--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জামছেদপুৰত ঘটিছে এক অভাৱনীয় ঘটনা। বুধবাৰে নিশা একেটা পৰিয়ালৰ তিনিজন লোকে বিহপান কৰি আত্মহত্যা কৰে। শ্বেয়াৰ মাৰ্কেটত ৭০ লাখ টকাৰ লোকচান কৰি সেই পৰিয়ালৰ এজন যুৱকে পলায়ন কৰে। ফলত পিতৃ-মাতৃ আৰু আইতাকে বিহপান কৰে। তিনিওৰে মৃত্যু ঘটিছে। 

কাপালিৰ তামোলিয়া আছিয়ানা চহৰত সংঘটিত হৈছে এই ঘটনা। এই পৰিয়ালটো মূলতঃ উত্তৰ প্ৰদেশৰ কানপুৰৰ। 

আৰক্ষীৰ তথ্য অনুসৰি তামোলিয়াৰ ব্ৰহ্মানন্দ আছিয়ানাৰ বাসিন্দা জ্ঞান প্ৰকাশৰ পুত্ৰ অংশু শ্ৰীবাস্তৱে শ্বেয়াৰ বজাৰত বিনিয়োগৰ নামত পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ পৰা প্ৰায় ৬০ৰ পৰা ৭০ লাখ টকা লৈছিল। সুত হিচাপে দিম বুলি এই টকাখিনি লৈছিল যদিও তেওঁৰ সকলো টকা শ্বেয়াৰ মাৰ্কেটত লোকচান হ’ল। 

ইয়াৰ পিছত যেতিয়া ঋণদাতাই তেওঁক টকা ঘূৰাই দিবলৈ হেঁচা প্ৰয়োগ কৰিবলৈ ধৰিলে, তেতিয়া অংশুৱে চহৰৰ পৰা পলায়ন কৰে। মাক, দেউতাক আৰু আইতাক আছিয়ানা চহৰত বাস কৰিছিল। ইফালে ঋণদাতাসকলে তেওঁৰ পৰা ধন দাবী কৰিবলৈ ধৰিলে। বাঢ়ি অহা হেঁচাত ভাগৰি পৰা তিনিওজনে পৃথিৱীৰ পৰা বিদায় লোৱাৰ সিদ্ধান্ত ল’লে।

বৃহস্পতিবাৰে নিশা জ্ঞান প্ৰকাশে পত্নী সুনীতা শ্ৰীবাস্তৱ আৰু মাতৃ কৃষ্ণকান্তি শ্ৰীবাস্তৱৰ সৈতে কীটনাশক সেৱন কৰে। ইয়াৰ পিছত তিনিওজন ঘৰৰ পৰা ওলাই গ’ল। তিনিওজন কেম্পাচৰ চৌহদত পৰি থাকিল। ততাতৈয়াকৈ ওচৰৰ লোকে তেওঁলোকক হাস্পতালত ভৰ্তি কৰাই যদিও তেওঁলোকৰ মৃত্যু হয়।

ঋণদাতাৰ বাঢ়ি অহা হেঁচা আৰু পুত্ৰ অংশুল শ্ৰীবাস্তৱৰ পলায়নৰ বাবে এই কানপুৰ পৰিয়ালটোৰ বাবে একমাত্ৰ বিকল্প আছিল আত্মহত্যা। সেইবাবেই তেওঁলোকে এই পথটো বাছি লৈছিল। এই ঘটনাত স্থানীয় বাসিন্দাসকল মৰ্মাহত হৈ পৰিছে।

জ্ঞান প্ৰকাশে কীটনাশক সেৱনৰ পূৰ্বে এটা ভিডিঅ’ বনাইছিল, য’ত তেওঁ কৈছিল যে মই জ্ঞান প্ৰকাশ শ্ৰীবাস্তৱে মোৰ মাতৃ কৃষ্ণকান্তি শ্ৰীবাস্তৱ আৰু পত্নী সুনীতা শ্ৰীবাস্তৱৰ সৈতে বিহ সেৱন কৰি আত্মহত্যা কৰিছো। আমাৰ মৃত্যুৰ বাবে আমি নিজে দায়ী। ইয়াৰ লগত পৰিয়ালৰ কোনো লোক জড়িত নাই। আৰক্ষীয়ে জব্দ কৰিছে ভিডিঅ’টো।

এই ভিডিঅ’ দেখি সকলোৱে কৈছে যে পুত্ৰই ইমান ডাঙৰ অপৰাধ কৰা পাছতো পিতৃ-মাতৃয়ে সন্তানলৈ দোষ ঠেলি নিদিলে। নিজৰ মৃত্যুৰ বাবে নিজে দায়ী বুলি কৈ পিতৃ-মাতৃ তথা আইতাকে মৃত্যুৰ সময়তো অংশু শ্ৰীবাস্তৱৰ প্ৰতি মৰম প্ৰকাশ কৰি গ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু