--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ দুখন মহাকাব্য ৰামায়ণ আৰু মহাভাৰত। এতিয়া এই দুই মহাকাব্য হয়তো  ইতিহাসৰ পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত হ’ব৷  এনচিইআৰটিৰ সমাজ বিজ্ঞান সমিতিয়ে এনে ধৰণৰ প্ৰস্তাৱ আগবঢ়াইছে।  সৰ্বভাৰতীয় সংবাদ মাধ্যমে  এই দাবী কৰিছে।

উচ্চ পৰ্যায়ৰ পেনেলৰ শীৰ্ষ বিষয়া অধ্যাপক চি.আই. আইজাকে এই প্ৰস্তাৱৰ সৈতে পাঠ্যক্ৰমৰ বাবে আন কেইবাটাও প্ৰস্তাৱ দিছে। তাৰে এটা হ'ল ইতিহাসৰ নতুন বিভাজন। মুঠ চাৰিটা খণ্ডত ইতিহাস বিভক্ত  কৰাৰ পৰামৰ্শ দিয়া হৈছে৷  অৰ্থাৎ ধ্ৰুপদী, মধ্যযুগীয়, ব্ৰিটিছ আৰু আধুনিক ভাৰতৰ ইতিহাস। বেদ আৰু আয়ুৰ্বেদৰ পাঠ্যপুথিসমূহো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰা হৈছে। ইয়াৰ উপৰি  নেতাজী সুভাষ চন্দ্ৰ বসুৰ দৰে ৰাষ্ট্ৰীয় নায়কসকলকো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিবলৈ কোৱা হৈছে। এনচিইআৰটিয়ে প্ৰস্তাৱটোৰ প্ৰতি সঁহাৰি দিব নে নাই সেয়া লক্ষ্যণীয় হ’ব৷
চি.আই. আইজাকে কয়, "পৰম্পৰাগত ইতিহাসত ৰামায়ণ-মহাভাৰত আছে । আমি এই প্ৰস্তাৱ দিছো যাতে শিক্ষাৰ্থীসকলে জানিব পাৰে যে ৰাম কোন আছিল আৰু তেওঁ কি কৰিছিল৷  পাঠ্যক্ৰমত  মহাকাব্যৰ কেৱল এটা সৰু অংশহে শিকোৱা হ'ব। "

লক্ষণীয় কথাটো হ’ল পূৰ্বে  এনচিইআৰটিৰ  পাঠ্যক্ৰমৰ পৰিৱৰ্তনক লৈ যথেষ্ট বিতৰ্ক হৈছিল। মোগল যুগ, ডাৰউইনৰ বিৱৰ্তন, নাৰী আন্দোলনৰ ইতিহাসৰ দৰে গুৰুত্বপূৰ্ণ অধ্যায়বোৰ পাঠ্যক্ৰমৰ পৰা  বাদ পৰিছিল। ইতিহাসৰ কিতাপত ৰামায়ণ-মহাভাৰত অন্তৰ্ভুক্ত কৰিলে  কোনো বিতৰ্ক হয় নেকি তাকেলৈয়ো প্ৰশ্ন উত্থাপন হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান