--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ 'ভাৰত বৰ সৌন্দৰ্যশালী দেশ'-ভাৰতৰ প্ৰশংসাত পঞ্চমুখ হৈ এই মন্তব্য কৰে ইংলেণ্ডৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ কেভিন পিটাৰছেনে (Kevin Pietersen)। ক’ৰণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰনৰ দ্বাৰা প্ৰভাৱিত দেশসমূহক সহায় কৰিবলৈ আগবাঢ়ি যোৱা ভাৰতক প্ৰশংসাৰে উপচাই পেলাইছে কেভিন পিটাৰছেনে। কেভিন পিটাৰছেনে এটা টুইটত কয় যে ‘ভাৰতে আকৌ এবাৰ সেৱা আগবঢ়োৱাৰ মনোভাৱ দেখুৱাইছে! বহুতো সৌহাৰ্দ্যপূৰ্ণ লোকৰ আটাইতকৈ সুন্দৰ দেশ ভাৰত, ধন্যবাদ!’ উল্লেখ্য যে তেওঁ টুইটটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো টেগ কৰিছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কৈছিল যে ভাৰত চৰকাৰে অ’মিক্ৰনৰ দ্বাৰা আক্ৰান্ত দেশসমূহত মেড ইন ইণ্ডিয়া ভেকচিন, অত্যাৱশ্যকীয় ঔষধ, টেষ্ট কিট, পিপিই কিট আৰু ভেণ্টিলেটৰকে ধৰি অন্যান্য চিকিৎসা সামগ্ৰী যোগান ধৰিবলৈ সাজু। উল্লেখ্য যে ইংলেণ্ডৰ বিখ্যাত প্রাক্তন ক্রিকেটাৰ কেভিন পিটাৰছেন বিশ্ব ঐতিহ্য ক্ষেত্র কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ এক খড়্গযুক্ত গঁড়ৰ সংৰক্ষণ আৰু সজাগতাৰ বাবে ২০২০ বৰ্ষৰ ২ মার্চত গুৱাহাটীত উপস্থিত হৈছিল৷ ২ আৰু ৩ মার্চত গুৱাহাটীত বিভিন্ন কার্যসূচীত অংশগ্রহণ কৰি ৪ মার্চত কাজিৰঙাত উপস্থিত হৈছিল৷

ক্রিকেটাৰজনে ইয়াৰ পূর্বে আফ্রিকাৰ দুটা খড়্গ থকা গঁড় সংৰক্ষণৰ সজাগতাৰ বাবে সমগ্র বিশ্বত কাম কৰি আছিল৷ কাজিৰঙালৈ আহি কেভিন পিটাৰছেনে ‘এ কাজিৰঙা ষ্টৰী’ শীৰ্ষক এখনি তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল। এই তথ্যচিত্ৰ নিৰ্মাণৰ উদ্দেশ্য আছিল অসমৰ গঁড়ৰ প্ৰতি সমগ্ৰ বিশ্বতে সজাগতা সৃষ্টি কৰা। ইংলেণ্ডৰ প্রাক্তন ক্রিকেটাৰ তথা বৰ্তমানৰ পৰিৱেশ কৰ্মী, তথ্যচিত্র নিৰ্মাতা পিটাৰছেনে কাজিৰঙাৰ গঁড় সংৰক্ষণক লৈ নিৰ্মাণ কৰা তথ্যচিত্রখন নেচনেল জিঅ’গ্রাফী চেনেল যোগে সম্প্রচাৰ হৈছিল। অসমলৈ আহিও অসমৰ প্ৰশংসাত পঞ্চমুখ হৈছিল কেভিন পিটাৰছেন। ইয়াৰ পৰাই বুজিব পাৰি যে কেভিনৰ ভাৰতৰ প্ৰতি আছে অলেখ মৰম আৰু শ্ৰদ্ধা।

আৰু পঢ়কঃ আমেৰিকা ক্ৰিকেট দলৰ কেপ্টেইন এজন ভাৰতীয়! কোন এই সৌৰভ নেত্ৰৱালকাৰ?


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু