--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ কাৰগাৰ সমূহত কাৰাবন্দীৰ সমতা আৰু ন্যায় নিশ্চিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে৷মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচুড় নেতৃত্বাধীন বিচাৰপীঠে কাৰাবন্দী সকলৰ মাজত কামৰ আবণ্টনত বিদ্যমান জাতিভিত্তিক বৈষম্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰি,বিভিন্ন ৰাজ্যৰ জেল ম্যানুৱেলত জাতিভিত্তিক বৈষম্যৰ সৃষ্টি কৰা প্ৰথাসমূহৰ প্ৰয়োজনীয় সংস্কাৰৰ ওপৰত গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰে৷ 

উল্লেখযোগ্য যে ভাৰতৰ জে’লসমূহত জাতিভিত্তিক বৈষম্য এক দীৰ্ঘসময় ধৰি চলি অহা এক সমস্যা। পিছপৰা সম্প্ৰদায়ৰ কাৰাবন্দীসকলক জাতিৰ আধাৰত কেৱল নিম্নমানৰ কাম কৰিবলৈ বাধ্য কৰা হয়। এই প্ৰথাই কেৱল বন্দীসকলৰ মৌলিক অধিকাৰ উলংঘা কৰাই নহয়, ই বিশেষ সম্প্ৰদায়ৰ সৈতে জড়িত সামাজিক সন্মানতো আঘাত কৰিছে।এক বিশেষ শুনানিৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে  দিছে উচ্চতম ন্যায়ালয়ে।

এই সন্দৰ্ভত ২০২৩ চনৰ ডিচেম্বৰ মাহত সাংবাদিক সুকন্যা শান্তই উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল। বৃহস্পতিবাৰে এই সন্দৰ্ভত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে জেল মেনুৱেলৰ পৰা জাতিগত বৈষম্য বৃদ্ধি কৰা নিয়ম আঁতৰ কৰাৰ লগতে জাতিৰ ভিত্তিত কাৰাগাৰত কামৰ বিতৰণ নকৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশ প্ৰদান কৰিছে৷ 

উচচতম ন্যায়ালয়ে প্ৰদান কৰা নিৰ্দেশনাত উল্লেখ কৰিছে যে কোনো বিশেষ জাতিৰ বন্দীক নলাৰ টেংক পৰিষ্কাৰ কৰোৱাটো ভুল। এই সন্দৰ্ভত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।লগতে উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰসমূহক ৩ মাহৰ ভিতৰত জে’ল মেনুৱেলত জাতি বৈষম্য বৃদ্ধি কৰ্ব পৰা নিয়মৰ পৰিৱৰ্তন কৰিবলৈও নিৰ্দেশ প্ৰদান কৰিছে।

অসমৰ জে’ল ম্যানুৱেলত জাতিভিত্তিক বৈষম্য বৃদ্ধি কৰিব পৰা প্ৰথা অন্তৰ্ভুক্ত নাই বুলি জানিব পৰা গৈছে। অসমৰ জেল ম্যানুৱেলত বন্দীসকলৰ অধিকাৰ, খাদ্য, স্বাস্থ্য, আৰু কামৰ আবণ্টনৰ বিষয়ে বিস্তৃতভাৱে নিয়মাৱলীত অন্তৰ্ভুক্ত আছে।উচ্চতম ন্যায়ালয়ৰ এই শুনানিৰ পাছত অসম চৰকাৰে জে’ল ম্যানুৱেলত কোনো বৈষম্যমূলক প্ৰথা থাকিলে সেয়া দূৰ কৰিবলৈ আৰু বন্দীসকলৰ অধিকাৰ আৰু সন্মান নিশ্চিত কৰাত অধিক গুৰুত্ব আৰোপ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু