--°C
Loading...
Listen to Article
2 min read
80%
আজি আন্তৰ্জাতিক নাৰী দিৱস। এই নাৰী দিৱসত স্মৰণ কৰো আহক এগৰাকী মহিয়সী নাৰীক,যিয়ে ত্যাগৰ প্ৰতিমূৰ্তি হিচাপে যুগে যুগে পূজিত হৈ আহিছে। তেওঁৰ নাম উৰ্মিলা। বাল্মীকি ৰচিত ৰামায়ণত উৰ্মিলাৰ অৱদান আছিল অতুলনীয়৷ নিজ স্বামীৰ বাবে উৰ্মিলাই যি ত্যাগ কৰিছিল সেই ত্যাগ আছিল তুলনাবিহীন। উৰ্মিলা আছিল ৰজা জনকৰ দ্বিতীয়া কন্যা আৰু সীতাৰ সৰু ভগ্নী৷ যজ্ঞৰ বাবে মাটি মুকলি কৰিবলৈ লওঁতে ৰজা জনকে নাঙলৰ শিৰলুত প্ৰথমা কন্যা সীতাক লাভ কৰিছিল৷ তাৰ কেইবাবছৰৰো পিছত জনক আৰু পত্নী সুনয়নাৰ গৰ্ভত উৰ্মিলাৰ জন্ম হৈছিল৷ উৰ্মিলা আছিল ৰজা জনকৰ জৈৱ-সৃষ্ট কন্যা আৰু সীতা তোলনীয়া জীয়াৰী৷ সীতাৰ সয়ম্বৰ অনুষ্ঠিত কৰিছিল ৰজা জনকে। বহু ৰাজকুমাৰৰ মাজৰ পৰা ৰামে হৰ ধনু ভাঙি সীতাৰ বাবে যোগ্য পতি বিবেচিত হৈছিল। ৰামে হৰধনু ভঙাৰ কিছুদিন পাছত বিয়াৰ দিন বাৰ ঠিক কৰিবলৈ পিতৃ দশৰথ যেতিয়া জনকৰ গৃহলৈ আহিছিল তেতিয়াই ৰাম-সীতাৰ লগতে উৰ্মিলাৰ বিয়াখনো দশৰথৰ তৃতীয় পুত্ৰ লক্ষ্মণৰ লগত ঠিক কৰা হ’ল৷ বিয়াৰ কিছুদিনৰ পাছত কৈকেয়ীৰ চৰ্ত অনুসৰি ৰাম-সীতা ১৪ বছৰৰ বাবে বনবাসলৈ যাবলৈ সাজু হ'ল। ককায়েক-নবৌয়েকৰ সুৰক্ষাৰ বাবে ভাতৃ লক্ষ্মণেও বনলৈ যাবলৈ সিদ্ধান্ত ল'লে। নৱ বিবাহিতা উৰ্মিলাও স্বামী লক্ষ্ণণৰ সৈতে বনলৈ যাবলৈ ওলাল৷ লক্ষ্মণহীন অয্যোধাত কি কৰি থাকিব উৰ্মিলাই? কিন্তু লক্ষ্মণে উৰ্মিলাক বনলৈ যাবলৈ বাধা দিলে। পিতৃ-মাতৃৰ সেৱাৰ বাবে পত্নী উৰ্মিলাক ৰাজকাৰেঙতে থাকিবলৈ ক'লে লক্ষ্ণণে। স্বামী গুচি যোৱাৰ পাছত বিৰহ-বেদনাত কাতৰ হৈ উঠিল উৰ্মিলা। এগৰাকী নৱ বিবাহিতা পত্নীৰ মনৰ অৱস্থা বুজি নোপোৱা বাবে মনে মনে লক্ষ্মণৰ প্ৰতি অভিমানো জাগি উঠিল উৰ্মিলাৰ। ঘৰৰ পৰা ওলাই যোৱাৰ পিছত প্ৰথম নিশাই ৰাম-সীতাই যেতিয়া শয়নৰ বাবে আগবাঢ়িল লক্ষ্মণ থাকিল জাগ্ৰত প্ৰহৰী হৈ৷ ককায়েক বৌয়েকৰ সুৰক্ষাৰ বাবেই তেওঁ নিজ ইচ্ছাৰে ঘৰ ত্যাগ কৰি ওলাই আহিছে৷ মানৱ শৰীৰৰ বৈশিষ্ট অনুসৰি অলপ পিছতে লক্ষ্মণৰো টোপনি আহিবলৈ ধৰিলে৷ লক্ষ্মণে নিদ্ৰীদেৱীক মিনতি জনালে আনন্তুক চৈধ্য বছৰ নিদ্ৰাদেৱীয়ে যেন লক্ষ্মণক টোপনিৰ পৰা অব্যাহতি দিয়ে, ৰাম-সীতাৰ সুৰক্ষাৰ বাবে দিনে নিশাই তেওঁ অতন্দ্ৰ প্ৰহৰী হৈ থকাটো প্ৰয়োজন৷ নিদ্ৰাদেৱীয়ে ক’লে – এই কথা অসম্ভৱ, এয়া সম্পূৰ্ণ প্ৰকৃতি বিৰোধী কথা! প্ৰত্যেক জীৱৰ বাবেই টোপনি অতীৱ প্ৰয়োজন৷ নিদ্ৰাহীন জীৱন অসম্ভৱ! কিন্তু লক্ষ্মণে নিদ্ৰা দেৱীৰ কথা নামানিলে। তেওঁ বাৰে বাৰে কিবা এটা উপায় ভাবি উলিয়াবলৈ ক'লে। ক্ষন্তেক ৰৈ নিদ্ৰাদেৱীয়ে ক’লে- ''এটা উপায় আছে, তোমাৰ ভাগৰ টোপনিখিনি যদি কোনোবাই স্ব-ইচ্ছাই গ্ৰহণ কৰে, তেতিয়া হ'লে তুমি দিনে নিশাই জাগ্ৰত হৈ থাকি তোমাৰ কাম কৰি যাব পাৰিবা৷'' এই কথা শুনাৰ পাছতে লক্ষ্মণৰ মনত পত্নী উৰ্মিলাৰ মুখখন ভাঁহি আহিছিল। নিদ্ৰা দেৱীক তেওঁ অনুৰোধ জনালে তেওঁ যেন উৰ্মিলাক এই কথাৰ বাবে সন্মত কৰে। নিদ্ৰা দেৱীয়ে সকলো কথা উৰ্মিলাক জনালে। উৰ্মিলাই স্বামীৰ বাবে এই ত্যাগ কৰিবলৈ আনন্দৰে সন্মত হ’ল৷ ৰামায়ণত উল্লেখ আছে যে চৈধ্য বছৰ বনবাসৰ সময়ত লক্ষ্মণ এদিনো শোৱা নাছিল৷ আৰু লক্ষ্মণৰ টোপনিৰ ভাগ নিজলৈ আনি উৰ্মিলা ১৪ বছৰ নিদ্ৰাৰত অৱস্থাত আছিল। নিজৰ জীৱন-যৌৱনৰ ১৪ টা বসন্ত স্বামীৰ নামত ত্যাগ কৰিলে উৰ্মিলাই। ৰাৱণৰ পুত্ৰ মেঘনাদৰ ওপৰত দেৱতাৰ বৰ আছিল যে তেওঁক সেইজন লোকেহে বধ কৰিব পাৰিব যিজন লোক কেইবাবছৰো ধৰি নোশোৱাকৈ আছে। সেই বৰ অনুসৰিয়ে লক্ষ্মণে মেঘনাদক বধ কৰিব পাৰিছিল৷ চৈধ্য বছৰৰ পাছত উৰ্মিলাই যেতিয়া টোপনিৰ পৰা সাৰ পাইছিল বাহিৰত তেতিয়া ৰাম,সীতা,লক্ষ্ণণক আদৰাৰ বিশাল আয়োজন চলিছিল আৰু ৰামৰ ৰাজ অভিষেক হৈছিল। যেতিয়া সীতাই এই বিষয়ে জানিব পাৰিছিল তেতিয়া তেওঁ কৈছিল যে সীতাৰ দৰে ১০০ গৰাকীৰ ত্যাগো উৰ্মিলাৰ ত্যাগৰ সৈতে তুলনা নহয়। উল্লেখ্য যে ৰাজস্থানৰ ভৰতপুৰ জিলাত লক্ষ্মণ আৰু উৰ্মিলালৈ উৎসৰ্গিত এটা মন্দিৰ আছে। মন্দিৰটো ১৮৭০ খ্ৰীষ্টাব্দত ভৰতপুৰৰ তদানীন্তন শাসক বলৱন্ত সিঙে নিৰ্মাণ কৰিছিল আৰু ভৰতপুৰ ৰাজ্যৰ ৰাজপৰিয়ালে ইয়াক ৰাজকীয় মন্দিৰ হিচাপে গণ্য কৰে। আৰু পঢ়কঃ ‘ইহঁত মোৰ সন্তান’! পোহনীয়া পেন্থাৰ আৰু জাগুৱাৰ অবিহনে ইউক্ৰেইন এৰি নাহে ভাৰতীয় চিকিৎসক  

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য