--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ আজি জন্মদিন। আজি ৭৬ বছৰ বয়সত ভৰি দিলে ৰাষ্ট্ৰপতি কোবিন্দে। ১৯৪৫ চনৰ ১ অক্টোবৰত উত্তৰ প্ৰদেশৰ কানপুৰৰ দেহাতত এটি কৃষক পৰিয়ালত জন্ম হৈছিল ৰামনাথ কোবিন্দৰ। তাৰে পৰাই ৰাইছিনা হিলছলৈ তেওঁ এক বৰ্ণময় পৰিক্ৰমা অতিক্ৰম কৰে আৰু দেশৰ ১৪সংখ্যক ৰাষ্ট্ৰপতিৰূপে অধিষ্ঠিত হয়।

তেওঁ কে আৰ নাৰায়ণৰ পাছত ভাৰতৰ দ্বিতীয়গৰাকী দলিত ৰাষ্ট্ৰপতি হোৱাৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰথম ৰাষ্ট্ৰপতি। ২০১৭ চনৰ ২৫ জুলাই তাৰিখে ৰাষ্ট্ৰপতি পদৰ শপত গ্ৰহণ কৰি ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল কোবিন্দ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতিগৰাকীক জন্মদিনৰ শুভেচ্ছা দি কয়, 'ৰাষ্ট্ৰপতি মহাশয়ক জন্মদিনৰ শুভেচ্ছা। নম্ৰ ব্যক্তিত্বৰে তেওঁ সমগ্ৰ দেশবাসীৰে প্ৰিয় হৈ উঠিছে। সমাজৰ দৰিদ্ৰ আৰু অনগ্ৰসৰ শ্ৰেণীৰ লোকসকলক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ প্ৰচেষ্টা অনুকৰণীয়। তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন কামনা কৰিলোঁ।’

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীৰ লগতে উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকে ধৰি বিভিন্নজন গুৰুত্বপূৰ্ণ নেতাই ৰামনাথ কোবিন্দক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ