--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি বালাজী মন্দিৰৰ প্ৰসাদ হৈছে লাড়ু ৷ এই লাড়ু মাছৰ তেল আৰু পশুৰ চৰ্বিৰে বনোৱাৰ অভিযোগ পোহৰলৈ অহাৰ পিছতে এক হুলস্থুলৰ সৃষ্টি হৈছে দেশত। 

আনহাতে এই তথ্যও পোহৰলৈ আহিছে যে অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেকৰ সময়তো তিৰুপতি মন্দিৰৰ প্ৰসাদক ৰাম মন্দিৰত বিতৰণ কৰা হৈছিল। সংবাদ মাধ্যমৰ মতে, অযোধ্যা মন্দিৰৰ মুখ্য পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসে শুকুৰবাৰে কয় যে ‘চলিত বৰ্ষৰ আৰম্ভণিতে অযোধ্যাৰ ৰাম মন্দিৰত তিৰুপতি মন্দিৰৰ পৰা অহা প্ৰসাদ বিতৰণ কৰা হৈছিল।’


জানুৱাৰী মাহত অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ সময়ত তিৰুপতি মন্দিৰৰ পৰা ভক্তসকলক ৩০০ কেজি প্ৰসাদ বিতৰণ কৰা বুলিও মুখ্য পুৰোহিতগৰাকীয়ে নিশ্চিত কৰে। অযোধ্যা মন্দিৰৰ প্ৰধান পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসে ঘিউত পশুৰ চৰ্বি ব্যৱহাৰ কৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে। সত্যেন্দ্ৰ দাসে কয় যে যদি প্ৰসাদত পশুৰ চৰ্বি মিহলি কৰা হৈছিল তেন্তে সেয়া অপৰাধ। ইয়াৰ লগত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

পুৰোহিতজনে কয় যে বৈষ্ণৱ সাধু আৰু ভক্তসকলে হালধি আৰু পিয়াজও ব্যৱহাৰ নকৰে। এনে পৰিস্থিতিত প্ৰসাদত চৰ্বিৰ ব্যৱহাৰ অতি দুৰ্ভাগ্যজনক। এয়া হিন্দু বিশ্বাসক উপহাস। অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰধান পুৰোহিতে এই অভিযোগ তদন্তকাৰী সংস্থাক তদন্ত কৰিবলৈ দাবী জনায়। তেওঁ কয় যে ‘এটা বৃহৎ সংস্থাই ইয়াৰ তদন্ত কৰি দোষী সাব্যস্ত হোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব কৰক।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু