--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ দুখন মহাকাব্য ৰামায়ণ আৰু মহাভাৰত। এতিয়া এই দুই মহাকাব্য হয়তো  ইতিহাসৰ পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত হ’ব৷  এনচিইআৰটিৰ সমাজ বিজ্ঞান সমিতিয়ে এনে ধৰণৰ প্ৰস্তাৱ আগবঢ়াইছে।  সৰ্বভাৰতীয় সংবাদ মাধ্যমে  এই দাবী কৰিছে।

উচ্চ পৰ্যায়ৰ পেনেলৰ শীৰ্ষ বিষয়া অধ্যাপক চি.আই. আইজাকে এই প্ৰস্তাৱৰ সৈতে পাঠ্যক্ৰমৰ বাবে আন কেইবাটাও প্ৰস্তাৱ দিছে। তাৰে এটা হ'ল ইতিহাসৰ নতুন বিভাজন। মুঠ চাৰিটা খণ্ডত ইতিহাস বিভক্ত  কৰাৰ পৰামৰ্শ দিয়া হৈছে৷  অৰ্থাৎ ধ্ৰুপদী, মধ্যযুগীয়, ব্ৰিটিছ আৰু আধুনিক ভাৰতৰ ইতিহাস। বেদ আৰু আয়ুৰ্বেদৰ পাঠ্যপুথিসমূহো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰা হৈছে। ইয়াৰ উপৰি  নেতাজী সুভাষ চন্দ্ৰ বসুৰ দৰে ৰাষ্ট্ৰীয় নায়কসকলকো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিবলৈ কোৱা হৈছে। এনচিইআৰটিয়ে প্ৰস্তাৱটোৰ প্ৰতি সঁহাৰি দিব নে নাই সেয়া লক্ষ্যণীয় হ’ব৷
চি.আই. আইজাকে কয়, "পৰম্পৰাগত ইতিহাসত ৰামায়ণ-মহাভাৰত আছে । আমি এই প্ৰস্তাৱ দিছো যাতে শিক্ষাৰ্থীসকলে জানিব পাৰে যে ৰাম কোন আছিল আৰু তেওঁ কি কৰিছিল৷  পাঠ্যক্ৰমত  মহাকাব্যৰ কেৱল এটা সৰু অংশহে শিকোৱা হ'ব। "

লক্ষণীয় কথাটো হ’ল পূৰ্বে  এনচিইআৰটিৰ  পাঠ্যক্ৰমৰ পৰিৱৰ্তনক লৈ যথেষ্ট বিতৰ্ক হৈছিল। মোগল যুগ, ডাৰউইনৰ বিৱৰ্তন, নাৰী আন্দোলনৰ ইতিহাসৰ দৰে গুৰুত্বপূৰ্ণ অধ্যায়বোৰ পাঠ্যক্ৰমৰ পৰা  বাদ পৰিছিল। ইতিহাসৰ কিতাপত ৰামায়ণ-মহাভাৰত অন্তৰ্ভুক্ত কৰিলে  কোনো বিতৰ্ক হয় নেকি তাকেলৈয়ো প্ৰশ্ন উত্থাপন হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান