--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ধৰ্মীয় অসহিষ্ণুতা দিনে দিনে বৃদ্ধি পাই গৈ আছে। ধৰ্মৰ স্বাধীনতা দিনে দিনে যেন হেৰাই গৈছে। ধৰ্মক কেন্দ্ৰ কৰি নিত্য-নতুন বিতৰ্কৰ সৃষ্টি হৈছে। শেহতীয়া হিজাব বিতৰ্ক, হালাল মাংসৰ বিতৰ্ক, লাউডস্পীকাৰ বিতৰ্ক আদি এনে অসহিষ্ণুতাৰ একো একোটা উদাহৰণ। ৰাম নৱমীৰ দিনাই পুনৰ আন এটা ঘটনা পোহৰলৈ আহিছে।

ৰাম নৱমী উপলক্ষে এজন ব্যক্তিয়ে মছজিদৰ দেৱালত হিন্দুত্বৰ প্ৰতীক হিচাপে গেৰুৱা পতাকা উত্তোলন কৰা দেখা গৈছিল। সেই ঘটনাৰ এটা ভিডিঅ' ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা গৈছে। ভিডিঅ'টোত দেখা মতে, এজন ব্যক্তিয়ে বিহাৰৰ মুজাফৰপুৰত মছজিদৰ দেৱালত উঠি গেৰুৱা পতাকা উত্তোলন কৰি আছিল। ভিডিঅ'টোত লগতে আন একাংশ লোকক হাতত উন্মুক্ত তৰোৱাল, হকী ষ্টিক লৈ উত্তেজিত অৱস্থাত দেখা গৈছিল। বাইক আৰোহী, হাতত তৰোৱাল আৰু হকী ষ্টিক লৈ থকা বহুসংখ্যক মানুহে দেৱাল বগাই গেৰুৱা পতাকা উত্তোলন কৰিবলৈ যোৱা ব্যক্তিজনক উৎসাহিত কৰা স্পষ্ট ৰূপত প্ৰকাশ পাইছে ভিডিঅ'টোত।
ৰাম নৱমী উদযাপন কৰি থকা সময়ত একাংশ লোকে এটা শোভাযাত্ৰা উলিয়াইছিল আৰু এই শোভাযাত্ৰা মহম্মদপুৰ গাঁৱৰ ডাক বাংলা মছজিদৰ সন্মুখত ৰৈ এই ঘটনাটো সংঘটিত কৰিছিল। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰা হৈছে। এই কথা নিশ্চিত কৰিছে এছএছপি মুজাফ্ফৰপুৰ জয়ন্ত কান্তে নামৰ বিষয়াজনে। কিন্তু ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনো ব্যক্তি গ্ৰেপ্তাৰ হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল