হ’ব বিচৰা এগৰাকী যুৱতীৰ আচৰ্যকৰ কাণ্ডত হতচকিত সৰ্বসাধাৰণ। সন্তান লাভৰ বাবে কোনো সম্পৰ্কত জৰিত হ'ব বিচৰা নাই এগৰাকী যুৱতীয়ে। আনকি যুৱতীগৰাকীৰ সমীপত গৰ্ভধাৰণ কেন্দ্ৰত সন্তান জন্ম দিয়াৰ পথ মুকলি থকাৰ পাছতো আনে যোৱা বাটে নগৈ গ্ৰহণ কৰিলে বিকল্প পথ। কিন্তু কিয়?

উল্লেখ্য যে, অনলাইনযোগে শুক্ৰাণু অৰ্ডাৰ কৰাৰ পাছত যুৱতীগৰাকীয়ে ‘ই-বে’ নামৰ এটা এপৰ পৰা প্ৰজনন প্ৰক্ৰিয়াৰ অত্যাৱশ্যকীয় সামগ্ৰীসমূহ ক্ৰয় কৰে। পৰৱৰ্তী সময়ত ইউটিউবৰ জৰিয়তে তেওঁ শুক্ৰাণু গৰ্ভত প্ৰৱেশ কৰাৰ পদ্ধতি শিকি লয়। যুৱতীগৰাকীৰ যুক্তি, ‘সকলো কাম যদি অনলাইন মাধ্যমত হ’ব পাৰে তেন্তে সন্তান প্ৰজননত বাধা কিয়?’ ৩৩বছৰীয়া ব্ৰিটিছ যুৱতী ষ্টিফেনি টেইলৰে অত্যাধুনিক পদ্ধতিৰে সন্তান প্ৰজনন কৰাৰ পৰা আঁতৰি অহা নাছিল। ৯মাহৰ পাছত, তেওঁ স্বাস্থ্যৱান কন্যাসন্তান এটি জন্ম দিয়ে। ষ্টিফেনিয়ে ছোৱালীজনীৰ নাম ৰাখিছে ইডেন। অৱশ্যে, ঘটনাটো পোহৰলৈ অহাৰ পাছত সামাজিক মাধ্যমত একাংশই ইডেনক ‘ই-বেবী’ নামেৰে নামকৰণ কৰিছে।

সন্তান লাভৰ বাবে গৰ্ভধাৰণ কেন্দ্ৰলৈ নগৈ এই পথ বাচি লোৱাৰ কাৰণ কি বুলি জানিবলৈ বিচৰাত ষ্টিফেনিয়ে আচৰ্যকৰ মন্তব্য কৰিছে। তেওঁ কয়, ‘প্ৰাথমিক পৰ্যায়ত কেইবাটাও গৰ্ভধাৰণ কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিছিলো। কিন্তু তেওঁলোকৰ তাত সন্তান ধাৰণৰ খৰচ ইমানেই বেছি যে বিকল্প পন্থা হাতত ল’বলৈ বাধ্য হওঁ।’ উল্লেখ্য যে, ষ্টিফেনিৰ এটা ৫বছৰীয়া পুত্ৰসন্তানো আছে। তেওঁ আন এটা সন্তান জন্ম দিব বিচাৰিছিল। ষ্টিফেনিয়ে এজন বন্ধুক বিষয়টো সম্প্ৰৰ্কে জনোৱাৰ পাছত তেওঁ এটা অনলাইন এপ’ৰ বিষয়ে অৱগত কৰে। যিটো এপ’ৰ জৰিয়তে শুক্ৰাণু ক্ৰয় কৰিব পাৰি। এপ’টোত শুক্ৰাণুক দিব বিচৰা ব্যক্তিজনৰ পৰা স্বাস্থ্যসম্পৰ্কীয় সকলো বিধি তথা দিহা পৰামৰ্শ প্ৰদান কৰা বুলি ষ্টিফেনিৰয়ে সদৰী কৰিছে। মন বিচৰা মতে, শুক্ৰাণুদাতাৰ সন্ধান পোৱাৰ পাছত আনন্দিত ষ্টেফেনি। সন্তান লাভ কৰাৰ পাছত ষ্টিফেনিয়ে কয়, ‘প্ৰথমতে পৰিয়ালৰ কিছুমান সদস্যই ইয়াক অস্বীকাৰ কৰিছিল, কিন্তু ইডেনৰ জন্মৰ পাছত তেওঁলোকো সুখী হৈছিল। নিজ প্ৰচেষ্টাৰে এটা সন্তান জন্ম দিয়াৰ বাবে গৌৰৱান্বিত।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু