ডিজিটেল ডেস্ক : ইয়াৰ পাছত কি? কাইলৈ কি হ'ব? এই দুটা প্ৰশ্নৰ কোনো উত্তৰ কাৰো হাতত নাই। সৰ্বসাধাৰণ নাগৰিকৰ মাজত দেশৰ অৰ্থনৈতিক ভৱিষ্যতক লৈ আশংকা যিমানে বাঢ়িছে, সিমানে চৰকাৰে বিষয়টোৰ ক্ষেত্ৰত মৌনতা অৱলম্বন কৰিছে। চৰকাৰে ক’ভিড প্ৰতিষেধক বিনামূলীয়াকৈ দিয়াৰ প্ৰচাৰ চলাইছিল। এই প্ৰচাৰ এনেকুৱাকৈ চলোৱা হৈছিল যে জনসাধাৰণৰ পৰা বলপূৰ্বকভাৱে ধন্যবাদ আদায় কৰি লৈছিল। পৰৱৰ্তী সময়ত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোহৰলৈ আহিল যে পেট্ৰ’ল-ডিজেলৰ ওপৰত চৰকাৰে অতিৰিক্ত কৰ আৰোপ কৰি আয় কৰা ধনেৰে ক’ভিড প্ৰতিষেধক বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিছিল।
ক’ভিডৰ তৃতীয় প্ৰতিষেধক তথা বুষ্টাৰ ড’জ ধনৰ বিনিময়ত গ্ৰহণ কৰিব লাগিব। ইপিনে ভাৰতৰ জিডিপিক লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে। ডলাৰৰ বিপৰীতে দৈনিক ভাৰতীয় টকাৰ অৱনমন আৰম্ভ হৈছে। দৈনিক টকাৰ অৱনমনে অ্ন্য এক ইংগিতো দিছে। অৰ্থনৈতিক বিশেষজ্ঞসকলে টকাৰ অৱনমৰ ধাৰা বিশ্লেষণ কৰি আশংকা কৰিছে যে এই গতিত টকাৰ পতন ঘটি থাকিলে, দেশৰ অৰ্থনীতিত ইয়াৰ বিৰূপ প্ৰভাৱ পৰাটো নিশ্চিত। অৰ্থনৈতিক বিশেষজ্ঞসকলে শ্বেয়াৰ বজাৰত আৰম্ভ হোৱা পতনে আন এক ভয়ানক ভৱিষ্যতৰ পিনে দেশক লৈ যোৱা বুলি মুকলিকৈয়ে ক’বলৈ লৈছে।
বিশ্ব বেংকে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ অৰ্থনীতিক লৈ কৰা ভৱিষ্যবাণীয়ে ভাৰতৰ সচেতন মহলক চিন্তিত কৰিছে। বিশ্ব বেংকে দিয়া সতৰ্কবাণীত কৈছে যে অহা ১২ মাহৰ ভিতৰত উন্নয়নশীল
ৰাষ্ট্ৰসমূহে
নিজৰ অর্থনৈতিক ভেটি ধৰি ৰাখিব নোৱাৰিলে ৯০ শতাংশ দেশ দুৰ্ভিক্ষ আৰু অর্থনৈতিক বিপৰ্যয়ৰ
কবলত পৰিব। বিশ্ব বেংকৰ এই সকীয়নিৰ পাছতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ অৰ্থনৈতিক বিশেষজ্ঞসকলে
কৰা ঘোষণাই ভাৰতকো উদ্বিগ্ন কৰি তুলিছে। বাংলাদেশৰ বিদেশী মুদ্ৰা ভাণ্ডাৰ পাঁচমাহৰ
ভিতৰত শেষ হ’ব। অৰ্থাৎ পাঁচ মাহৰ ভিতৰত বাংলাদেশৰ অৰ্থনীতি বিপৰ্যয়ৰ মাজলৈ গতি কৰাটো
প্ৰায় নিশ্চিত। চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাৰ আজিৰ যি পৰিস্থিতি, এই বিষয়ে কোনো ধৰণৰ
আগতীয়া প্ৰচাৰ নাছিল। কেৱল শ্ৰীলংকাত খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ঘটা বুলিহে প্ৰচাৰ
চলিছিল। কিন্তু দেশখনৰ আভ্যন্তৰীণ অৰ্থনীতিৰ বিপৰ্যয়ৰ কথোবোৰ লুকুৱাই ৰাখিবলৈ সক্ষম
হৈছিল তদানীন্তন চৰকাৰ তথা প্ৰধানমন্ত্ৰীগৰাকী। উল্লেখযোগ্য যে বিশ্ব বেংককে ধৰি পৃথিৱীৰ
কেইবগৰাকীও অৰ্থনীতিবিদে শ্ৰীলংকাৰ আজিৰ যি শোচনীয় পৰিস্থিতি, এই বিষয়ে দুবছৰ আগৰ পৰা
সকীয়াই আহিছিল।
দুৰ্ভাগ্যজনক কথাটো হ’ল, তদানীন্তন চৰকাৰখনে দেশৰ জনতাক ইয়াৰ পৰা কৌশলেৰে আঁতৰাই তামিল আৰু মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পাই দিছিল। সাময়িকভাৱে শ্ৰীলংকাৰ জনতা সাম্প্ৰদায়িক কৰ্ম-কাণ্ডক লৈ ব্যস্ত হৈ থাকিল যদিও আজি অৰ্থনৈতিক বিপৰ্যয়ে এই সকলোবোৰ বিষয় তল পেলাই দেশখনক দেউলীয়া কৰি পেলালে।
শ্ৰীলংকাৰ পাছত বাংলাদেশৰ অৰ্থনৈতিক বিপৰ্যয়ৰ সংকটে নতুন নতুন চিন্তাৰ খোৰাক দিছে। ইয়াৰ প্ৰধান কাৰণ হ’ল বাংলাদেশৰ অৰ্থনীতি আজিৰ তাৰিখত ভাৰততকৈ উন্নত বুলি কোৱা হয়। কিয়নো বাংলাদেশৰ জিডিপি ভাৰতৰ তুলনাত উন্নত। তেনেকুৱা এখন দেশ পাঁচমাহৰ পাছত অৰ্থনৈতিক বিপৰ্যয়ৰ মাজত সোমাই পৰিব বুলি বিশ্ব বেংকে দিয়া আশংকাই কেউপিনে আলোড়ন তুলিছে। অৱশ্যে বাংলাদেশ চৰকাৰে গোটেই বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে। পাঁচমাহত দেশখনৰ অৰ্থনীতিৰ যাতে আৰু অধিক বিপৰ্যয় নঘটে, তাৰ বাবে ৰাজনৈতিক নেতা আৰু চৰকাৰে পাৰ্যমানে ব্যয় সংকোচনৰ নীতি লোৱাৰ লগতে জনসাধাৰণকো কঠোৰভাৱে ব্যয় সংকোচন নীতি মানি চলিবলৈ আহ্বান জনোৱা হৈছে।
বিশ্ব বেংকৰ প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতবৰ্ষৰ চাৰিখন ৰাজ্য ক্ৰমে-পঞ্জাব, অন্ধ্ৰপ্ৰদেশ, পশ্চিমবংগ আৰু বিহাৰৰ অৰ্থনীতি তথা জিডিপি শ্ৰীলংকাৰ সৈতে সমপৰ্যায়ৰ অৱস্থানলৈ অৱনমিত হৈছে। অনতিপলমে ভাৰতৰ আৰু কেইবাখনো ৰাজ্যৰ অৰ্থনীতি বিপৰ্যস্ত হোৱাৰ স্পষ্ট ইংগিত ৰিজাৰ্ভ বেংকে দিছে। এইক্ষেত্ৰত পশ্চিমবংগ চৰকাৰে ৰাজ্যখনৰ বিধ্বস্ত অৰ্থীনীতিৰ বাবে কেন্দ্ৰীয় চৰকাৰক দোষাৰোপ কৰিছে। কেন্দ্ৰীয় চৰকাৰে পশ্চিমবংগক সকলো অনুদান বন্ধ কিৰ দিয়াৰ অভিযোগ কৰিছে মমতা বেনাৰ্জীয়। আনকি জি এছ টিৰ ধন সময়মতে আদায় নিদিয়া আৰু অন্যান্য পুঁজিৰ ক্ষেত্ৰতো কেন্দ্ৰই গ্ৰহণ কৰা নীতিৰ বাবে পশ্চিমবংগ অৰ্থনৈতিকভাৱে সংকটৰ গৰাহত পৰিবলগীয়া হৈছে বুলি অভিযোগ কৰিছে স্বয়ং ৰাজ্য চৰকাৰে।
আনহাতে, অবিজেপিশাসিত প্ৰতিখন ৰাজ্যই কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে পুঁজি আবণ্টনত মাহী আইৰ দৃষ্ট গ্ৰহণ কৰাৰ অভিযোগ তুলিছে। কেৱল অবিজেপিশাসিত ৰাজ্যই নহয়, বিজেপিশাসিত ৰাজ্যসমূহেও কেন্দ্ৰীয় চৰকাৰৰ পৰা পৰ্যাপ্ত পুঁজি লাভ কৰা নাই। এইক্ষেত্ৰত বিজেপিশাসিত ৰাজ্যসমূহে কেন্দ্ৰৰ কোপদৃষ্টিৰ পৰা ৰক্ষা পৰিবলৈ মৌনতা অৱলম্বন কৰিবলগীয়া হৈছে। উল্লেখযোগ্য যে অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা বান সাহায্যৰ বাবে দুবছৰে কোনো পুঁজি লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।
প্ৰতি বছৰে অসমৰ বান আৰু খহনীয়াৰ দ্বাৰা হোৱা ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ কেন্দ্ৰই প্ৰতিনিধি দল প্ৰেৰণ কৰে। প্ৰতিনিধি দল যথা সময়ত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰি আহিছে। সেই হিচাপত অসমত বান-খহনীয়াত প্ৰতি বছৰে ৫০ হাজাৰ কোটি টকাৰো অধিক ক্ষয়-ক্ষতি হৈ আহিছে। এইবাৰেই প্ৰথমটো বানত হাজাৰ কোটি টকাৰো অধিক ক্ষয়-ক্ষতি হৈছে। লক্ষাধিক বিঘা কৃষিভূমি পানীৰ তলত থকাৰ লগতে সহস্ৰাধিক গাঁও বানত বুৰ গৈছে। দুৰ্ভাগ্যজনক কথাটো হ’ল, কেন্দ্ৰীয় চৰকাৰে বান সাহায্য হিচাপে স্পষ্টকৈ কোনো পুঁজি অসমক দুবছৰে নিদিলে। আনকি অসমৰ বান আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গ্ৰহণ কৰা নহয় বুলি লোকসভাৰ মজিয়াত কেন্দ্ৰৰ বিজেপি চৰকাৰে স্পষ্টভাৱে ঘোষণা কৰাৰ পছত পুঁজি লাভ কৰাৰ কথাই নাহে।
ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন আৰু বিশ্ব বেংকৰ তথ্য অনুসৰি ভাৰতবৰ্ষৰ অৰ্থনৈতিক ব্যৱস্থা
অতিশয় শোচনীয়। চৰকাৰীভাৱে ভাৰতৰ জিডিপি ৬.৫ শতাংশলৈ বৃদ্ধি পাব বুলি চলোৱা প্ৰচাৰত
বহু শিক্ষিত লোকো বিভ্ৰান্ত হৈছে। আমি সকলোৱে জানো যে বৰ্তমা্ন ভাৰতৰ জিডিপি মাইনাছত
আছে। যি ৬.৫ শতাংশ বৃদ্ধি পাব বুলি কোৱা হৈছে, সেয়া হ’ল মাইনাছৰ পৰা হোৱা বৃদ্ধি। অৰ্থাৎ
৬.৫ শতাংশ জিডিপি বাঢ়িলেও মাইনাছতে থাকিব ভাৰতৰ অৰ্থনীতি।
বিশেষজ্ঞৰ কথা বাদেই সাধাৰণ নাগৰিকৰ মাজতো বজাৰ অৰ্থনীতিক লৈ সৃষ্টি হৈছে আশংকা। দৈনিক পেট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিয়ে জনতাক কঙাল কৰি পেলোৱাৰ উপক্ৰম হৈছে। নিয়ন্ত্ৰণহীন মূল্যবৃদ্ধিৰ প্ৰসংগত অসম চৰকাৰে কৰিবলগীয়া একো নাই বুলি মুখ্যমন্ত্ৰীয়ে নিজেই মন্তব্য কৰিছে। মূল্যবৃদ্ধি সম্পৰ্কত প্ৰধানমন্ত্ৰীয়ে সিদ্ধান্ত ল’ব বুলি এমাহ পূৰ্বে অসম চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছিল। কিন্তু এমাহে এইক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নহ’ল। বৰঞ্চ দৈনিক অবাধ গতিত বাঢ়ি আছে সকলো সামগ্ৰীৰ দাম। সাধাৰণতে পেট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছক লৈ চৰ্চা হয় যদিও জীৱনদায়িনী ঔষধ, বিভিন্ন বিস্কুট, আটা, ময়দাৰ ৬০ৰ পৰা ২০০ শতাংশপৰ্যন্ত মূল্যবৃদ্ধি ঘটিছে। কেইবাটাও প্ৰতিষ্ঠানে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ মূল্য একে ৰাখি পেকেটৰ আকাৰ সৰু কৰিছে। গ্ৰাহকক ধৰি ৰাখিবৰ বাবে চেষ্টা চলোৱা হৈছে যদিও সফল হ’ব পৰা নাই। মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে, অৰ্থনৈতিক ক্ষেত্ৰত ভাৰতবৰ্ষৰ অৱসথা শ্ৰীলংকাৰ দৰে হ’বলৈ গৈ থকাৰ আশংকা অমূলক বুলি পৰিগণতি নহ’বগৈ!