--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বন্দীদশা শেষ হোৱা নাই। বন্দীত্বৰ আন এক অধ্যায়ৰ সৈতে পৰিচয় হ’বলৈ গৈ আছে আৰিয়ানে। ২৬ দিন কাৰাগাৰৰ বন্ধ কুঠৰীত কটোৱাৰ পাছত মন্নতলৈ উভতি আহিছে বাদশ্বাহ তনয় আৰিয়ান।শ্বাহৰূখৰ ভৱনৰ বাহিৰত উৎসৱৰ কোৰ্হাল। পুত্ৰৰ মুক্তিয়ে বিমল আনন্দ প্ৰদান কৰিলেও অৱসান ঘটা নাই উদ্বিগ্নতাৰ। আইনী বন্দীদশাৰ অন্ত পৰিলেও কঠোৰ নিয়ম কানুনৰ মাজত থাকিব লাগিব বাদশ্বাহ তনয়। কিছুদিনৰ বাবে মন্নতৰ বাহিৰত নিজৰ ছাটোও পৰিব নোৱাৰিব এইগৰাকী ষ্টাৰকীডৰ। এই বিষয়ে সদৰী কৰিছে শ্বাহৰূখৰ মেনেজাৰ পূজা দাদলানীয়ে। আপাত দৃষ্টিত আইনী বন্দীত্ব শেষ হ'লেও বাদশ্বাহ-তনয়ে চাৰিখন দেৱালৰ ভিতৰতে দিন কটাব লাগিব। ইফালে ককায়েকে কাৰাগাৰৰ পৰা মুকলি হোৱাৰ বাতৰি পাইছে প্ৰিয় ভগ্নীয়ে। অতিশীঘ্ৰে নিউয়ৰ্কৰ পৰা মন্নত পাবহি ভগ্নী সুহানা ।

পঢি়ব পাৰেঃ কৰ্ডেলিয়াৰ পৰা মন্নতলৈঃ আৰিয়ানৰ ২৯ দিন


জানিবলৈ পোৱা মতে,কেইটামান চৰ্তৰ ভিত্তিতহে আৰিয়ানক জামিন প্ৰদান কৰিছে বম্বে উচ্চ ন্যায়ালয়ে। বিশেষ আদালতত জমা ৰাখিব লাগিব পাছপোৰ্ট। দেশৰ বাহিৰৰ কোনো ঠাইলৈ যাবলৈ হ’লে তদন্তকাৰী বিষয়াৰ অনুমতি ল’ব লাগিব আৰিয়ানে। সম্প্ৰতি লোকচক্ষুৰ পৰা আৰিয়ানক আঁতৰাই ৰখাৰ সিদ্ধান্ত লৈছে শ্বাহৰূখ-গৌৰীয়ে। জানিবলৈ পোৱা মতে, মন্নতৰ বাহিৰত এতিয়াৰে পৰা এজন ফটোগ্ৰাফাৰ থাকিব। আৰিয়ানৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব এই ফটোগ্ৰাফাৰ সকলে। শ্বাহৰূখ পুত্ৰৰ বন্ধুবৰ্গকো পৰিয়ালে মন্নতলৈ নাহিবলৈ অনুৰোধ জনাইছে।
আৰিয়ানৰ জামিনৰ বাতৰিত সুখী কিং খানৰ বন্ধুবৰ্গ । ছলমান খান আৰু অক্ষয় কুমাৰে ফোন যোগে খবৰ লৈছে শ্বাহৰূখৰ। উল্লেখ্য যে, আৰিয়ান গ্ৰেপ্তাৰ হোৱাৰ পাছত ছলমান খানে একাধিকবাৰ শ্বাহৰূখৰ ঘৰলৈ দৌৰি গৈছিল। এই বন্দীদশা ৰ কেতিয়া সাম কাটে সেয়া সময়েহে ক’ব...!


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু