--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাইঃ বলীউড জগতৰ এটা চিৰপৰিচিত নাম উৰ্মিলা মাতোণ্ডকাৰ। দীৰ্ঘ সময়ৰ বিৰতিৰ অন্তত পুনৰ চৰ্চাত এইগৰাকী অভিনেত্ৰী। খ্যাতনামা অভিনেতা আমিৰ খানৰ প্ৰসংগত কি ক’লে অভিনেত্ৰীগৰাকীয়ে। তাকে লৈ সামাজিক মাধ্যমত চলিছে আলোচনা। উল্লেখ্য যে, এসময়ত আমিৰ খানলৈ এখন চিঠি লিখিছিল জনপ্ৰিয় অভিনেত্ৰী উৰ্মিলা মাতোণ্ডকাৰে। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে জীৱনৰ এই গোপন অধ্যায় মুকলিকৈ প্ৰকাশ কৰিছে। উল্লেখ্য যে, ১৯৫৩ চনত মুক্তিলাভ কৰিছিল আমিৰ খান আৰু উৰ্মিলা মাতোণ্ডকাৰ অভিনীত ছুপাৰহিট ছবি ‘ৰংগীলা’। ছবিখনত কৰা সাৱলীল অভিনয়ৰ বাবে বলীউডত ‘ৰংগীলা গাৰ্ল’ নামে পৰিচিত হৈ পৰে উৰ্মিলা। সেই ছবিখনত কাম কৰোতে আমিৰ খানলৈ উৰ্মিলাই একপ্ৰকাৰ চিঠি লিখিবিলৈ বাধ্য হৈছিল। কিন্তু কিয়? কি আছিল উৰ্মিলাৰ এই চিঠিখনত?

আমিৰ খানলৈ উৰ্মিলাই একপ্ৰকাৰ চিঠি লিখিবিলৈ বাধ্য হৈছিল। কিন্তু কিয়? কি আছিল উৰ্মিলাৰ এই চিঠিখনত?

সম্প্ৰতি এক ৰিয়েলিটী শ্ব’ট উৰ্মিলাই অতীতৰ পৃষ্ঠা খুচৰি এই কাহিনী স্বেচ্ছাই প্ৰকাশ কৰিছে। উপস্থিত দৰ্শকে উৰ্মিলাই প্ৰকাশ কৰিবলৈ লোৱা চিঠিখন প্ৰেম সম্পৰ্কীয় হ’ব বুলি ভাবিছিল যদিও প্ৰকৃততে সেইখন প্ৰেমপত্ৰ নাছিল। উৰ্মিলাই কয়, ‘মই যেতিয়া ‘ৰংগীলা’ৰ বাবে ডাবিং কৰিছিলো, তেতি য়া আমিৰ খানৰ অভিনয় দেখি বিমুগ্ধ হৈ পৰিছিলো। পলম নকৰি তেতিৰয়াই অতি সাদৰেৰে মই আমিৰলৈ এখন চিঠি লিখিছিলো।’ উৰ্মিলাই পুনৰ কয়, ‘মই লিখিছিলো, তুমি এই ছবিখনত কৰা অভিনয়ৰ বাবে অসংখ্য চিঠি পাবা। পুৰস্কাৰো পাবা আৰু এইখন তোমাৰ প্ৰথম অনুৰাগীৰ চিঠি।’ উল্লেখ্য যে, ‘ৰংগীলা’ত অভিনয়ৰ বাবে আমিৰ খানে ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। আমিৰৰ সমানে উৰ্মিলাইয়ো চলচ্চিত্ৰপ্ৰেমীৰ পৰা লাভ কৰিছিল অকুন্ঠ মৰম। প্ৰণিধানযোগ্য যে, প্ৰায় ৭টা দশক পূৰ্বে কৰা অভিনয়ৰ বাবে বলীউড জগতত আগশাৰীৰ নায়িৰকাৰ স্থান দখল কৰিবলৈ সক্ষম হৈছিল উৰ্মিলাই। এই কাহিনী সুঁৱৰি নষ্টালজিক হৈ পৰে জনপ্ৰিয় নায়িকাগৰাকী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ