--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আৰু বিশ্বৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীৰ (Mukesh Ambani) নাম নুশুনা মানুহ নাই। ৰিলায়েন্স গ্ৰুপৰ মালিক মুকেশ আম্বানী যোৱা কেইটামান দশকত সম্পত্তিৰ ক্ষেত্ৰত দেশৰ আটাইতকৈ ধনী হৈ আছে। দিনবোৰ বাঢ়ি যোৱাৰ লগে লগে তেওঁৰ সম্পদ-সম্পত্তিও বাঢ়ি গৈ আছে। স্বাভাৱিকতে তেওঁৰ জীৱন বিলাসী তথা ৰাজকীয়। 

তেওঁ মুম্বাইত সপোনৰ বিশাল প্ৰাসাদ 'এণ্টিলিয়া'ত বাস কৰে যাৰ মূল্য প্ৰায় ১৪ হাজাৰ কোটি টকা। তেওঁৰ ঘৰটো এখন ছেভেন ষ্টাৰ হোটেলৰ সমান। লগতে এই কোটিপতিজনৰ ওচৰত আছে কেইবাখনো বিলাসী গাড়ীৰ সংগ্ৰহ। আপুনি শুনি আচৰিত হ'ব যে এই ঘৰটোৰ প্ৰথম কেইটামান মহলা কেৱল গাড়ী পাৰ্কিঙৰ বাবে আৱণ্টন কৰা হৈছে। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে আম্বানীৰ নিজৰ ড্ৰাইভাৰৰ দৰমহা কিমান? যেতিয়া ধনৰ কথা আহে, লগতে বিলাসী জীৱনৰ কথা ওলায়, আম্বানীৰ নাম প্ৰথমে মনলৈ আহে। 

কেতিয়াবা আম্বানীৰ বিলাসী জীৱনশৈলী ছ'চিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে। তেওঁ মুম্বাইত ঘূৰা-ফুৰা কৰিবলৈ মুম্বাই আৰক্ষীৰ পৰা অতিৰিক্ত নিৰাপত্তা লাভ কৰে। ইয়াৰ মাজতে শেহতীয়াকৈ খবৰ পোৱা গৈছিল যে আম্বানীয়ে তেওঁৰ নিজৰ গাড়ীৰ চালকক যথেষ্ট দৰমহা দিয়ে, যিটো আপুনি শুনিলে আপোনাৰ চকু কপালত উঠিব। মুকেশ আম্বানীয়ে তেওঁৰ ব্যক্তিগত গাড়ী চালকক মাহিলী ২ লাখ টকা দৰমহা দিয়ে। 

ভাৰতত বহু উচ্চপদস্থ চৰকাৰী চাকৰিয়ালে সিমান দৰমহা নাপায়। ইয়াৰ উপৰিও মুকেশ আম্বানীৰ গাড়ী চালকৰ সন্তানে বিদেশত অধ্যয়ন কৰি আছে। মুকেশ আম্বানীয়ে ড্ৰাইভাৰক মাহিলী লাখ টকা দৰমহা দিয়াৰ পাছতো বিদেশত পঢ়ি থকা ড্ৰাইভাৰৰ সন্তানৰ শিক্ষাৰ সকলো খৰচ বহন কৰি আছে। উল্লেখ্য যে মুকেশ আম্বানীৰ গাড়ীৰ চালক হোৱাটো সহজ নহয়। তাৰবাবে এক কঠিন পৰীক্ষা দিব লগা হয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত