--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা ভাৰতীয়সকলৰ প্ৰস্থান পূৰ্ণগতিত চলি আছে। প্ৰতিদিনে ইউক্ৰেইনৰ পৰা শ শ ভাৰতীয়ক ভাৰতলৈ ঘূৰাই অনা হৈছে। ইফালে এনে কিছুমান ঘটনাও ঘটিছে য'ত কিছুমান লোকে তেওঁলোকৰ পোহনীয়া জন্তু অবিহনে ইউক্ৰেইন এৰিবলৈ ইচ্ছুক নহয়। তেওঁলোকৰ মাজৰে এজন হৈছে ইউক্ৰেইনৰ ভাৰতীয় চিকিৎসক গিৰিকুমাৰ পাটিল। গিৰিকুমাৰে তেওঁৰ পোহনীয়া পেন্থাৰ আৰু জাগুৱাৰৰ অবিহনে ইউক্ৰেইন এৰিবলৈ ইচ্ছুক নহয়। গিৰিকুমাৰক ইউক্ৰেইনত জন্তুৰ প্ৰতি থকা প্ৰেমৰ বাবে জাগুৱাৰ কুমাৰ বুলিও জনা যায়। নিজৰ পোহনীয়া পেন্থাৰ আৰু জাগুৱাৰ অবিহনে যুদ্ধবিধ্বস্ত ইউক্ৰেইন এৰিবলৈ অস্বীকাৰ কৰিছে ভাৰতীয় চিকিৎসকজনে। তেওঁ বাস কৰে ইউক্ৰেইনৰ ডনবাছত। চিকিৎসক পাটিলৰ জন্মস্থান হৈছে অন্ধ্ৰ প্ৰদেশৰ পশ্চিম গোদাৱৰী জিলাৰ তানুকুৰ। পাটিলৰ পোহনীয়া জাগুৱাৰটো ২০ মহীয়া আৰু পেন্থাৰটো ৬ মহীয়া। পৰিয়ালৰ লোকে বাৰে বাৰে ঘৰলৈ ঘূৰি আহিবলৈ কৈছে গিৰিকুমাৰক।   চিকিৎসকগৰাকীয়ে কৈছিল যে "মই এই সন্দৰ্ভত ভাৰতীয় দূতাবাসৰ ওচৰলৈ গৈছিলোঁ কিন্তু কোনো সন্তোষজনক উত্তৰ পোৱা নাছিলোঁ। মোৰ অঞ্চলটো ৰাছিয়াৰ সৈন্যৰ দ্বাৰা আগুৰি আছে আৰু মই যি কৰিব পাৰোঁ সকলো কৰি আছো। মই মোৰ পোহনীয়া জন্তু দুটাক মোৰ ল'ৰা ছোৱালীৰ দৰে ভাল পাওঁ। মই মোৰ জীৱন বচাবলৈ কেতিয়াও ইহঁতক ত্যাগ নকৰো। মোৰ পৰিয়ালে মোক ঘূৰি আহিবলৈ অনুৰোধ কৰিছে। মই ইহঁতৰ সৈতে থাকিম আৰু মোৰ শেষ উশাহলৈকে ইহঁতক সুৰক্ষা দিম।” ভাৰতীয় চিকিৎসকগৰাকীৰ এই পশুপ্ৰেমে এতিয়া সকলোতে চৰ্চা লাভ কৰিছে। আৰু পঢ়কঃ জিমনাষ্ট প্ৰেমিকাক ছুইজাৰলেণ্ডৰ গোপন স্থানত লুকুৱাই ৰাখিছে ৰাষ্ট্ৰপতি পুটিনে

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল