--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গুজৰাটৰ সোমনাথ মন্দিৰৰ সমীপত থকা ধৰ্মীয় গাঁথনি ভাঙি পেলোৱাৰ বিষয়ত উচ্চতম ন্যায়ালয়ে যথাৰ্থ অৱস্থা বজাই ৰাখিবলৈ অস্বীকাৰ কৰিছে। পূৰ্বৰ নিৰ্দেশৰ কোনো উলংঘা ধৰা পৰিলে ৰাজ্য চৰকাৰৰ বিষয়াসকলক জগৰীয়া কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ আৰু দোষী বিষয়াক জেললৈ প্ৰেৰণ কৰা হ’ব বুলিও আদালতে জনায়।  এই গোচৰৰ পৰৱৰ্তী শুনানি ১৬ অক্টোবৰত হ’ব।


এই গোচৰটো গুজৰাটৰ গিৰ সোমনাথ জিলাৰ, য’ত প্ৰশাসনে ২৮ ছেপ্টেম্বৰত এক বৃহৎ অভিযানৰ অংশ হিচাপে ইদগাহ আৰু দৰগাহকে ধৰি বহু অবৈধ নিৰ্মাণকাৰ্য ভাঙি পেলায়। এই সময়ছোৱাত ১৩৫ জন লোকক আটক কৰা হৈছিল, আৰু প্ৰায় ১৫ হেক্টৰ মাটি বেদখলৰ পৰা মুক্ত কৰা হৈছিল। এই কাৰ্যত শ শ আৰক্ষী আৰু বুলড’জাৰ জড়িত আছিল। সোমনাথ মন্দিৰৰ সমীপৰ ইডগাহ আৰু দৰগাহকে ধৰি বহু অবৈধ নিৰ্মাণ আৰু বেদখল ভাঙি পেলোৱাৰ সন্দৰ্ভত গুজৰাট চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে উচ্চতম ন্যায়ালয়ে। আইন-শৃংখলা বজাই ৰাখিবলৈ আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ সম্ভাৱনা ৰোধ কৰিবলৈ আৰক্ষীয়ে অঞ্চলটোৰ মূল পথসমূহ বন্ধ কৰি ৰাখিছে ।

বেদখল আঁতৰোৱাৰ ক্ষেত্ৰত কিছুমান ধৰ্মীয় স্থান ভুলকৈ ভাঙি পেলোৱা বুলি দাবী কৰি উচ্চতম ন্যায়ালয়ত মুছলমান সম্প্ৰদায়ৰ লোকে আবেদন দাখিল কৰে। আবেদনকাৰীসকলে কয় যে এই ব্যৱস্থা আদালতৰ নিৰ্দেশৰ বিৰুদ্ধে, সেয়েহে বিষয়টোৰ পুংখানুপুংখ তদন্ত কৰা উচিত।


উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে যদি ৰাজ্য চৰকাৰে পূৰ্বৰ নিৰ্দেশ উলংঘা কৰে তেন্তে ধৰ্মীয় কাঠামো পুনৰ নিৰ্মাণ কৰিব লাগিব। ভৱিষ্যতে যদি অৱজ্ঞাৰ সন্ধান পোৱা যায় তেন্তে দোষী বিষয়াসকলকো কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব বুলি ন্যায়ালয়ে ৰাজ্যখনক সকীয়াই দিয়ে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু