--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আৰু বিশ্বৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীৰ (Mukesh Ambani) নাম নুশুনা মানুহ নাই। ৰিলায়েন্স গ্ৰুপৰ মালিক মুকেশ আম্বানী যোৱা কেইটামান দশকত সম্পত্তিৰ ক্ষেত্ৰত দেশৰ আটাইতকৈ ধনী হৈ আছে। দিনবোৰ বাঢ়ি যোৱাৰ লগে লগে তেওঁৰ সম্পদ-সম্পত্তিও বাঢ়ি গৈ আছে। স্বাভাৱিকতে তেওঁৰ জীৱন বিলাসী তথা ৰাজকীয়। 

তেওঁ মুম্বাইত সপোনৰ বিশাল প্ৰাসাদ 'এণ্টিলিয়া'ত বাস কৰে যাৰ মূল্য প্ৰায় ১৪ হাজাৰ কোটি টকা। তেওঁৰ ঘৰটো এখন ছেভেন ষ্টাৰ হোটেলৰ সমান। লগতে এই কোটিপতিজনৰ ওচৰত আছে কেইবাখনো বিলাসী গাড়ীৰ সংগ্ৰহ। আপুনি শুনি আচৰিত হ'ব যে এই ঘৰটোৰ প্ৰথম কেইটামান মহলা কেৱল গাড়ী পাৰ্কিঙৰ বাবে আৱণ্টন কৰা হৈছে। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে আম্বানীৰ নিজৰ ড্ৰাইভাৰৰ দৰমহা কিমান? যেতিয়া ধনৰ কথা আহে, লগতে বিলাসী জীৱনৰ কথা ওলায়, আম্বানীৰ নাম প্ৰথমে মনলৈ আহে। 

কেতিয়াবা আম্বানীৰ বিলাসী জীৱনশৈলী ছ'চিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে। তেওঁ মুম্বাইত ঘূৰা-ফুৰা কৰিবলৈ মুম্বাই আৰক্ষীৰ পৰা অতিৰিক্ত নিৰাপত্তা লাভ কৰে। ইয়াৰ মাজতে শেহতীয়াকৈ খবৰ পোৱা গৈছিল যে আম্বানীয়ে তেওঁৰ নিজৰ গাড়ীৰ চালকক যথেষ্ট দৰমহা দিয়ে, যিটো আপুনি শুনিলে আপোনাৰ চকু কপালত উঠিব। মুকেশ আম্বানীয়ে তেওঁৰ ব্যক্তিগত গাড়ী চালকক মাহিলী ২ লাখ টকা দৰমহা দিয়ে। 

ভাৰতত বহু উচ্চপদস্থ চৰকাৰী চাকৰিয়ালে সিমান দৰমহা নাপায়। ইয়াৰ উপৰিও মুকেশ আম্বানীৰ গাড়ী চালকৰ সন্তানে বিদেশত অধ্যয়ন কৰি আছে। মুকেশ আম্বানীয়ে ড্ৰাইভাৰক মাহিলী লাখ টকা দৰমহা দিয়াৰ পাছতো বিদেশত পঢ়ি থকা ড্ৰাইভাৰৰ সন্তানৰ শিক্ষাৰ সকলো খৰচ বহন কৰি আছে। উল্লেখ্য যে মুকেশ আম্বানীৰ গাড়ীৰ চালক হোৱাটো সহজ নহয়। তাৰবাবে এক কঠিন পৰীক্ষা দিব লগা হয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস