--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা ভাৰতীয়সকলৰ প্ৰস্থান পূৰ্ণগতিত চলি আছে। প্ৰতিদিনে ইউক্ৰেইনৰ পৰা শ শ ভাৰতীয়ক ভাৰতলৈ ঘূৰাই অনা হৈছে। ইফালে এনে কিছুমান ঘটনাও ঘটিছে য'ত কিছুমান লোকে তেওঁলোকৰ পোহনীয়া জন্তু অবিহনে ইউক্ৰেইন এৰিবলৈ ইচ্ছুক নহয়। তেওঁলোকৰ মাজৰে এজন হৈছে ইউক্ৰেইনৰ ভাৰতীয় চিকিৎসক গিৰিকুমাৰ পাটিল। গিৰিকুমাৰে তেওঁৰ পোহনীয়া পেন্থাৰ আৰু জাগুৱাৰৰ অবিহনে ইউক্ৰেইন এৰিবলৈ ইচ্ছুক নহয়। গিৰিকুমাৰক ইউক্ৰেইনত জন্তুৰ প্ৰতি থকা প্ৰেমৰ বাবে জাগুৱাৰ কুমাৰ বুলিও জনা যায়। নিজৰ পোহনীয়া পেন্থাৰ আৰু জাগুৱাৰ অবিহনে যুদ্ধবিধ্বস্ত ইউক্ৰেইন এৰিবলৈ অস্বীকাৰ কৰিছে ভাৰতীয় চিকিৎসকজনে। তেওঁ বাস কৰে ইউক্ৰেইনৰ ডনবাছত। চিকিৎসক পাটিলৰ জন্মস্থান হৈছে অন্ধ্ৰ প্ৰদেশৰ পশ্চিম গোদাৱৰী জিলাৰ তানুকুৰ। পাটিলৰ পোহনীয়া জাগুৱাৰটো ২০ মহীয়া আৰু পেন্থাৰটো ৬ মহীয়া। পৰিয়ালৰ লোকে বাৰে বাৰে ঘৰলৈ ঘূৰি আহিবলৈ কৈছে গিৰিকুমাৰক।   চিকিৎসকগৰাকীয়ে কৈছিল যে "মই এই সন্দৰ্ভত ভাৰতীয় দূতাবাসৰ ওচৰলৈ গৈছিলোঁ কিন্তু কোনো সন্তোষজনক উত্তৰ পোৱা নাছিলোঁ। মোৰ অঞ্চলটো ৰাছিয়াৰ সৈন্যৰ দ্বাৰা আগুৰি আছে আৰু মই যি কৰিব পাৰোঁ সকলো কৰি আছো। মই মোৰ পোহনীয়া জন্তু দুটাক মোৰ ল'ৰা ছোৱালীৰ দৰে ভাল পাওঁ। মই মোৰ জীৱন বচাবলৈ কেতিয়াও ইহঁতক ত্যাগ নকৰো। মোৰ পৰিয়ালে মোক ঘূৰি আহিবলৈ অনুৰোধ কৰিছে। মই ইহঁতৰ সৈতে থাকিম আৰু মোৰ শেষ উশাহলৈকে ইহঁতক সুৰক্ষা দিম।” ভাৰতীয় চিকিৎসকগৰাকীৰ এই পশুপ্ৰেমে এতিয়া সকলোতে চৰ্চা লাভ কৰিছে। আৰু পঢ়কঃ জিমনাষ্ট প্ৰেমিকাক ছুইজাৰলেণ্ডৰ গোপন স্থানত লুকুৱাই ৰাখিছে ৰাষ্ট্ৰপতি পুটিনে

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন