--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ "আমাৰ সন্তানক ঘূৰাই আনক...", ইউক্ৰেইনত অধ্যয়ন কৰি থকা ভাৰতীয় শিক্ষাৰ্থী ৰ পৰিয়ালে চৰকাৰক এইধৰণে আবেদন জনাইছিল। ভাৰত চৰকাৰে তেওঁলোকক দেশলৈ ঘূৰাই অনাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰি আছিল। অৱশেষত, আজি ২১৯ জন শিক্ষাৰ্থীয়ে যুদ্ধক্ষেত্ৰ ইউক্ৰেইনৰ পৰা ভাৰতৰ মাটিত ভৰি পেলাইছে। বিমানখন শনিবাৰে সন্ধিয়া ৰোমানিয়াৰ ৰাজধানী বুখাৰেষ্টৰ পৰা মুম্বাই বিমানবন্দৰত উপস্থিত হৈছিল। শিক্ষাৰ্থীসকলে দেশৰ মাটিত ভৰি থোৱাৰ পাছত প্ৰায় স্বস্তিৰ নিশ্বাস পেলাইছে। কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কয়, "ইউক্ৰেইন-ৰাছিয়া যুদ্ধৰ আৰম্ভণিৰ পৰাই বৰ্তমান ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয়সকলক ঘূৰাই অনাত প্ৰাধান্য দি থকা হৈছে। এতিয়ালৈকে, ২১৯ গৰাকী শিক্ষাৰ্থীক ঘূৰাই অনা হৈছে। ইউক্ৰেইনত থকা সকলো দেশবাসীক ঘূৰাই আনিবলৈ চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে। ইফালে, ইউক্ৰেইনৰ পৰা ২৫০ জন ভাৰতীয়ক প্ৰত্যাৱৰ্তন কৰাৰ সময়তে আন সকলো ভাৰতীয়ক সুৰক্ষিতভাৱে দেশলৈ ঘূৰাই দিয়াৰ আশ্বাস দিছে চৰকাৰে। মন কৰিবলগীয়া যে বহুতো ভাৰতীয়ই ইউক্ৰেইনত চিকিৎসা শাস্ত্ৰ অধ্যায়নৰ বাবে যায়। দেশখনৰ নাগৰিকসকলক ভাৰতে ইউক্ৰেইন-ৰাছিয়া যুদ্ধ আৰম্ভ হোৱাৰ আগতে ভাৰতলৈ উভতি যাবলৈ পৰামৰ্শ দিয়া হৈছিল। তেওঁলোকৰ ঠিকনা ভাৰতীয় দূতাবাসক জনোৱাৰ বাবে যুদ্ধৰ আৰম্ভণিতে জনোৱা হৈছিল। ৰাছিয়াৰ আক্ৰমণৰ পাছত, খবৰ পোৱা গৈছিল যে ইউক্ৰেইনত ১৫,০০০ তকৈও অধিক শিক্ষাৰ্থী আবদ্ধ হৈ আছে। ইফালে, ভাৰতে বন্দে ভাৰত মিছন বিমানৰ যোগেদি ইউক্ৰেইনলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছিল যাতে সকলো শিক্ষাৰ্থীক সেই দেশৰ পৰা ঘূৰাই অনা যায়। অৱশ্যে, যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে কোনো বিমানকে কিয়েভত অৱতৰণ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক