--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এতিয়া বহু কম বয়সৰ লোকে হৃদৰোগত আক্ৰান্ত হৈ হঠাতে মৃত্যু ঘটাৰ ঘটনা বৃদ্ধি পাইছে৷ এনেদৰে হঠাতে ঘটা মৃত্যুৰ বাবে বহুতে কোভিড ভেকচিনকেই দায়ী কৰি আহিছে৷ কিন্তু এনে অভিযোগৰ কোনো ভিত্তি নাই বুলি এক গৱেষণাত প্ৰকাশ পাইছে৷   কোভিডৰ আতংক  আৰু ইয়াৰ পৰৱৰ্তী সময়ত বহুক্ষেত্ৰত যুৱক-যুৱতীৰ আকস্মিক মৃত্যু হোৱা দেখা গৈছে।এই অকাল মৃত্যু কোভিড ভেকচিনৰ ফলত হৈছে নেকি? আই চি এম আৰে এই প্ৰশ্নৰ উত্তৰ লৈ হাজিৰ হৈছে৷ 

আই চিএম আৰৰ অধ্যয়ন অনুসৰি কোভিড ভেকচিনে কম বয়সৰ  লোকসকলৰ মাজত আকস্মিক মৃত্যুৰ আশংকা বৃদ্ধি কৰা নাছিল। ইয়াৰ সলনি ভেকচিনে এনে মৃত্যুৰ আশংকা  হ্ৰাসহে কৰিছে। অধ্যয়ন অনুসৰি ভেকচিনৰ কমেও এটা পালি গ্ৰহণ কৰিলেও আকস্মিক মৃত্যুৰ আশংকা হ্ৰাস হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ 

এনে দাবীৰ মাজতে প্ৰশ্ন হয়  কম বয়সৰ লোকসকলৰ  আকস্মিক মৃত্যু কিয় হৈ আছে? আই চিএম আৰৰ অধীনস্থ ইচমৰৰ গৱেষণাই ইয়াৰো উত্তৰ দিছে। গৱেষণাই কয় যে যদি পৰিয়ালৰ কাৰোবাৰ আকস্মিক মৃত্যুৰ ইতিহাস থাকে, যদি কাৰোবাৰ সুৰাপান কৰাৰ অভ্যাস থাকে, নিৰন্তৰ বহি থকা কাম থাকে, তেন্তে  ই আকস্মিক মৃত্যুৰ আশংকা বৃদ্ধি কৰে।  

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (আইচিএমআৰ) এই অধ্যয়ন অনুসৰি দেশৰ ৪৭ খন চিকিৎসালয়ক সামৰি কৰিছিল। দেখা গৈছে যে ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ বহু স্বাস্থ্যৱান লোক কোনো কাৰণ নোহোৱাকৈয়ে হঠাতে মৃত্যুমুখত পৰিছে।  ১ অক্টোবৰ, ২০২১ ৰ পৰা ৩১ মাৰ্চ, ২০২৩ ৰ ভিতৰত এনে বহু ঘটনা ঘটা দেখা গৈছে। 

 ধূমপান, সুৰাপান আৰু ড্ৰাগছৰ ব্যৱহাৰে  যুৱক-যুৱতীসকলৰ মাজত হঠাতে মৃত্যুৰ আশংকা  বৃদ্ধি কৰিছে বুলি  অধ্যয়নটোত প্ৰকাশ পাইছে৷ ইয়াৰ উপৰি  কম শাৰীৰিক পৰিশ্ৰমো আকস্মিক মৃত্যুৰ কাৰণ হ’ব পাৰে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক