--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ আমেৰিকাত নিধন কৰা হ’ল ভাৰতীয় ছাত্ৰক৷ চিনচিনাটি বিশ্ববিদ্যালয়ৰ ২৬ বছৰীয়া ভাৰতীয় ডক্টৰেট ডিগ্ৰীধাৰী ছাত্ৰ এজনৰ কিছুদিন পূৰ্বে আমেৰিকাৰ অহাইঅ’ত এখন গাড়ীৰ ভিতৰত গুলীবিদ্ধ হৈ মৃত্যু হয়।

হেমিল্টন কাউন্টি ক’ৰনাৰ অফিচৰ উদ্ধৃতিৰে ফক্স ১৯ নামৰ সংস্থাৰ বাতৰি অনুসৰি, আণৱিক আৰু বিকাশমূলক জীৱবিজ্ঞান কাৰ্যসূচীৰ পি এইচ ডি ছাত্ৰ আদিত্য আদলাখাক ৯ নৱেম্বৰত গুলীচালনা কৰা হৈছিল আৰু ১৮ নৱেম্বৰত বিশ্ববিদ্যালয়খনৰ চিকিৎসা কেন্দ্ৰত তেওঁৰ মৃত্যু হয়।

চিনচিনাটি আৰক্ষীয়ে ৱেষ্টাৰ্ণ হিলছ ভায়াডাক্টৰ দেৱালত খুন্দা মৰা এখন বাহনৰ ভিতৰত আদলাখাক গুলীয়াই হত্যা কৰা অৱস্থাত উদ্ধাৰ কৰা হয়। স্থানীয় লোকে ৯ নৱেম্বৰৰ পুৱা প্ৰায় ৬:২০ বজাত অঞ্চলটোত বন্দুকৰ গুলীৰ শব্দ শুনা বুলি জনায়।তেওঁৰ গাড়ীখনত বহুবাৰ আঘাতপ্ৰাপ্ত হয়, চালকৰ কাষৰ খিৰিকীত কমেও তিনিটা গুলীৰে ফুটা হয়।আদলাখাক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়, য’ত কেইবাদিনো তেওঁৰ অৱস্থা সংকটজনক হৈ থকাৰ পাছত ছাত্ৰজনক মৃত বুলি ঘোষণা কৰা হয়।


স্থানীয় সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত চিনচিনাটি কলেজ অৱ মেডিচিনৰ ডীন এণ্ড্ৰু ফিলাকে কয় যে আদলাখাক “বহুত প্ৰিয়, অত্যন্ত দয়ালু আৰু হাস্যৰসময়ী, বুদ্ধিমান আৰু চোকা আছিল আৰু তেওঁৰ গৱেষণাক নতুন আৰু পৰিৱৰ্তনশীল বুলি অভিহিত কৰে।”প্ৰতিষ্ঠানটোৰ এক বিবৃতি অনুসৰি, আদলাখাই যোৱা বছৰ আলচাৰেটিভ কলাইটিছৰ ওপৰত গৱেষণা প্ৰকল্পৰ সহায়ৰ বাবে বিশ্ববিদ্যালয় গৱেষণা পৰিষদৰ (ইউ আৰ চি) স্নাতক ছাত্ৰ ষ্টাইপেণ্ড আৰু গৱেষণা খৰচ কাৰ্যসূচীৰ বঁটা লাভ কৰিছিল। ২০২৫ চনত ডক্টৰেট ডিগ্ৰী সম্পূৰ্ণ কৰাৰ সম্ভাৱনা আছিল।


উল্লেখ্য যে ছাত্ৰজনে দিল্লী বিশ্ববিদ্যালয়ৰ ৰামজাছ কলেজৰ পৰা ২০১৮ চনত প্ৰাণীবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত আদলাখাই ২০২০ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে, যিটোও নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত, তাৰ পাছত চিনচিনাটিলৈ গুচি যায়।বৰ্তমানলৈকে এই আক্ৰমণৰ কাৰণ জানিব পৰা হোৱা নাই, আৰু গুলীচালনাৰ খবৰ পোৱাৰ পাছত এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ