--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অপেক্ষাৰ অন্তত আজি অৰ্থাৎ শনিবাৰে আপৰ ৰাজ্যিক সমিতিৰ নেতৃত্ব সলনি কৰিছে ৰাষ্ট্ৰীয় সমন্বয়ক সমিতিয়ে ৷ নতুন ৰাজ্যিক সভাপতি নিযুক্তি দিছে ৰাষ্ট্ৰীয় সমিতিয়ে ৷ মনোজ ধানোৱাৰক অসমৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব প্ৰদান কৰিছে ৷ পূৰ্বে ৰাজ্যিক সভাপতি আছিল ভবেন চৌধুৰী ৷ 

ভবেন চৌধুৰীক পদোন্নতি দি ৰাষ্ট্ৰীয় যুটীয়া সম্পাদকৰ  দায়িত্ব প্ৰদান কৰিছে ৷ সৰ্বভাৰতীয় সমিতিয়ে অসমৰ ৰাজ্যিক আপৰ নেতৃত্ব সলনি কৰি মনোজ ধানোৱাৰক সভাপতিৰ দায়িত্ব দি সাংগঠনিক দিশ শক্তিশালী কৰাৰ লক্ষ্য লৈছে ৷ কিন্তু যিগৰাকী ধানোৱাৰক দায়িত্ব প্ৰদান কৰিছে সেইগৰাকী ধানোৱাৰে বিগত লোকসভা নিৰ্বাচনত ডিব্ৰুগড় সংসদীয় সমষ্টিত ২ লাখ ভোটো লাভ নকৰিলে ৷ মাথো ১ লাখ ৩৭ হাজাৰ ভোট লাভ কৰিছিল তেওঁ৷ উল্লেখ্য যে আপ অসমৰ নেতৃত্বক লৈ দীৰ্ঘদিন ধৰি প্ৰশ্নৰ সন্মুখীন হৈ আহিছিল দলটো । 

একাংশ নেতা-কৰ্মীয়ে ভৱেন চৌধুৰীৰ কাম-কাজক লৈ মুকলি কৈ অসন্তুষ্টি ব্যক্ত কৰি আহিছিল যদিও কেন্দ্ৰীয় নেতৃত্বই তেনে কথাত কাণসাৰ দিয়া নাছিল।

অসমৰ আগন্তুক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আপে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে । অসমত দলৰ ভেঁটি শক্তিশালী কৰাৰ ক্ষেত্ৰত দলে তেওঁৰ পৰা বিশেষ আশা কৰাও দেখা গৈছে । নিবনুৱা সমস্যা, স্মাৰ্ট মিটাৰ, জনগোষ্ঠীয় সমস্যাৰ সমাধান, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, মাটিৰ পট্টা আদিত গুৰুত্ব প্ৰদান কৰিব বুলি জনসাধাৰন আশাবাদী ৷ ইয়াৰ ওপৰিও অন্যান্য বিৰোধী দলৰ সৈতে ঐক্যবদ্ধ যুঁজৰ বাবে প্ৰস্তুত মনোজ ধানোৱাৰ ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু