--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে ড০ ভীমৰাও আম্বেদকাৰৰ জন্ম বাৰ্ষিকীৰ বাবে ১৪ এপ্ৰিলৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰি সমাজ আৰু সংবিধানলৈ আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই কথা ঘোষণা কৰি কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে কয় যে, "সমাজত সমতাৰ নতুন যুগ প্ৰতিষ্ঠা কৰা সংবিধান প্ৰণেতা, আমাৰ শ্ৰদ্ধাৰ বাবা চাহেব ড৹ ভীমৰাও আম্বেদকাৰৰ জন্ম বাৰ্ষিকীত ৰাজহুৱা বন্ধ থাকিব ।" শ্বেখাৱাটে কয় যে এই সিদ্ধান্ত গ্ৰহণ কৰি বাবা চাহেবৰ নিষ্ঠাবান অনুগামী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাতিৰ আৱেগক সন্মান জনাইছে ।

শ্বেখাৱাটে কয়, "এই সিদ্ধান্ত গ্ৰহণ কৰি বাবা চাহেবৰ নিষ্ঠাবান অনুগামী মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই জাতিৰ আৱেগক সন্মান জনাইছে।"

কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ে জাৰি কৰা চৰকাৰী আদেশতো নিশ্চিত কৰা হৈছে যে আম্বেদকাৰৰ জন্ম বাৰ্ষিকী উপলক্ষে ২০২৫ চনৰ ১৪ এপ্ৰিলত "সমগ্ৰ ভাৰতৰ উদ্যোগিক প্ৰতিষ্ঠানকে ধৰি কেন্দ্ৰীয় চৰকাৰী কাৰ্যালয়সমূহ" বন্ধ থাকিব।

Image
আদেশত কোৱা হৈছে যে ভাৰত চৰকাৰৰ সকলো মন্ত্ৰালয়/বিভাগে উপৰোক্ত সিদ্ধান্ত সংশ্লিষ্ট সকলোৰে দৃষ্টিগোচৰ কৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা