--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ 'ভাৰত বৰ সৌন্দৰ্যশালী দেশ'-ভাৰতৰ প্ৰশংসাত পঞ্চমুখ হৈ এই মন্তব্য কৰে ইংলেণ্ডৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ কেভিন পিটাৰছেনে (Kevin Pietersen)। ক’ৰণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰনৰ দ্বাৰা প্ৰভাৱিত দেশসমূহক সহায় কৰিবলৈ আগবাঢ়ি যোৱা ভাৰতক প্ৰশংসাৰে উপচাই পেলাইছে কেভিন পিটাৰছেনে। কেভিন পিটাৰছেনে এটা টুইটত কয় যে ‘ভাৰতে আকৌ এবাৰ সেৱা আগবঢ়োৱাৰ মনোভাৱ দেখুৱাইছে! বহুতো সৌহাৰ্দ্যপূৰ্ণ লোকৰ আটাইতকৈ সুন্দৰ দেশ ভাৰত, ধন্যবাদ!’ উল্লেখ্য যে তেওঁ টুইটটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো টেগ কৰিছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কৈছিল যে ভাৰত চৰকাৰে অ’মিক্ৰনৰ দ্বাৰা আক্ৰান্ত দেশসমূহত মেড ইন ইণ্ডিয়া ভেকচিন, অত্যাৱশ্যকীয় ঔষধ, টেষ্ট কিট, পিপিই কিট আৰু ভেণ্টিলেটৰকে ধৰি অন্যান্য চিকিৎসা সামগ্ৰী যোগান ধৰিবলৈ সাজু। উল্লেখ্য যে ইংলেণ্ডৰ বিখ্যাত প্রাক্তন ক্রিকেটাৰ কেভিন পিটাৰছেন বিশ্ব ঐতিহ্য ক্ষেত্র কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ এক খড়্গযুক্ত গঁড়ৰ সংৰক্ষণ আৰু সজাগতাৰ বাবে ২০২০ বৰ্ষৰ ২ মার্চত গুৱাহাটীত উপস্থিত হৈছিল৷ ২ আৰু ৩ মার্চত গুৱাহাটীত বিভিন্ন কার্যসূচীত অংশগ্রহণ কৰি ৪ মার্চত কাজিৰঙাত উপস্থিত হৈছিল৷

ক্রিকেটাৰজনে ইয়াৰ পূর্বে আফ্রিকাৰ দুটা খড়্গ থকা গঁড় সংৰক্ষণৰ সজাগতাৰ বাবে সমগ্র বিশ্বত কাম কৰি আছিল৷ কাজিৰঙালৈ আহি কেভিন পিটাৰছেনে ‘এ কাজিৰঙা ষ্টৰী’ শীৰ্ষক এখনি তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল। এই তথ্যচিত্ৰ নিৰ্মাণৰ উদ্দেশ্য আছিল অসমৰ গঁড়ৰ প্ৰতি সমগ্ৰ বিশ্বতে সজাগতা সৃষ্টি কৰা। ইংলেণ্ডৰ প্রাক্তন ক্রিকেটাৰ তথা বৰ্তমানৰ পৰিৱেশ কৰ্মী, তথ্যচিত্র নিৰ্মাতা পিটাৰছেনে কাজিৰঙাৰ গঁড় সংৰক্ষণক লৈ নিৰ্মাণ কৰা তথ্যচিত্রখন নেচনেল জিঅ’গ্রাফী চেনেল যোগে সম্প্রচাৰ হৈছিল। অসমলৈ আহিও অসমৰ প্ৰশংসাত পঞ্চমুখ হৈছিল কেভিন পিটাৰছেন। ইয়াৰ পৰাই বুজিব পাৰি যে কেভিনৰ ভাৰতৰ প্ৰতি আছে অলেখ মৰম আৰু শ্ৰদ্ধা।

আৰু পঢ়কঃ আমেৰিকা ক্ৰিকেট দলৰ কেপ্টেইন এজন ভাৰতীয়! কোন এই সৌৰভ নেত্ৰৱালকাৰ?


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ