--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনৰ ভিতৰত ভাৰতৰ পথসমূহ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে একে হ’ব। ঘাইপথৰ উন্নয়নৰ বাবে পথ পৰিবহণ মন্ত্ৰালয়ৰ এক বিতং পৰিকল্পনা ভাগ বতৰা কৰি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰিলে এই মন্তব্য। গাডকাৰীয়ে সংসদৰ চলিত অধিৱেশনৰ মজিয়াত কৰে এই ঘোষণা। 

"২০২৪ চনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ পথ আন্তঃগাঁথনি আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে একে হ’ব, লগতে গাডকাৰীয়ে কয় যে চৰকাৰৰ পুঁজিৰ কোনো অভাৱ নাই,’- সেয়েহে মন্ত্ৰালয়ে দেশৰ সমগ্ৰ আন্তঃগাঁথনি সলনি কৰিব বিচাৰিছে।

ইয়াৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ৰ মন্তব্য যে চৰকাৰে ২০২৪ চনৰ ভিতৰত ২৬খন সেউজ এক্সপ্ৰেছ ঘাইপথ নিৰ্মাণৰ পৰিকল্পনা কৰিছে যিয়ে সমগ্ৰ দেশৰ মুখ্য চহৰসমূহৰ মাজত ভ্ৰমণৰ সময় হ্ৰাস কৰাত সহায় কৰিব। 
ৰাজ্যসভাৰ অধিৱেশনৰ সময়ত প্ৰশ্নৰ উত্তৰ দি নীতিন গাডকাৰীৰ এই দাবী। লগতে মন্ত্ৰীগৰাকীয়ে জনাই যে এনএইচএআইয়ে এবছৰত পাঁচ লাখ কিলোমিটাৰ পথ নিৰ্মাণ কৰিব পাৰে। 
পৰৱৰ্তী তিনি বছৰত ২৬টা সেউজীয়া এক্সপ্ৰেছ ৱে’ নিৰ্মাণত যাতে দুঘণ্টাৰ ভিতৰত দিল্লীৰ পৰা ডেৰাডুন, হৰিদ্বাৰ বা জয়পুৰলৈ যাত্ৰা কৰিব পৰা যায়। 

এজনে দিল্লীৰ পৰা ছত্তিশগড়লৈ ২.৫ ঘণ্টাত, দিল্লীৰ পৰা অমৃতসৰলৈ চাৰি ঘণ্টাত, দিল্লীৰ পৰা কাটৰালৈ ছয় ঘণ্টাত, দিল্লীৰ পৰা শ্ৰীনগৰলৈ আঠ ঘণ্টাত, দিল্লীৰ পৰা মুম্বাইলৈ ১২ ঘণ্টাত আৰু চেন্নাইৰ পৰা বেংগালুৰুলৈ দুঘণ্টাৰ ভিতৰত যাত্ৰা কৰিব পাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু