--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনৰ ভিতৰত ভাৰতৰ পথসমূহ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে একে হ’ব। ঘাইপথৰ উন্নয়নৰ বাবে পথ পৰিবহণ মন্ত্ৰালয়ৰ এক বিতং পৰিকল্পনা ভাগ বতৰা কৰি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰিলে এই মন্তব্য। গাডকাৰীয়ে সংসদৰ চলিত অধিৱেশনৰ মজিয়াত কৰে এই ঘোষণা। 

"২০২৪ চনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ পথ আন্তঃগাঁথনি আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে একে হ’ব, লগতে গাডকাৰীয়ে কয় যে চৰকাৰৰ পুঁজিৰ কোনো অভাৱ নাই,’- সেয়েহে মন্ত্ৰালয়ে দেশৰ সমগ্ৰ আন্তঃগাঁথনি সলনি কৰিব বিচাৰিছে।

ইয়াৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ৰ মন্তব্য যে চৰকাৰে ২০২৪ চনৰ ভিতৰত ২৬খন সেউজ এক্সপ্ৰেছ ঘাইপথ নিৰ্মাণৰ পৰিকল্পনা কৰিছে যিয়ে সমগ্ৰ দেশৰ মুখ্য চহৰসমূহৰ মাজত ভ্ৰমণৰ সময় হ্ৰাস কৰাত সহায় কৰিব। 
ৰাজ্যসভাৰ অধিৱেশনৰ সময়ত প্ৰশ্নৰ উত্তৰ দি নীতিন গাডকাৰীৰ এই দাবী। লগতে মন্ত্ৰীগৰাকীয়ে জনাই যে এনএইচএআইয়ে এবছৰত পাঁচ লাখ কিলোমিটাৰ পথ নিৰ্মাণ কৰিব পাৰে। 
পৰৱৰ্তী তিনি বছৰত ২৬টা সেউজীয়া এক্সপ্ৰেছ ৱে’ নিৰ্মাণত যাতে দুঘণ্টাৰ ভিতৰত দিল্লীৰ পৰা ডেৰাডুন, হৰিদ্বাৰ বা জয়পুৰলৈ যাত্ৰা কৰিব পৰা যায়। 

এজনে দিল্লীৰ পৰা ছত্তিশগড়লৈ ২.৫ ঘণ্টাত, দিল্লীৰ পৰা অমৃতসৰলৈ চাৰি ঘণ্টাত, দিল্লীৰ পৰা কাটৰালৈ ছয় ঘণ্টাত, দিল্লীৰ পৰা শ্ৰীনগৰলৈ আঠ ঘণ্টাত, দিল্লীৰ পৰা মুম্বাইলৈ ১২ ঘণ্টাত আৰু চেন্নাইৰ পৰা বেংগালুৰুলৈ দুঘণ্টাৰ ভিতৰত যাত্ৰা কৰিব পাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ