--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন মুছলমান যুৱকে নিজৰ ভাড়াঘৰৰ কোঠাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো আঁৰি থোৱা বাবে ভাড়াঘৰৰ মালিকৰ ৰোষৰ বলি হৈছে। যুৱকজনৰ নাম ইউচুফ খান। এই ঘটনা মধ্য প্ৰদেশৰ ইন্দোৰৰ। ইউচুফ খানে আৰক্ষীক অভিযোগ কৰা অনুসৰি তেওঁৰ ভাড়াঘৰৰ মালিক য়াকুৱ মনচুৰী আৰু তেওঁৰ আত্মীয় চুলতান মনচুৰী, শ্বৰীফ মনচুৰীৱে ভাড়াঘৰ খালী কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে। কেৱল এয়া্ই নহয় যুৱকজনক মাৰপিট কৰাৰো ভাবুকি দিছে ভাড়াঘৰৰ মালিকে। ইউচুফ খানে কয় যে তেওঁ প্ৰধানমন্ত্ৰী মোদীক আদৰ্শ বুলি ভাবে আৰু তেওঁক যথেষ্ট সন্মান কৰে। কেৱল এয়াই নহয় প্ৰধানমন্ত্ৰী মোদীৰ ভাষণৰ কথাবোৰো মানি চলে ইউচুফ খানে। মোদীৰ প্ৰতি থকা সন্মান আৰু ভালপোৱাৰ বাবে যুৱকজনে নিজৰ কোঠাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন ফটো আঁৰি ৰাখিছিল। মোদীৰ লগতে চৰ্ডাৰ বল্লৱভাই পেটেলৰ ফটোও লগাইছিল ইউচুফে। এই কথাতেই খং উঠি ভাড়াঘৰৰ মালিকে ইউচুফ খানক গালি-গালাজ পাৰিবলৈ আৰম্ভ কৰে আৰু ঘৰ খালী কৰিবলৈ কয়। যুৱকজনে আৰক্ষীক এই বিষয়ে অভিযোগ দিয়ে। অভিযোগ শুনি আৰক্ষী বিষয়া মনীষা পাঠকে কয় প্ৰত্যেক নাগৰিকৰ নিজা অভিব্যক্তি প্ৰকাশ কৰাৰ সম্পূৰ্ণ স্বাধীনতা আছে। সেই স্বাধীনতা কোনেও খৰ্ব কৰিব নোৱাৰে। মানুহে নিজৰ কোঠাত নিজ পচন্দ অনুসৰি কাৰ ফটো লগায় সেয়া কোনেও বাধা দিব নোৱাৰে। ইউচুফ খানৰ অভিযোগৰ ভিত্তিত সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ইন্দোৰ আৰক্ষীয়ে। আৰু পঢ়কঃ ১৯৬৬ চনৰ পৰা চলি আছে এখন গাড়ী! অতিক্ৰম কৰিছে ৪৮ লাখ কিলোমিটাৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ