--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এটা ঘোঁৰাৰ দাম কিমান হ’ব পাৰে? কিমান বিলাস বহুলতাৰে লালন-পালন কৰা হ’ব পাৰে এটা ঘোঁৰাক? আমি ভবাতকৈ বা আমি ধাৰণাৰো অগোচৰ এটা ঘোঁৰাৰ দাম আৰু তাৰ আদৱ-কায়দাই এতিয়া দেশজুৰি ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। ঘোঁৰাটো সাৰংখেড় ঘোঁৰা মেলাত সকলোৰে দৃষ্টিগোচৰ হৈছে।

সমগ্ৰ দেশৰ ভিতৰতে জনপ্ৰিয় সাৰংখেড় ঘোঁৰা মেলালৈ অহা ঘোঁৰাবোৰৰ দাম কোটি কোটি। কিন্তু এইবাৰ এটা বিশেষ ঘোঁৰাই সকলোৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ মেলাখনলৈ অংশগ্ৰহণৰ বাবে অনা ‘এলেক্স’ নামৰ এটা ঘোঁৰাৰ দাম আছিল ১.২৫ কোটি টকা। কিন্তু মেলাখনত অংশগ্ৰহণৰ বাবে অনা আন এটা ঘোঁৰাৰ দাম জানিলে আপোনাৰো চকু কপালত উঠিব। এই ঘোঁৰাটোৰ নাম হৈছে 'ৰাৱণ'। 'ৰাৱণ'ৰ দাম 'এলেক্স'তকৈ ৪ গুণ বেছি৷

সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, সাৰংখেড় মেলালৈ অহা মহাৰাষ্ট্ৰৰ নাছিকৰ 'ৰাৱণ' নামৰ ঘোঁৰাটোৰ দাম ৫কোটি টকা। এই ঘোঁৰাটো ‘মাৰৱাড়’ প্ৰজাতিৰ আৰু ইয়াৰ উচ্চতা ৬৮ ইঞ্চি। ৰাৱণ সম্পূৰ্ণ ক'লা আৰু ইয়াৰ কপালত বগা দাগ আছে। ৰাৱণক প্ৰতিদিনে সেউজীয়া ঘাঁহ খাবলৈ দিয়া হয়। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, ৰাৱণে প্ৰতিদিনে ১ কিলো ঘিউ আৰু ১০লিটাৰ গাখীৰ পান কৰে৷ লগতে কণী আৰু শুকান ফলো খাবলৈ দিয়া হয় ঘোঁৰাটোক। ‘ৰাৱণ’ৰ সৌন্দৰ্যত পঞ্চমুখ দৰ্শনাৰ্থীসকলো। প্ৰকৃতাৰ্থত ৰাৱণ নামৰ এই ঘোঁৰাটো প্ৰজননৰ বাবে ব্যৱহাৰ কৰা হয়৷ উল্লেখ্য যে, এই ঘোঁৰাটোৰ যতন ল'বলৈ দুজন ব্যক্তিক নিযুক্তি দিয়া হৈছে। ৰাৱণ নামৰ এই ঘোঁৰাটোৰ স্বত্বাধিকাৰ হৈছে মহাৰাষ্ট্ৰৰ আছাদ চয়দ। আছাদে এই ঘোঁৰাটোৰ বাবে ৫ কোটি টকা লাভ কৰিছিল। কিন্তু ঘোৰাটো বিক্ৰী কৰিবলৈ তেওঁ অমান্তি হয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স