--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সমৰ্থকসকলে আমেৰিকাৰ ৰাজধানীত পুনৰ একত্ৰিত হোৱাৰ কথা ঘোষণা কৰিছে। ৱাশ্বিংটন ডিচিত ১৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া এক সমদলত ‘জাষ্টিছ ফ’ৰ ৬ জানুৱাৰী’ হিচাপে নামাকৰণ কৰা হৈছে। সমদলটোক কেন্দ্ৰ কৰি হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ আশংকাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। উল্লেখ্য যে, ট্ৰাম্পৰ সমৰ্থকসকলে বিগত বৰ্ষৰ ৬ জানুৱাৰীত কেপিটল হিলত আক্ৰমণ কৰিছিল।

কেপিটল হিলত সংঘটিত আক্ৰমণৰ সন্দৰ্ভত এতিয়ালৈকে ৫০০ ৰো অধিক লোকক চিনাক্ত আৰু তদন্ত কৰা হৈছে। তেওঁলোকৰ বহুতকে অপৰাধ আইনৰ অধীনত আদালতত অভিযুক্তও কৰা হৈছে। শেহতীয়াকৈ ট্ৰাম্পৰ সমৰ্থকসকলে মুখ্যতঃ অভিযুক্তসকলক সমৰ্থনৰ উদ্দেশ্যে বিশাল সমাৱেশৰ আয়োজন কৰিছে। ট্ৰাম্প পন্থী ‘প্ৰাউড বয়জ’ নামৰ শ্বেতাংগ উগ্ৰবাদী সংগঠনসমূহকে ধৰি আন একাংশই ১৮ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া সমদলটো সাফল্যমণ্ডিত কৰিবলৈ অনলাইনযোগে প্ৰচাৰ কাৰ্য চলাই আছে। আনহাতে, ট্ৰাম্প বিৰোধী 'ব্লেক লাইভছ মেটাৰ'কে ধৰি আন কিছুমান উদাৰবাদী সংগঠনে একেদিনাই ৱাশ্বিংটন ডিচিত এক বিশাল ৰেলী অনুষ্ঠিত কৰিব বুলি প্ৰকাশ কৰিছে। সম্প্ৰতি প্ৰতিবাদী সমদল ঘোষণাক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত এক প্ৰকাৰৰ উত্তেজনাময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ