--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আলফা(স্বাঃ) চৰকাৰৰ আলোচনাক লৈ যি উৎসাহ জনসাধাৰণৰ মাজত পৰিগণিত হৈছিল, সেয়া লাহে লাহে স্তিমিত হৈ পৰিছে। বিশেষকৈ আলফা(স্বাঃ)ই গ্রহণ কৰা কেতবোৰ সিদ্ধান্ত আৰু স্থিতিয়ে আলোচনাৰ বাটত হেঙাৰ হিচাপে থিয় দিছে। উল্লেখযোগ্য যে শেহতীয়াকৈ আলফা(স্বাঃ)ই অইল ইণ্ডিয়া আৰু অ’এনজিচিত কূটাঘাত সংঘটিত কৰিবলৈ লোৱাৰ বিষয়ে আৰক্ষীয়ে ঘোষণা কৰিছে। লগতে নিষিদ্ধ ঘোষিত সংগঠনটোৱে অইল-অএনজিচিৰ শীৰ্ষ বিষয়াক অপহৰণ কৰিব বুলি সতৰ্কবাণী শুনোৱাৰ পাছতে পৰিস্থিতি উত্তেজনাময় হৈ উঠিছে। শেহতীয়াকৈ আৰু এক আশ্চৰ্যজনক কথা হ'ল যে আলফা(স্বাঃ)লৈ দুই শতাধিক যুৱক-যুৱতী গৈছে। কেনি গৈছে, কাৰ লগত গৈছে, সেই তথ্য এতিয়াও অজ্ঞাত। আনকি আৰক্ষীয়েও আলফা(স্বাঃ)লৈ যোৱাৰ পূৰ্বে এইসকল যুৱক-যুৱতীক চিনাক্ত কৰাত বিফল হৈছে। আলফা(স্বা:)ৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা কঠোৰ স্থিতিয়ে আলোচনাৰ বাটত কিমানদূৰ সহায় কৰিব বা নকৰিব, সেয়া আগধৰি কোৱা টান।

উজনি-নামনিয়ে নহয়, গুৱাহাটী মহানগৰীৰ পৰাও কেইবাগৰাকীও যুৱক-যুৱতী নিষিদ্ধ ঘোষিত সংগঠনটোত যোগ দিছে। উজনিৰ সৰুপথাৰ এইক্ষেত্রত হটস্পট হৈ পৰা বুলি জানিব পৰা গৈছে। সৰুপথাৰৰ পৰা নাগালেণ্ড হৈ অসমৰ যুৱক-যুৱতীসকল আলফা(স্বাঃ)ত চামিল হৈছে বুলি প্রকাশ। যি কি নহওক আলফা(স্বাঃ)ৰ প্রতি শেহতীয়াকৈ একাংশ যুৱক-যুৱতীৰ এই আগ্ৰহৰ কাৰণ কি? সেয়া আন এক গৱেষণাৰ বিষয়। অসম চৰকাৰে নিজাকৈ নতুবা ভাৰতবৰ্ষৰ প্রথমশাৰীৰ কোনো বিশ্ববিদ্যালয়ৰ জৰিয়তে এই বিষয়টো গৱেষণা কৰাৰ প্রয়োজনীয়তা আছে। সমাজৰ কোনসকল যুবক-যুৱতী তথা সমাজৰ কোনটো স্তৰৰ পৰিয়ালৰ পৰা আলফা(স্বাঃ)লৈ সোঁত বৈছে, সেয়া গৱেষণাৰ বিষয় হ'ব পাৰে।

 প্ৰসংগক্ৰমে উল্লেখযোগ্য যে পৰেশ বৰুৱাই এতিয়ালৈকে আলোচনাক লৈ বিশেষ মন্তব্য কৰা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কতো পৰেশ বৰুৱাই এইপৰ্যন্ত কোনোধৰণৰ বিৰূপ মন্তব্য কৰা পৰিলক্ষিত হোৱা নাই। মুখ্যমন্ত্ৰী শৰ্মায়ো বিষয়টো গুৰুত্বসহকাৰে গ্রহণ কৰি পৰেশ বৰুৱাৰ সৈতে আলোচনাৰ এটা পৰিৱেশ ৰচনা কৰিবৰ বাবে প্রস্তুতি চলাইছে। আইন-শৃংখলা ৰক্ষা কৰাৰ দায়িত্ব এখন চৰকাৰৰ! কোনো নাগৰিকক মৃত্যুমুখলৈ কোনো চৰকাৰে ঠেলি দিব নোৱাৰে। তদুপৰি নিষিদ্ধ ঘোষিত সংগঠনত যোগ দিবলৈ যোৱা যুৱক-যুৱতীৰ ক্ষেত্ৰত চৰকাৰ কঠোৰ হবই লাগিব। অসম আৰক্ষীয়ে আলফা(স্বাঃ)ৰ হৈ সামাজিক মাধ্যমত প্রচাৰত ব্যস্ত কেইবাটাও ফেচবুক পেজ ব্লক কৰিছে আৰু কেইবাটাও এনেকুৱা পেজ চৰকাৰে নিৰীক্ষণ কৰি আছে।

 আলফা(স্বাঃ)ৰ প্রতি সহানুভূতিশীল আৰু ভাৰতৰ সৰ্বভৌমত্বৰ প্ৰতি ভাবুকি আনিব পৰা যিকোনো চিন্তা তথা ৰচনাৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে৷ শেহতীয়াকৈ তিতাবৰৰ এগৰাকী যুৱতীয়ে উগ্ৰ জাতীয়তাবাদী চিন্তাৰে সামাজিক মাধ্যমত কবিতা লিখাৰ অপৰাধত আৰক্ষীয়ে আটক কৰিছে। বৰ্ষাশ্ৰী বুঢ়াগোহাঁই নামৰ যুৱতীগৰাকীক আটক কৰি আৰক্ষীয়ে আলফা(স্বাঃ)ৰ প্রতি সহমৰ্মিতা প্রকাশ কৰা আনসকলকো সতৰ্কবাণী শুনাইছে।

 অসম চৰকাৰৰ বৰ্ষপূৰ্তি অনুষ্ঠান উপস্থিত থাকি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছিল যে কেন্দ্ৰই শীঘ়ে অসমৰ যিকেইখন জিলাত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন বৰ্তি আছে, তাৰ পৰাও প্রত্যাহাৰ কৰাৰ কথা চিন্তা কৰিছে। ইতিমধ্যে অসমৰ কেইবাখনো জিলাৰ পৰা এই আইনখন প্রত্যাহাৰ কৰা হৈছে। ৰাজ্যত এক সুস্থ পৰিৱেশ সৃষ্টি হোৱাৰ বাবে পৰ্যায়ক্ৰমে সশন্ত বাহিনী বিশেষ ক্ষমতা আইন প্রত্যাহাৰ কৰিবলৈ লোৱা হৈছে বুলি কেন্দ্ৰীয় গৃহমন্ৰীয়ে ঘোষণা কৰাৰ পাছতে পৰিস্থিতি জটিল হৈ পৰিছে।

একপ্রকাৰ পৰেশ বৰুৱা আৰু আলফা(স্বাঃ)ৰ প্রতি আনুগত্য প্রকাশ কৰা যুৱক-যুৱতীৰ সংখ্যা বৃদ্ধি পোৱাটোৱে কেন্দ্ৰীয় গৃহ দপ্তৰকো চিন্তিত কৰি তুলিছে। গোটেই বিষয়টো কেন্দ্রীয় গৃহ দপ্তৰৰ লগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অধ্যয়ন কৰি থকা বুলি জানিব পৰা গেছে। আলফা(স্বাঃ)ৰ সৈতে আলোচনা অনুষ্ঠিত কৰা আৰু পৰেশ বৰুৱাক মুকলি আকাশৰ তললৈ ঘূৰাই অনাৰ প্রতিশ্ৰুতি দিয়া হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু প্রধানমন্ত্ৰীক৷ সেই মৰ্মে এবছৰ কোনোমতে আগবাঢ়িল যদিও হঠাতে পৰিস্থিতিৰ অৱনতি ঘটিবলৈ আগবাঢ়িছে। মুখ্যমন্ত্ৰী শৰ্মাই এইক্ষেত্ৰত কেনে সিদ্ধান্ত গ্ৰহণ কৰিব,

তাৰ ওপৰতে সকলোখিনি নিৰ্ভৰ কৰিছে। মুখ্যমন্ত্ৰীৰ সতীৰ্থ সঞ্জয় কিষাণে পৰেশ বৰুৱাক মিছলীয়া বুলি কৈ পৰৱৰ্তী সময়ত পৰেশ বৰুৱাৰ ওচৰত ক্ষমা খোজাটোৱে অন্য এক ইংগিত বহন কৰিছে। এই সকলো তথ্য কেন্দ্ৰীয় চৰকাৰে নিৰীক্ষণ আৰু পৰ্যবেক্ষণ কৰি নথকা নহয়। আগন্তক সময়ত অসমৰ এই জটিল বিষয়টোৰ এটা সৰল সমাধান সকলোৱে বিচাৰিছে।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই