--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ আজি জন্মদিন। আজি ৭৬ বছৰ বয়সত ভৰি দিলে ৰাষ্ট্ৰপতি কোবিন্দে। ১৯৪৫ চনৰ ১ অক্টোবৰত উত্তৰ প্ৰদেশৰ কানপুৰৰ দেহাতত এটি কৃষক পৰিয়ালত জন্ম হৈছিল ৰামনাথ কোবিন্দৰ। তাৰে পৰাই ৰাইছিনা হিলছলৈ তেওঁ এক বৰ্ণময় পৰিক্ৰমা অতিক্ৰম কৰে আৰু দেশৰ ১৪সংখ্যক ৰাষ্ট্ৰপতিৰূপে অধিষ্ঠিত হয়।

তেওঁ কে আৰ নাৰায়ণৰ পাছত ভাৰতৰ দ্বিতীয়গৰাকী দলিত ৰাষ্ট্ৰপতি হোৱাৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰথম ৰাষ্ট্ৰপতি। ২০১৭ চনৰ ২৫ জুলাই তাৰিখে ৰাষ্ট্ৰপতি পদৰ শপত গ্ৰহণ কৰি ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল কোবিন্দ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতিগৰাকীক জন্মদিনৰ শুভেচ্ছা দি কয়, 'ৰাষ্ট্ৰপতি মহাশয়ক জন্মদিনৰ শুভেচ্ছা। নম্ৰ ব্যক্তিত্বৰে তেওঁ সমগ্ৰ দেশবাসীৰে প্ৰিয় হৈ উঠিছে। সমাজৰ দৰিদ্ৰ আৰু অনগ্ৰসৰ শ্ৰেণীৰ লোকসকলক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ প্ৰচেষ্টা অনুকৰণীয়। তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন কামনা কৰিলোঁ।’

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীৰ লগতে উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকে ধৰি বিভিন্নজন গুৰুত্বপূৰ্ণ নেতাই ৰামনাথ কোবিন্দক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু