--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ধৰ্মীয় অসহিষ্ণুতা দিনে দিনে বৃদ্ধি পাই গৈ আছে। ধৰ্মৰ স্বাধীনতা দিনে দিনে যেন হেৰাই গৈছে। ধৰ্মক কেন্দ্ৰ কৰি নিত্য-নতুন বিতৰ্কৰ সৃষ্টি হৈছে। শেহতীয়া হিজাব বিতৰ্ক, হালাল মাংসৰ বিতৰ্ক, লাউডস্পীকাৰ বিতৰ্ক আদি এনে অসহিষ্ণুতাৰ একো একোটা উদাহৰণ। ৰাম নৱমীৰ দিনাই পুনৰ আন এটা ঘটনা পোহৰলৈ আহিছে।

ৰাম নৱমী উপলক্ষে এজন ব্যক্তিয়ে মছজিদৰ দেৱালত হিন্দুত্বৰ প্ৰতীক হিচাপে গেৰুৱা পতাকা উত্তোলন কৰা দেখা গৈছিল। সেই ঘটনাৰ এটা ভিডিঅ' ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা গৈছে। ভিডিঅ'টোত দেখা মতে, এজন ব্যক্তিয়ে বিহাৰৰ মুজাফৰপুৰত মছজিদৰ দেৱালত উঠি গেৰুৱা পতাকা উত্তোলন কৰি আছিল। ভিডিঅ'টোত লগতে আন একাংশ লোকক হাতত উন্মুক্ত তৰোৱাল, হকী ষ্টিক লৈ উত্তেজিত অৱস্থাত দেখা গৈছিল। বাইক আৰোহী, হাতত তৰোৱাল আৰু হকী ষ্টিক লৈ থকা বহুসংখ্যক মানুহে দেৱাল বগাই গেৰুৱা পতাকা উত্তোলন কৰিবলৈ যোৱা ব্যক্তিজনক উৎসাহিত কৰা স্পষ্ট ৰূপত প্ৰকাশ পাইছে ভিডিঅ'টোত।
ৰাম নৱমী উদযাপন কৰি থকা সময়ত একাংশ লোকে এটা শোভাযাত্ৰা উলিয়াইছিল আৰু এই শোভাযাত্ৰা মহম্মদপুৰ গাঁৱৰ ডাক বাংলা মছজিদৰ সন্মুখত ৰৈ এই ঘটনাটো সংঘটিত কৰিছিল। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰা হৈছে। এই কথা নিশ্চিত কৰিছে এছএছপি মুজাফ্ফৰপুৰ জয়ন্ত কান্তে নামৰ বিষয়াজনে। কিন্তু ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনো ব্যক্তি গ্ৰেপ্তাৰ হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ