--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন অসাধাৰণ কেফে। কেফেখনৰ প্ৰতিজন কৰ্মচাৰীয়েই এইচ.আই.ভি.পজিটিভ। এই কেফেখন আছে কলিকতাত। এছিয়াৰ ভিতৰত এনেধৰণৰ কেফে এইখনেই প্ৰথম। যোধপুৰ পাৰ্ক এলেকাত মুকলি হোৱা কেফেখনৰ নাম 'কেফে পজিটিভ'। ইয়াৰ উদ্দেশ্য হৈছে এইচআইভি পজিটিভ লোকসকলৰ বিষয়ে সজাগতা বিয়পোৱা আৰু তেওঁলোকৰ বাবে নিযুক্তিৰ সুযোগ সৃষ্টি কৰা। 

কেফেত সাতজন কৰ্মচাৰী আছে। কেফেখনৰ গৰাকী কল্লোল ঘোষে কয়, "ই ফ্ৰেংকফুর্টৰ এটা কেফেৰ দ্বাৰা অনুপ্ৰাণিত, যিটো সম্পূৰ্ণৰূপে এইচআইভি পজিটিভ লোকসকলে চলাই আছে।কেফেখন খোলা থকা ঠাইখন ইয়াৰ বিশেষ কফি আৰু চেণ্ডউইচৰ বাবে জনাজাত আৰু সাধাৰণতে পেছাদাৰী, মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু যুৱসকলক গ্ৰাহক হিচাপে পোৱা যায়। ঘোষে আৰু কৈছিল, "মই প্ৰথমবাৰৰ বাবে ২০১৮ চনত কেফেখন খুলিছিলো আৰু এতিয়া মই ব্যৱসায়টো সম্প্ৰসাৰিত কৰি আছো। মোৰ পৰিকল্পনা হৈছে পূৱ ভাৰতত আৰু ৩০খন কেফে খোলা আৰু ইয়াৰ বাবে ৮০০ জন লোকক প্ৰশিক্ষণৰ বাবে তালিকাভুক্ত কৰা হৈছে।

ঘোষে কৈছিল, "আমাৰ কেফেৰ প্ৰতি সকলোৰে প্ৰতিক্ৰিয়া ইতিবাচক নহয়। যেতিয়া কিছুমান গ্ৰাহকে গম পায় যে ইয়াত কাম কৰা লোকসকল এইচ.আই.ভি. পজিটিভ, তেওঁলোকে উঠি গুচি যায়। আমি তেওঁলোকক বুজাই দিওঁ। তাৰপিছত কিছুমান লোক ৰৈ যায় আৰু কিছুমান গুচি যায়। কেফে আৰম্ভ কৰাৰ সময়ত চাৰিওফালে বাস কৰা লোকসকলেও ইয়াক লৈ যথেষ্ট শংকিত আছিল, কিন্তু পিছত তেওঁলোকে উপলব্ধি কৰিছিল যে এইচআইভি পজিটিভবোৰো আন লোকৰ দৰে একেই। উল্লেখ্য যে কল্লোল ঘোষে 'আনন্দঘৰ' নামৰ এটা বেচৰকাৰী সংগঠন চলায়, যি মানসিকভাৱে বিকলাঙ্গ শিশু আৰু এইচ.আই.ভি. পজিটিভ লোকসকলৰ উন্নতিৰ বাবে কাম কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত