--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন মুছলমান যুৱকে নিজৰ ভাড়াঘৰৰ কোঠাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো আঁৰি থোৱা বাবে ভাড়াঘৰৰ মালিকৰ ৰোষৰ বলি হৈছে। যুৱকজনৰ নাম ইউচুফ খান। এই ঘটনা মধ্য প্ৰদেশৰ ইন্দোৰৰ। ইউচুফ খানে আৰক্ষীক অভিযোগ কৰা অনুসৰি তেওঁৰ ভাড়াঘৰৰ মালিক য়াকুৱ মনচুৰী আৰু তেওঁৰ আত্মীয় চুলতান মনচুৰী, শ্বৰীফ মনচুৰীৱে ভাড়াঘৰ খালী কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে। কেৱল এয়া্ই নহয় যুৱকজনক মাৰপিট কৰাৰো ভাবুকি দিছে ভাড়াঘৰৰ মালিকে। ইউচুফ খানে কয় যে তেওঁ প্ৰধানমন্ত্ৰী মোদীক আদৰ্শ বুলি ভাবে আৰু তেওঁক যথেষ্ট সন্মান কৰে। কেৱল এয়াই নহয় প্ৰধানমন্ত্ৰী মোদীৰ ভাষণৰ কথাবোৰো মানি চলে ইউচুফ খানে। মোদীৰ প্ৰতি থকা সন্মান আৰু ভালপোৱাৰ বাবে যুৱকজনে নিজৰ কোঠাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন ফটো আঁৰি ৰাখিছিল। মোদীৰ লগতে চৰ্ডাৰ বল্লৱভাই পেটেলৰ ফটোও লগাইছিল ইউচুফে। এই কথাতেই খং উঠি ভাড়াঘৰৰ মালিকে ইউচুফ খানক গালি-গালাজ পাৰিবলৈ আৰম্ভ কৰে আৰু ঘৰ খালী কৰিবলৈ কয়। যুৱকজনে আৰক্ষীক এই বিষয়ে অভিযোগ দিয়ে। অভিযোগ শুনি আৰক্ষী বিষয়া মনীষা পাঠকে কয় প্ৰত্যেক নাগৰিকৰ নিজা অভিব্যক্তি প্ৰকাশ কৰাৰ সম্পূৰ্ণ স্বাধীনতা আছে। সেই স্বাধীনতা কোনেও খৰ্ব কৰিব নোৱাৰে। মানুহে নিজৰ কোঠাত নিজ পচন্দ অনুসৰি কাৰ ফটো লগায় সেয়া কোনেও বাধা দিব নোৱাৰে। ইউচুফ খানৰ অভিযোগৰ ভিত্তিত সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ইন্দোৰ আৰক্ষীয়ে। আৰু পঢ়কঃ ১৯৬৬ চনৰ পৰা চলি আছে এখন গাড়ী! অতিক্ৰম কৰিছে ৪৮ লাখ কিলোমিটাৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন