--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আহমেদাবাদত অনুষ্ঠিত হোৱা দুদিনীয়া গ্ল’বেল ফিচাৰিজ কনফাৰেন্স ইণ্ডিয়া ২০২৩ৰ সময়ত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে ঘোল মাছক গুজৰাটৰ ৰাজ্যিক মাছৰ মৰ্যাদা প্ৰদান কৰিছে। এই কাৰ্যসূচীত বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ভাৰতত পোৱা অন্যতম বৃহৎ মাছ হৈছে ঘোল মাছ। এই মাছ গুজৰাট আৰু মহাৰাষ্ট্ৰৰ সাগৰীয় অঞ্চলত সোণালী-বাদামী ৰঙৰ পোৱা যায়।

এই মাছটো অতি মূল্যৱান বুলি গণ্য কৰা হয়। ইয়াৰ চাহিদা অতি বেছি। ঘোল মাছ বিয়েৰ আৰু ৱাইন তৈয়াৰ কৰিবলৈও ব্যৱহাৰ কৰা হয়। এই মাছৰ এয়াৰ ব্লাডাৰ ঔষধত ব্যৱহাৰ কৰা হয়। ঘোল মাছৰ দেহৰ অংশ আৰু এয়াৰ ব্লাডাৰ পৃথকে পৃথকে বিক্ৰী কৰা হয়। মুম্বাইৰ পৰা এয়াৰ ব্লাডাৰ ৰপ্তানি কৰা হয়। সমগ্ৰ বিশ্বতে এই মাছৰ চাহিদা বেছি, যিটো ভাৰতে পূৰণ কৰে।

ঘোল মাছৰ দৈৰ্ঘ্য প্ৰায় ডেৰ মিটাৰ। যিমানেই দীঘলীয়া হ’ব সিমানেই ইয়াৰ দাম বেছি হ’ব। প্ৰতি ইউনিট দৈৰ্ঘ্যৰ ঘোল মাছৰ দাম ৫ লাখ টকা পৰ্যন্ত হ’ব পাৰে। ইমান বৃহৎ পৰিমাণৰ ধনেৰে এজন ব্যক্তিয়ে ইউৰোপ ভ্ৰমণ কৰিব পাৰে। ঘোল মাছ ধৰিবলৈ সক্ষম হোৱা মাছমৰীয়াই বছৰি লাখ লাখ টকা উপাৰ্জন কৰিব পাৰে। ঘোল মাছৰ ৰং সোণালী-বাদামী। ইয়াৰ বৈজ্ঞানিক নাম Protonibia diacanthus। ইয়াক ব্লেকস্পটেড ক্ৰ’কাৰ বুলিও কোৱা হয়। কেৱল এয়াই নহয়, একাংশ লোকে ইয়াক গল্ড ফিছ আৰু সোণৰ হৃদয় থকা মাছ বুলিও জানে।

দুদিনীয়া গ্ল’বেল ফিচাৰিজ কনফাৰেন্স ইণ্ডিয়া ২০২৩ৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী পৰশ্বোত্তম ৰূপালাই কয় যে কিছুদিনৰ পূৰ্বে মীন বিভাগৰ উদ্যোগত আয়োজিত এক কাৰ্যসূচীৰ জৰিয়তে মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশ চৰকাৰেও এই মাছক নিজ নিজ ৰাজ্যৰ ৰাজ্যিক মাছ হিচাপে ঘোষণা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন