--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ কাৰগাৰ সমূহত কাৰাবন্দীৰ সমতা আৰু ন্যায় নিশ্চিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে৷মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচুড় নেতৃত্বাধীন বিচাৰপীঠে কাৰাবন্দী সকলৰ মাজত কামৰ আবণ্টনত বিদ্যমান জাতিভিত্তিক বৈষম্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰি,বিভিন্ন ৰাজ্যৰ জেল ম্যানুৱেলত জাতিভিত্তিক বৈষম্যৰ সৃষ্টি কৰা প্ৰথাসমূহৰ প্ৰয়োজনীয় সংস্কাৰৰ ওপৰত গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰে৷ 

উল্লেখযোগ্য যে ভাৰতৰ জে’লসমূহত জাতিভিত্তিক বৈষম্য এক দীৰ্ঘসময় ধৰি চলি অহা এক সমস্যা। পিছপৰা সম্প্ৰদায়ৰ কাৰাবন্দীসকলক জাতিৰ আধাৰত কেৱল নিম্নমানৰ কাম কৰিবলৈ বাধ্য কৰা হয়। এই প্ৰথাই কেৱল বন্দীসকলৰ মৌলিক অধিকাৰ উলংঘা কৰাই নহয়, ই বিশেষ সম্প্ৰদায়ৰ সৈতে জড়িত সামাজিক সন্মানতো আঘাত কৰিছে।এক বিশেষ শুনানিৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে  দিছে উচ্চতম ন্যায়ালয়ে।

এই সন্দৰ্ভত ২০২৩ চনৰ ডিচেম্বৰ মাহত সাংবাদিক সুকন্যা শান্তই উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল। বৃহস্পতিবাৰে এই সন্দৰ্ভত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে জেল মেনুৱেলৰ পৰা জাতিগত বৈষম্য বৃদ্ধি কৰা নিয়ম আঁতৰ কৰাৰ লগতে জাতিৰ ভিত্তিত কাৰাগাৰত কামৰ বিতৰণ নকৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশ প্ৰদান কৰিছে৷ 

উচচতম ন্যায়ালয়ে প্ৰদান কৰা নিৰ্দেশনাত উল্লেখ কৰিছে যে কোনো বিশেষ জাতিৰ বন্দীক নলাৰ টেংক পৰিষ্কাৰ কৰোৱাটো ভুল। এই সন্দৰ্ভত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।লগতে উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰসমূহক ৩ মাহৰ ভিতৰত জে’ল মেনুৱেলত জাতি বৈষম্য বৃদ্ধি কৰ্ব পৰা নিয়মৰ পৰিৱৰ্তন কৰিবলৈও নিৰ্দেশ প্ৰদান কৰিছে।

অসমৰ জে’ল ম্যানুৱেলত জাতিভিত্তিক বৈষম্য বৃদ্ধি কৰিব পৰা প্ৰথা অন্তৰ্ভুক্ত নাই বুলি জানিব পৰা গৈছে। অসমৰ জেল ম্যানুৱেলত বন্দীসকলৰ অধিকাৰ, খাদ্য, স্বাস্থ্য, আৰু কামৰ আবণ্টনৰ বিষয়ে বিস্তৃতভাৱে নিয়মাৱলীত অন্তৰ্ভুক্ত আছে।উচ্চতম ন্যায়ালয়ৰ এই শুনানিৰ পাছত অসম চৰকাৰে জে’ল ম্যানুৱেলত কোনো বৈষম্যমূলক প্ৰথা থাকিলে সেয়া দূৰ কৰিবলৈ আৰু বন্দীসকলৰ অধিকাৰ আৰু সন্মান নিশ্চিত কৰাত অধিক গুৰুত্ব আৰোপ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ