--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বন্দীদশা শেষ হোৱা নাই। বন্দীত্বৰ আন এক অধ্যায়ৰ সৈতে পৰিচয় হ’বলৈ গৈ আছে আৰিয়ানে। ২৬ দিন কাৰাগাৰৰ বন্ধ কুঠৰীত কটোৱাৰ পাছত মন্নতলৈ উভতি আহিছে বাদশ্বাহ তনয় আৰিয়ান।শ্বাহৰূখৰ ভৱনৰ বাহিৰত উৎসৱৰ কোৰ্হাল। পুত্ৰৰ মুক্তিয়ে বিমল আনন্দ প্ৰদান কৰিলেও অৱসান ঘটা নাই উদ্বিগ্নতাৰ। আইনী বন্দীদশাৰ অন্ত পৰিলেও কঠোৰ নিয়ম কানুনৰ মাজত থাকিব লাগিব বাদশ্বাহ তনয়। কিছুদিনৰ বাবে মন্নতৰ বাহিৰত নিজৰ ছাটোও পৰিব নোৱাৰিব এইগৰাকী ষ্টাৰকীডৰ। এই বিষয়ে সদৰী কৰিছে শ্বাহৰূখৰ মেনেজাৰ পূজা দাদলানীয়ে। আপাত দৃষ্টিত আইনী বন্দীত্ব শেষ হ'লেও বাদশ্বাহ-তনয়ে চাৰিখন দেৱালৰ ভিতৰতে দিন কটাব লাগিব। ইফালে ককায়েকে কাৰাগাৰৰ পৰা মুকলি হোৱাৰ বাতৰি পাইছে প্ৰিয় ভগ্নীয়ে। অতিশীঘ্ৰে নিউয়ৰ্কৰ পৰা মন্নত পাবহি ভগ্নী সুহানা ।

পঢি়ব পাৰেঃ কৰ্ডেলিয়াৰ পৰা মন্নতলৈঃ আৰিয়ানৰ ২৯ দিন


জানিবলৈ পোৱা মতে,কেইটামান চৰ্তৰ ভিত্তিতহে আৰিয়ানক জামিন প্ৰদান কৰিছে বম্বে উচ্চ ন্যায়ালয়ে। বিশেষ আদালতত জমা ৰাখিব লাগিব পাছপোৰ্ট। দেশৰ বাহিৰৰ কোনো ঠাইলৈ যাবলৈ হ’লে তদন্তকাৰী বিষয়াৰ অনুমতি ল’ব লাগিব আৰিয়ানে। সম্প্ৰতি লোকচক্ষুৰ পৰা আৰিয়ানক আঁতৰাই ৰখাৰ সিদ্ধান্ত লৈছে শ্বাহৰূখ-গৌৰীয়ে। জানিবলৈ পোৱা মতে, মন্নতৰ বাহিৰত এতিয়াৰে পৰা এজন ফটোগ্ৰাফাৰ থাকিব। আৰিয়ানৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব এই ফটোগ্ৰাফাৰ সকলে। শ্বাহৰূখ পুত্ৰৰ বন্ধুবৰ্গকো পৰিয়ালে মন্নতলৈ নাহিবলৈ অনুৰোধ জনাইছে।
আৰিয়ানৰ জামিনৰ বাতৰিত সুখী কিং খানৰ বন্ধুবৰ্গ । ছলমান খান আৰু অক্ষয় কুমাৰে ফোন যোগে খবৰ লৈছে শ্বাহৰূখৰ। উল্লেখ্য যে, আৰিয়ান গ্ৰেপ্তাৰ হোৱাৰ পাছত ছলমান খানে একাধিকবাৰ শ্বাহৰূখৰ ঘৰলৈ দৌৰি গৈছিল। এই বন্দীদশা ৰ কেতিয়া সাম কাটে সেয়া সময়েহে ক’ব...!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ