--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰযুক্তিবিদ্যাৰ উত্থানে একবিংশ শতিকাত পৃথিৱীত বহুতো দুৰ্লভ বস্তু এতিয়া সহজলভ্য কৰি পেলাইছে। শেহতীয়াকৈ তেনে এক ঘটনাই চৰ্চা লাভ কৰা দেখা গৈছে। বিজ্ঞানৰ চমকৰ ভমকত কোন দিশে মানবকুল! আধুনিকতাৰ কবলত সম্প্ৰতি মানৱ প্ৰজননো হৈ পৰিছে বিজ্ঞানৰ অধীন। এতিয়াৰে পৰা সন্তানলাভৰ বাবে অপেক্ষা কৰিব নালাগে মাহেন্দ্ৰক্ষণৰ। অনলাইনতে সুলভ হৈ পৰিছে শুক্ৰাণু! আচৰিত যেন লাগিলেও এয়াই বাস্তৱ। মাতৃত্বৰ গৌৰৱেৰে গৌৰৱান্বিত হ’ব বিচৰা এগৰাকী যুৱতীৰ আচৰ্যকৰ কাণ্ডত হতচকিত সৰ্বসাধাৰণ। সন্তান লাভৰ বাবে কোনো সম্পৰ্কত জৰিত হ'ব বিচৰা নাই এগৰাকী যুৱতীয়ে। আনকি যুৱতীগৰাকীৰ সমীপত গৰ্ভধাৰণ কেন্দ্ৰত সন্তান জন্ম দিয়াৰ পথ মুকলি থকাৰ পাছতো আনে যোৱা বাটে নগৈ গ্ৰহণ কৰিলে বিকল্প পথ। কিন্তু কিয়?

উল্লেখ্য যে, অনলাইনযোগে শুক্ৰাণু অৰ্ডাৰ কৰাৰ পাছত যুৱতীগৰাকীয়ে ‘ই-বে’ নামৰ এটা এপৰ পৰা প্ৰজনন প্ৰক্ৰিয়াৰ অত্যাৱশ্যকীয় সামগ্ৰীসমূহ ক্ৰয় কৰে। পৰৱৰ্তী সময়ত ইউটিউবৰ জৰিয়তে তেওঁ শুক্ৰাণু গৰ্ভত প্ৰৱেশ কৰাৰ পদ্ধতি শিকি লয়। যুৱতীগৰাকীৰ যুক্তি, ‘সকলো কাম যদি অনলাইন মাধ্যমত হ’ব পাৰে তেন্তে সন্তান প্ৰজননত বাধা কিয়?’ ৩৩বছৰীয়া ব্ৰিটিছ যুৱতী ষ্টিফেনি টেইলৰে অত্যাধুনিক পদ্ধতিৰে সন্তান প্ৰজনন কৰাৰ পৰা আঁতৰি অহা নাছিল। ৯মাহৰ পাছত, তেওঁ স্বাস্থ্যৱান কন্যাসন্তান এটি জন্ম দিয়ে। ষ্টিফেনিয়ে ছোৱালীজনীৰ নাম ৰাখিছে ইডেন। অৱশ্যে, ঘটনাটো পোহৰলৈ অহাৰ পাছত সামাজিক মাধ্যমত একাংশই ইডেনক ‘ই-বেবী’ নামেৰে নামকৰণ কৰিছে।

সন্তান লাভৰ বাবে গৰ্ভধাৰণ কেন্দ্ৰলৈ নগৈ এই পথ বাচি লোৱাৰ কাৰণ কি বুলি জানিবলৈ বিচৰাত ষ্টিফেনিয়ে আচৰ্যকৰ মন্তব্য কৰিছে। তেওঁ কয়, ‘প্ৰাথমিক পৰ্যায়ত কেইবাটাও গৰ্ভধাৰণ কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিছিলো। কিন্তু তেওঁলোকৰ তাত সন্তান ধাৰণৰ খৰচ ইমানেই বেছি যে বিকল্প পন্থা হাতত ল’বলৈ বাধ্য হওঁ।’ উল্লেখ্য যে, ষ্টিফেনিৰ এটা ৫বছৰীয়া পুত্ৰসন্তানো আছে। তেওঁ আন এটা সন্তান জন্ম দিব বিচাৰিছিল। ষ্টিফেনিয়ে এজন বন্ধুক বিষয়টো সম্প্ৰৰ্কে জনোৱাৰ পাছত তেওঁ এটা অনলাইন এপ’ৰ বিষয়ে অৱগত কৰে। যিটো এপ’ৰ জৰিয়তে শুক্ৰাণু ক্ৰয় কৰিব পাৰি। এপ’টোত শুক্ৰাণুক দিব বিচৰা ব্যক্তিজনৰ পৰা স্বাস্থ্যসম্পৰ্কীয় সকলো বিধি তথা দিহা পৰামৰ্শ প্ৰদান কৰা বুলি ষ্টিফেনিৰয়ে সদৰী কৰিছে। মন বিচৰা মতে, শুক্ৰাণুদাতাৰ সন্ধান পোৱাৰ পাছত আনন্দিত ষ্টেফেনি। সন্তান লাভ কৰাৰ পাছত ষ্টিফেনিয়ে কয়, ‘প্ৰথমতে পৰিয়ালৰ কিছুমান সদস্যই ইয়াক অস্বীকাৰ কৰিছিল, কিন্তু ইডেনৰ জন্মৰ পাছত তেওঁলোকো সুখী হৈছিল। নিজ প্ৰচেষ্টাৰে এটা সন্তান জন্ম দিয়াৰ বাবে গৌৰৱান্বিত।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ