--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ অহাইঅ’ত এখন গাড়ীৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ হৈছে এজন ২৬ বছৰীয়া ভাৰতীয় ছাত্ৰ। তেওঁ চিনচিনাটি বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছিল। ছাত্ৰগৰাকীৰ নাম আদিত্য অদলখা বুলি জানিব পৰা গৈছে। আদিত্য আদলাখাই চিনচিনাটিৰ ৱেষ্টাৰ্ণ হিলছ ভায়াডাক্টত গাড়ী চলাই থকা অৱস্থাত তেওঁৰ গাড়ীত আক্ৰমণ কৰা হয়।

আন এখন গাড়ীৰ সৈতে সংঘৰ্ষ হোৱা এখন গাড়ীৰ ভিতৰত আদিত্যৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। ইয়াৰ বাহিৰেও আৰক্ষীয়ে প্ৰত্যক্ষ কৰে যে ড্ৰাইভিং চিটৰ খিৰিকীৰে কমেও তিনিটা গুলী নিক্ষেপ কৰা হৈছে।

হেমিল্টন কাউন্টি ক’ৰনাৰ কাৰ্যালয়ে জনোৱা মতে, গুলীচালনাৰ পিছত ইউ চি মেডিকেল চেণ্টাৰলৈ লৈ যোৱাৰ দুদিন পিছত ১১ নৱেম্বৰত আদলাখাৰ মৃত্যু হয়। অৱশ্যে এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। আদিত্যই নতুন দিল্লীৰ ৰামজাছ কলেজৰ পৰা প্ৰাণীবিজ্ঞানৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত এইমছৰ পৰা শৰীৰবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি পি এইচ ডি কৰিবলৈ আমেৰিকালৈ যায়। ২০২৫ চনত তেওঁ পি এইচ ডি সম্পূৰ্ণ কৰাৰ কথা আছিল।

চিনচিনাটি বিশ্ববিদ্যালয়ৰ চিকিৎসা মহাবিদ্যালয়ৰ ডীন এণ্ড্ৰু ফিলকে আদিত্য আদলাখাৰ বিষয়ে কয় যে তেওঁ অধ্যয়নত অতি চোকা, ইয়াৰ উপৰিও তেওঁ এজন অতি সুখী ব্যক্তিও আছিল। বিশ্ববিদ্যালয়খনৰ এক বিবৃতি অনুসৰি আদিত্য আদলখাই যোৱা বছৰ আলচাৰেটিভ কলাইটিছৰ ওপৰত গৱেষণা প্ৰকল্পৰ বাবে বৃত্তি লাভ কৰিছিল।

মহানগৰ প্ৰশাসনৰ তথ্য অনুসৰি ১৫ নৱেম্বৰ পৰ্যন্ত ৩০৫টা গুলীচালনাৰ ঘটনা পঞ্জীয়ন কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ