--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আশাৰ কিছু ৰেঙনি দেখা গৈছে৷হয়,  অৱশেষত উত্তৰকাশীৰ সুৰংগত আবদ্ধ হৈ থকা ৪১ গৰাকী শ্ৰমিকৰ উদ্ধাৰক লৈ দেখা গৈছে আশাৰ ৰেঙনি৷ উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগ ভাঙি পৰা স্থানত উদ্ধাৰ অভিযানৰ দশম দিনা অভিযানকাৰী দলটোৱে এক উল্লেখনীয় সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। মঙলবাৰে ঘটনাৰ ১০ দিনৰ পাছত, প্ৰথমবাৰলৈ বহিঃবিশ্বৰ লোকে প্ৰত্যক্ষ কৰিলে উত্তৰকাশীৰ  সুৰংগত আবদ্ধ হৈ থকা  ৪১ গৰাকী শ্ৰমিকক৷ 


উত্তৰাখণ্ডৰ যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ চিল্কিয়াৰা সুৰংগৰ এটা অংশ খহি পৰাৰ ফলত সুৰংগৰ ভিতৰতে আৱদ্ধ হৈ থকা ৪১ জনকৈ শ্ৰমিকক উদ্ধাৰৰ বাবে দিনে-নিশাই প্ৰচেষ্টা অব্যাহত আছে৷ উদ্ধাৰকাৰী দল অব্যাহত ৰখা প্ৰচেষ্টাৰ অন্তত প্ৰথমবাৰৰ বাবে কেমেৰাত ধৰি দিছিল ৪১ গৰাকীকৈ শ্ৰমিকে৷বাহিৰৰ পৰাও আহিছে বিশেষজ্ঞ৷ আশা কৰা হৈছে যে দুদিনৰ ভিতৰত শ্ৰমিকসকলক উদ্ধাৰ কৰিব পৰা যাব৷ 

সমগ্ৰ দেশবাসীৰ লগতে পৰিয়ালৰ উৎসুকতাৰ অন্ত পেলাই কেমেৰাৰ সন্মুখলৈ আহিছে প্ৰতিগৰাকী শ্ৰমিক৷ উদ্ধাৰকাৰী দলে এজন এজনকৈ হিচাব  কৰিছে প্ৰতিগৰাকী শ্ৰমিকক৷ দৰাচলত উদ্ধাৰ অভিযান দীঘলীয়া হোৱাৰ বাবেই শ্ৰমিকসকলক সুস্থ ৰখাৰ বাবে প্ৰয়োজন হৈছিল বিশেষ খাদ্যৰ৷ ইতিমধ্যে এডাল বিশেষ পাইপৰ জৰিয়তে কিছু পৰিমাণে খাদ্য প্ৰেৰণ কৰা হৈছে৷ 

 কিন্তু সেইডাল পাইপ বন্ধ হৈ পৰিলে শ্ৰমিকসকলক খাদ্য যোগানৰ বাবে বন্ধ হৈ পৰিব সকলো পথ৷ তেনেস্থলত মূল উদ্ধাৰ কাৰ্য দুদিনধৰি বন্ধ হৈ থকাৰ মাজতো সুৰংগৰ ভিতৰত ড্ৰিলিঙৰ জৰিয়তে প্ৰৱেশ কৰোৱা হৈছে ৬ ইঞ্চি ব্যাসৰ ৫৩ মিটাৰ দৈৰ্ঘ্যৰ এডাল পাইপ৷ সোমবাৰৰ পৰা চলোৱা এই কাৰ্যত সফলতা লাভৰ পাছত মঙলবাৰে প্ৰথমবাৰলৈ এন্ড্র’স্কেপিক কেমেৰাৰ জৰিয়তে প্ৰত্যক্ষ কৰা হয় ৪১ জনকৈ শ্ৰমিকক৷ ইয়াৰ  পাছতেই উদ্ধাৰ অভিযানে লাভ কৰিছে নতুন গতি৷

ইপিনে ৬ ইঞ্চি ব্যাসৰ এই বিশেষ পাইপডালৰ জৰিয়তে ইতিমধ্যে শ্ৰমিকসকললৈ এটা ৱাকিটকি প্ৰেৰণ কৰাৰ লগতে ১০ দিনৰ পাছত প্ৰথমবাৰলৈ আবদ্ধ লোকসকললৈ প্ৰেৰণ কৰা হৈছে গোটা আহাৰ৷ বটলত ভৰাই গৰম খিচিৰি প্ৰেৰণ কৰাৰ লগতে পাইপৰ জৰিয়তে ফল-মূল তথা এণ্টি ডিপ্ৰেছনৰ ঔষধ প্ৰেৰণ কৰা হৈছে ৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান