--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আশাৰ কিছু ৰেঙনি দেখা গৈছে৷হয়,  অৱশেষত উত্তৰকাশীৰ সুৰংগত আবদ্ধ হৈ থকা ৪১ গৰাকী শ্ৰমিকৰ উদ্ধাৰক লৈ দেখা গৈছে আশাৰ ৰেঙনি৷ উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগ ভাঙি পৰা স্থানত উদ্ধাৰ অভিযানৰ দশম দিনা অভিযানকাৰী দলটোৱে এক উল্লেখনীয় সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। মঙলবাৰে ঘটনাৰ ১০ দিনৰ পাছত, প্ৰথমবাৰলৈ বহিঃবিশ্বৰ লোকে প্ৰত্যক্ষ কৰিলে উত্তৰকাশীৰ  সুৰংগত আবদ্ধ হৈ থকা  ৪১ গৰাকী শ্ৰমিকক৷ 


উত্তৰাখণ্ডৰ যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ চিল্কিয়াৰা সুৰংগৰ এটা অংশ খহি পৰাৰ ফলত সুৰংগৰ ভিতৰতে আৱদ্ধ হৈ থকা ৪১ জনকৈ শ্ৰমিকক উদ্ধাৰৰ বাবে দিনে-নিশাই প্ৰচেষ্টা অব্যাহত আছে৷ উদ্ধাৰকাৰী দল অব্যাহত ৰখা প্ৰচেষ্টাৰ অন্তত প্ৰথমবাৰৰ বাবে কেমেৰাত ধৰি দিছিল ৪১ গৰাকীকৈ শ্ৰমিকে৷বাহিৰৰ পৰাও আহিছে বিশেষজ্ঞ৷ আশা কৰা হৈছে যে দুদিনৰ ভিতৰত শ্ৰমিকসকলক উদ্ধাৰ কৰিব পৰা যাব৷ 

সমগ্ৰ দেশবাসীৰ লগতে পৰিয়ালৰ উৎসুকতাৰ অন্ত পেলাই কেমেৰাৰ সন্মুখলৈ আহিছে প্ৰতিগৰাকী শ্ৰমিক৷ উদ্ধাৰকাৰী দলে এজন এজনকৈ হিচাব  কৰিছে প্ৰতিগৰাকী শ্ৰমিকক৷ দৰাচলত উদ্ধাৰ অভিযান দীঘলীয়া হোৱাৰ বাবেই শ্ৰমিকসকলক সুস্থ ৰখাৰ বাবে প্ৰয়োজন হৈছিল বিশেষ খাদ্যৰ৷ ইতিমধ্যে এডাল বিশেষ পাইপৰ জৰিয়তে কিছু পৰিমাণে খাদ্য প্ৰেৰণ কৰা হৈছে৷ 

 কিন্তু সেইডাল পাইপ বন্ধ হৈ পৰিলে শ্ৰমিকসকলক খাদ্য যোগানৰ বাবে বন্ধ হৈ পৰিব সকলো পথ৷ তেনেস্থলত মূল উদ্ধাৰ কাৰ্য দুদিনধৰি বন্ধ হৈ থকাৰ মাজতো সুৰংগৰ ভিতৰত ড্ৰিলিঙৰ জৰিয়তে প্ৰৱেশ কৰোৱা হৈছে ৬ ইঞ্চি ব্যাসৰ ৫৩ মিটাৰ দৈৰ্ঘ্যৰ এডাল পাইপ৷ সোমবাৰৰ পৰা চলোৱা এই কাৰ্যত সফলতা লাভৰ পাছত মঙলবাৰে প্ৰথমবাৰলৈ এন্ড্র’স্কেপিক কেমেৰাৰ জৰিয়তে প্ৰত্যক্ষ কৰা হয় ৪১ জনকৈ শ্ৰমিকক৷ ইয়াৰ  পাছতেই উদ্ধাৰ অভিযানে লাভ কৰিছে নতুন গতি৷

ইপিনে ৬ ইঞ্চি ব্যাসৰ এই বিশেষ পাইপডালৰ জৰিয়তে ইতিমধ্যে শ্ৰমিকসকললৈ এটা ৱাকিটকি প্ৰেৰণ কৰাৰ লগতে ১০ দিনৰ পাছত প্ৰথমবাৰলৈ আবদ্ধ লোকসকললৈ প্ৰেৰণ কৰা হৈছে গোটা আহাৰ৷ বটলত ভৰাই গৰম খিচিৰি প্ৰেৰণ কৰাৰ লগতে পাইপৰ জৰিয়তে ফল-মূল তথা এণ্টি ডিপ্ৰেছনৰ ঔষধ প্ৰেৰণ কৰা হৈছে ৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক