--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আৰক্ষী থানাৰ ভিতৰতে সাংবাদিকসহ আঠগৰাকী লোকক অৰ্ধ-উলংগ কৰিলে আৰক্ষীয়ে৷ মধ্যপ্ৰদেশৰ এখন আৰক্ষী থানাৰ ভিতৰত এজন সাংবাদিক আৰু থিয়েটাৰ শিল্পীকে ধৰি এদল লোকক তেওঁলোকৰ কাপোৰ-কানি খুলি কেৱল অন্তৰ্বাস পিন্ধাই থিয় কৰি ৰখা দেখা গৈছে৷ ফটোখনত আঠজন লোকক সন্মুখত হাত দুখন ধৰি দেৱালৰ আগত থিয় হৈ থকা দেখা গৈছিল।

ফটোখনত চিনাক্ত কৰা লোকসকলৰ ভিতৰত এজন স্থানীয় সাংবাদিক আৰু ইউটিউবাৰে অভিযোগ কৰিছিল যে তেওঁক নিৰ্যাতন কৰা হৈছিল, মাৰপিট কৰা হৈছিল৷ এজন স্থানীয় বিজেপি বিধায়কৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ ক’ভাৰ কৰিবলৈ যোৱাৰ সময়ত কিছু আৰক্ষীৰ লোকে তেওঁক কাপোৰ খুলিবলৈ কৈছিল।

ঘটনাটো শনিবাৰে মধ্য প্ৰদেশৰ চিধি জিলাত সংঘটিত হৈছিল৷ সাংবাদিকজনে বিজেপি বিধায়ক কেদাৰনাথ শুক্লা আৰু তেওঁৰ পুত্ৰ কেদাৰ গুৰু দত্ত শুক্লাৰ বিৰুদ্ধে ভুৱা ফেচবুক প্ৰফাইল ব্যৱহাৰ কৰি অশালীন মন্তব্য কৰাৰ অভিযোগত থিয়েটাৰ শিল্পী নীৰজ কুন্দৰক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ ক’ভাৰ কৰিবলৈ গৈছিল।

সাংবাদিক কনিষ্ক তিৱাৰীয়ে দাবী কৰিছিল যে তেওঁ আৰু তেওঁৰ কেমেৰা পাৰ্ছনক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু কেইবাটাও শাখাত অভিযুক্ত কৰা হৈছিল, যাৰ ভিতৰত আছে অনধিকাৰ প্ৰৱেশ আৰু ৰাজহুৱা শান্তিৰ বিভ্ৰান্তি।  আৰক্ষীয়ে তেওঁক সুধিছিল, ‘আপুনি বিধায়কজনৰ বিৰুদ্ধে কিয় কাহিনী চলাই আছে?’ 

ছবিখনত দেখা পোৱা আন লোকসকলৰ সৈতে তিৱাৰীক ১৮ ঘণ্টাৰ বাবে আৰক্ষীৰ জিম্মাত ৰখা হৈছিল৷ তিৱাৰীয়ে অভিযোগ কৰি কয় যে, ‘আৰক্ষীয়ে ২ এপ্ৰিলৰ নিশা প্ৰায় ৮ বজাত আমাক জিম্মাত লৈছিল আৰু ৩ এপ্ৰিলৰ সন্ধিয়া ৬ বজাত আমাক মুকলি কৰি দিছিল৷’ একে সময়তে, সাংবাদিক কনিষ্কাই অভিযোগ কৰে যে স্থানীয় বিধায়ক আৰু আৰক্ষীৰ বিৰুদ্ধে বাতৰি চলোৱাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। অৱশ্যে, আৰক্ষীয়ে এই সকলোবোৰ অস্বীকাৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত