--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এতিয়া বহু কম বয়সৰ লোকে হৃদৰোগত আক্ৰান্ত হৈ হঠাতে মৃত্যু ঘটাৰ ঘটনা বৃদ্ধি পাইছে৷ এনেদৰে হঠাতে ঘটা মৃত্যুৰ বাবে বহুতে কোভিড ভেকচিনকেই দায়ী কৰি আহিছে৷ কিন্তু এনে অভিযোগৰ কোনো ভিত্তি নাই বুলি এক গৱেষণাত প্ৰকাশ পাইছে৷   কোভিডৰ আতংক  আৰু ইয়াৰ পৰৱৰ্তী সময়ত বহুক্ষেত্ৰত যুৱক-যুৱতীৰ আকস্মিক মৃত্যু হোৱা দেখা গৈছে।এই অকাল মৃত্যু কোভিড ভেকচিনৰ ফলত হৈছে নেকি? আই চি এম আৰে এই প্ৰশ্নৰ উত্তৰ লৈ হাজিৰ হৈছে৷ 

আই চিএম আৰৰ অধ্যয়ন অনুসৰি কোভিড ভেকচিনে কম বয়সৰ  লোকসকলৰ মাজত আকস্মিক মৃত্যুৰ আশংকা বৃদ্ধি কৰা নাছিল। ইয়াৰ সলনি ভেকচিনে এনে মৃত্যুৰ আশংকা  হ্ৰাসহে কৰিছে। অধ্যয়ন অনুসৰি ভেকচিনৰ কমেও এটা পালি গ্ৰহণ কৰিলেও আকস্মিক মৃত্যুৰ আশংকা হ্ৰাস হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ 

এনে দাবীৰ মাজতে প্ৰশ্ন হয়  কম বয়সৰ লোকসকলৰ  আকস্মিক মৃত্যু কিয় হৈ আছে? আই চিএম আৰৰ অধীনস্থ ইচমৰৰ গৱেষণাই ইয়াৰো উত্তৰ দিছে। গৱেষণাই কয় যে যদি পৰিয়ালৰ কাৰোবাৰ আকস্মিক মৃত্যুৰ ইতিহাস থাকে, যদি কাৰোবাৰ সুৰাপান কৰাৰ অভ্যাস থাকে, নিৰন্তৰ বহি থকা কাম থাকে, তেন্তে  ই আকস্মিক মৃত্যুৰ আশংকা বৃদ্ধি কৰে।  

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (আইচিএমআৰ) এই অধ্যয়ন অনুসৰি দেশৰ ৪৭ খন চিকিৎসালয়ক সামৰি কৰিছিল। দেখা গৈছে যে ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ বহু স্বাস্থ্যৱান লোক কোনো কাৰণ নোহোৱাকৈয়ে হঠাতে মৃত্যুমুখত পৰিছে।  ১ অক্টোবৰ, ২০২১ ৰ পৰা ৩১ মাৰ্চ, ২০২৩ ৰ ভিতৰত এনে বহু ঘটনা ঘটা দেখা গৈছে। 

 ধূমপান, সুৰাপান আৰু ড্ৰাগছৰ ব্যৱহাৰে  যুৱক-যুৱতীসকলৰ মাজত হঠাতে মৃত্যুৰ আশংকা  বৃদ্ধি কৰিছে বুলি  অধ্যয়নটোত প্ৰকাশ পাইছে৷ ইয়াৰ উপৰি  কম শাৰীৰিক পৰিশ্ৰমো আকস্মিক মৃত্যুৰ কাৰণ হ’ব পাৰে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান