--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জামছেদপুৰত ঘটিছে এক অভাৱনীয় ঘটনা। বুধবাৰে নিশা একেটা পৰিয়ালৰ তিনিজন লোকে বিহপান কৰি আত্মহত্যা কৰে। শ্বেয়াৰ মাৰ্কেটত ৭০ লাখ টকাৰ লোকচান কৰি সেই পৰিয়ালৰ এজন যুৱকে পলায়ন কৰে। ফলত পিতৃ-মাতৃ আৰু আইতাকে বিহপান কৰে। তিনিওৰে মৃত্যু ঘটিছে। 

কাপালিৰ তামোলিয়া আছিয়ানা চহৰত সংঘটিত হৈছে এই ঘটনা। এই পৰিয়ালটো মূলতঃ উত্তৰ প্ৰদেশৰ কানপুৰৰ। 

আৰক্ষীৰ তথ্য অনুসৰি তামোলিয়াৰ ব্ৰহ্মানন্দ আছিয়ানাৰ বাসিন্দা জ্ঞান প্ৰকাশৰ পুত্ৰ অংশু শ্ৰীবাস্তৱে শ্বেয়াৰ বজাৰত বিনিয়োগৰ নামত পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ পৰা প্ৰায় ৬০ৰ পৰা ৭০ লাখ টকা লৈছিল। সুত হিচাপে দিম বুলি এই টকাখিনি লৈছিল যদিও তেওঁৰ সকলো টকা শ্বেয়াৰ মাৰ্কেটত লোকচান হ’ল। 

ইয়াৰ পিছত যেতিয়া ঋণদাতাই তেওঁক টকা ঘূৰাই দিবলৈ হেঁচা প্ৰয়োগ কৰিবলৈ ধৰিলে, তেতিয়া অংশুৱে চহৰৰ পৰা পলায়ন কৰে। মাক, দেউতাক আৰু আইতাক আছিয়ানা চহৰত বাস কৰিছিল। ইফালে ঋণদাতাসকলে তেওঁৰ পৰা ধন দাবী কৰিবলৈ ধৰিলে। বাঢ়ি অহা হেঁচাত ভাগৰি পৰা তিনিওজনে পৃথিৱীৰ পৰা বিদায় লোৱাৰ সিদ্ধান্ত ল’লে।

বৃহস্পতিবাৰে নিশা জ্ঞান প্ৰকাশে পত্নী সুনীতা শ্ৰীবাস্তৱ আৰু মাতৃ কৃষ্ণকান্তি শ্ৰীবাস্তৱৰ সৈতে কীটনাশক সেৱন কৰে। ইয়াৰ পিছত তিনিওজন ঘৰৰ পৰা ওলাই গ’ল। তিনিওজন কেম্পাচৰ চৌহদত পৰি থাকিল। ততাতৈয়াকৈ ওচৰৰ লোকে তেওঁলোকক হাস্পতালত ভৰ্তি কৰাই যদিও তেওঁলোকৰ মৃত্যু হয়।

ঋণদাতাৰ বাঢ়ি অহা হেঁচা আৰু পুত্ৰ অংশুল শ্ৰীবাস্তৱৰ পলায়নৰ বাবে এই কানপুৰ পৰিয়ালটোৰ বাবে একমাত্ৰ বিকল্প আছিল আত্মহত্যা। সেইবাবেই তেওঁলোকে এই পথটো বাছি লৈছিল। এই ঘটনাত স্থানীয় বাসিন্দাসকল মৰ্মাহত হৈ পৰিছে।

জ্ঞান প্ৰকাশে কীটনাশক সেৱনৰ পূৰ্বে এটা ভিডিঅ’ বনাইছিল, য’ত তেওঁ কৈছিল যে মই জ্ঞান প্ৰকাশ শ্ৰীবাস্তৱে মোৰ মাতৃ কৃষ্ণকান্তি শ্ৰীবাস্তৱ আৰু পত্নী সুনীতা শ্ৰীবাস্তৱৰ সৈতে বিহ সেৱন কৰি আত্মহত্যা কৰিছো। আমাৰ মৃত্যুৰ বাবে আমি নিজে দায়ী। ইয়াৰ লগত পৰিয়ালৰ কোনো লোক জড়িত নাই। আৰক্ষীয়ে জব্দ কৰিছে ভিডিঅ’টো।

এই ভিডিঅ’ দেখি সকলোৱে কৈছে যে পুত্ৰই ইমান ডাঙৰ অপৰাধ কৰা পাছতো পিতৃ-মাতৃয়ে সন্তানলৈ দোষ ঠেলি নিদিলে। নিজৰ মৃত্যুৰ বাবে নিজে দায়ী বুলি কৈ পিতৃ-মাতৃ তথা আইতাকে মৃত্যুৰ সময়তো অংশু শ্ৰীবাস্তৱৰ প্ৰতি মৰম প্ৰকাশ কৰি গ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
Advertisement