--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি বালাজী মন্দিৰৰ প্ৰসাদ হৈছে লাড়ু ৷ এই লাড়ু মাছৰ তেল আৰু পশুৰ চৰ্বিৰে বনোৱাৰ অভিযোগ পোহৰলৈ অহাৰ পিছতে এক হুলস্থুলৰ সৃষ্টি হৈছে দেশত। 

আনহাতে এই তথ্যও পোহৰলৈ আহিছে যে অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেকৰ সময়তো তিৰুপতি মন্দিৰৰ প্ৰসাদক ৰাম মন্দিৰত বিতৰণ কৰা হৈছিল। সংবাদ মাধ্যমৰ মতে, অযোধ্যা মন্দিৰৰ মুখ্য পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসে শুকুৰবাৰে কয় যে ‘চলিত বৰ্ষৰ আৰম্ভণিতে অযোধ্যাৰ ৰাম মন্দিৰত তিৰুপতি মন্দিৰৰ পৰা অহা প্ৰসাদ বিতৰণ কৰা হৈছিল।’


জানুৱাৰী মাহত অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ সময়ত তিৰুপতি মন্দিৰৰ পৰা ভক্তসকলক ৩০০ কেজি প্ৰসাদ বিতৰণ কৰা বুলিও মুখ্য পুৰোহিতগৰাকীয়ে নিশ্চিত কৰে। অযোধ্যা মন্দিৰৰ প্ৰধান পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসে ঘিউত পশুৰ চৰ্বি ব্যৱহাৰ কৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে। সত্যেন্দ্ৰ দাসে কয় যে যদি প্ৰসাদত পশুৰ চৰ্বি মিহলি কৰা হৈছিল তেন্তে সেয়া অপৰাধ। ইয়াৰ লগত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

পুৰোহিতজনে কয় যে বৈষ্ণৱ সাধু আৰু ভক্তসকলে হালধি আৰু পিয়াজও ব্যৱহাৰ নকৰে। এনে পৰিস্থিতিত প্ৰসাদত চৰ্বিৰ ব্যৱহাৰ অতি দুৰ্ভাগ্যজনক। এয়া হিন্দু বিশ্বাসক উপহাস। অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰধান পুৰোহিতে এই অভিযোগ তদন্তকাৰী সংস্থাক তদন্ত কৰিবলৈ দাবী জনায়। তেওঁ কয় যে ‘এটা বৃহৎ সংস্থাই ইয়াৰ তদন্ত কৰি দোষী সাব্যস্ত হোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব কৰক।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু