--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ অহাইঅ’ত এখন গাড়ীৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ হৈছে এজন ২৬ বছৰীয়া ভাৰতীয় ছাত্ৰ। তেওঁ চিনচিনাটি বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছিল। ছাত্ৰগৰাকীৰ নাম আদিত্য অদলখা বুলি জানিব পৰা গৈছে। আদিত্য আদলাখাই চিনচিনাটিৰ ৱেষ্টাৰ্ণ হিলছ ভায়াডাক্টত গাড়ী চলাই থকা অৱস্থাত তেওঁৰ গাড়ীত আক্ৰমণ কৰা হয়।

আন এখন গাড়ীৰ সৈতে সংঘৰ্ষ হোৱা এখন গাড়ীৰ ভিতৰত আদিত্যৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। ইয়াৰ বাহিৰেও আৰক্ষীয়ে প্ৰত্যক্ষ কৰে যে ড্ৰাইভিং চিটৰ খিৰিকীৰে কমেও তিনিটা গুলী নিক্ষেপ কৰা হৈছে।

হেমিল্টন কাউন্টি ক’ৰনাৰ কাৰ্যালয়ে জনোৱা মতে, গুলীচালনাৰ পিছত ইউ চি মেডিকেল চেণ্টাৰলৈ লৈ যোৱাৰ দুদিন পিছত ১১ নৱেম্বৰত আদলাখাৰ মৃত্যু হয়। অৱশ্যে এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। আদিত্যই নতুন দিল্লীৰ ৰামজাছ কলেজৰ পৰা প্ৰাণীবিজ্ঞানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত এইমছৰ পৰা শৰীৰবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি পি এইচ ডি কৰিবলৈ আমেৰিকালৈ যায়। ২০২৫ চনত তেওঁ পি এইচ ডি সম্পূৰ্ণ কৰাৰ কথা আছিল।

চিনচিনাটি বিশ্ববিদ্যালয়ৰ চিকিৎসা মহাবিদ্যালয়ৰ ডীন এণ্ড্ৰু ফিলকে আদিত্য আদলাখাৰ বিষয়ে কয় যে তেওঁ অধ্যয়নত অতি চোকা, ইয়াৰ উপৰিও তেওঁ এজন অতি সুখী ব্যক্তিও আছিল। বিশ্ববিদ্যালয়খনৰ এক বিবৃতি অনুসৰি আদিত্য আদলখাই যোৱা বছৰ আলচাৰেটিভ কলাইটিছৰ ওপৰত গৱেষণা প্ৰকল্পৰ বাবে বৃত্তি লাভ কৰিছিল।

মহানগৰ প্ৰশাসনৰ তথ্য অনুসৰি ১৫ নৱেম্বৰ পৰ্যন্ত ৩০৫টা গুলীচালনাৰ ঘটনা পঞ্জীয়ন কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন