--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অপেক্ষাৰ অন্তত আজি অৰ্থাৎ শনিবাৰে আপৰ ৰাজ্যিক সমিতিৰ নেতৃত্ব সলনি কৰিছে ৰাষ্ট্ৰীয় সমন্বয়ক সমিতিয়ে ৷ নতুন ৰাজ্যিক সভাপতি নিযুক্তি দিছে ৰাষ্ট্ৰীয় সমিতিয়ে ৷ মনোজ ধানোৱাৰক অসমৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব প্ৰদান কৰিছে ৷ পূৰ্বে ৰাজ্যিক সভাপতি আছিল ভবেন চৌধুৰী ৷ 

ভবেন চৌধুৰীক পদোন্নতি দি ৰাষ্ট্ৰীয় যুটীয়া সম্পাদকৰ  দায়িত্ব প্ৰদান কৰিছে ৷ সৰ্বভাৰতীয় সমিতিয়ে অসমৰ ৰাজ্যিক আপৰ নেতৃত্ব সলনি কৰি মনোজ ধানোৱাৰক সভাপতিৰ দায়িত্ব দি সাংগঠনিক দিশ শক্তিশালী কৰাৰ লক্ষ্য লৈছে ৷ কিন্তু যিগৰাকী ধানোৱাৰক দায়িত্ব প্ৰদান কৰিছে সেইগৰাকী ধানোৱাৰে বিগত লোকসভা নিৰ্বাচনত ডিব্ৰুগড় সংসদীয় সমষ্টিত ২ লাখ ভোটো লাভ নকৰিলে ৷ মাথো ১ লাখ ৩৭ হাজাৰ ভোট লাভ কৰিছিল তেওঁ৷ উল্লেখ্য যে আপ অসমৰ নেতৃত্বক লৈ দীৰ্ঘদিন ধৰি প্ৰশ্নৰ সন্মুখীন হৈ আহিছিল দলটো । 

একাংশ নেতা-কৰ্মীয়ে ভৱেন চৌধুৰীৰ কাম-কাজক লৈ মুকলি কৈ অসন্তুষ্টি ব্যক্ত কৰি আহিছিল যদিও কেন্দ্ৰীয় নেতৃত্বই তেনে কথাত কাণসাৰ দিয়া নাছিল।

অসমৰ আগন্তুক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আপে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে । অসমত দলৰ ভেঁটি শক্তিশালী কৰাৰ ক্ষেত্ৰত দলে তেওঁৰ পৰা বিশেষ আশা কৰাও দেখা গৈছে । নিবনুৱা সমস্যা, স্মাৰ্ট মিটাৰ, জনগোষ্ঠীয় সমস্যাৰ সমাধান, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, মাটিৰ পট্টা আদিত গুৰুত্ব প্ৰদান কৰিব বুলি জনসাধাৰন আশাবাদী ৷ ইয়াৰ ওপৰিও অন্যান্য বিৰোধী দলৰ সৈতে ঐক্যবদ্ধ যুঁজৰ বাবে প্ৰস্তুত মনোজ ধানোৱাৰ ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু