--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এটা ঘোঁৰাৰ দাম কিমান হ’ব পাৰে? কিমান বিলাস বহুলতাৰে লালন-পালন কৰা হ’ব পাৰে এটা ঘোঁৰাক? আমি ভবাতকৈ বা আমি ধাৰণাৰো অগোচৰ এটা ঘোঁৰাৰ দাম আৰু তাৰ আদৱ-কায়দাই এতিয়া দেশজুৰি ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। ঘোঁৰাটো সাৰংখেড় ঘোঁৰা মেলাত সকলোৰে দৃষ্টিগোচৰ হৈছে।

সমগ্ৰ দেশৰ ভিতৰতে জনপ্ৰিয় সাৰংখেড় ঘোঁৰা মেলালৈ অহা ঘোঁৰাবোৰৰ দাম কোটি কোটি। কিন্তু এইবাৰ এটা বিশেষ ঘোঁৰাই সকলোৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ মেলাখনলৈ অংশগ্ৰহণৰ বাবে অনা ‘এলেক্স’ নামৰ এটা ঘোঁৰাৰ দাম আছিল ১.২৫ কোটি টকা। কিন্তু মেলাখনত অংশগ্ৰহণৰ বাবে অনা আন এটা ঘোঁৰাৰ দাম জানিলে আপোনাৰো চকু কপালত উঠিব। এই ঘোঁৰাটোৰ নাম হৈছে 'ৰাৱণ'। 'ৰাৱণ'ৰ দাম 'এলেক্স'তকৈ ৪ গুণ বেছি৷

সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, সাৰংখেড় মেলালৈ অহা মহাৰাষ্ট্ৰৰ নাছিকৰ 'ৰাৱণ' নামৰ ঘোঁৰাটোৰ দাম ৫কোটি টকা। এই ঘোঁৰাটো ‘মাৰৱাড়’ প্ৰজাতিৰ আৰু ইয়াৰ উচ্চতা ৬৮ ইঞ্চি। ৰাৱণ সম্পূৰ্ণ ক'লা আৰু ইয়াৰ কপালত বগা দাগ আছে। ৰাৱণক প্ৰতিদিনে সেউজীয়া ঘাঁহ খাবলৈ দিয়া হয়। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, ৰাৱণে প্ৰতিদিনে ১ কিলো ঘিউ আৰু ১০লিটাৰ গাখীৰ পান কৰে৷ লগতে কণী আৰু শুকান ফলো খাবলৈ দিয়া হয় ঘোঁৰাটোক। ‘ৰাৱণ’ৰ সৌন্দৰ্যত পঞ্চমুখ দৰ্শনাৰ্থীসকলো। প্ৰকৃতাৰ্থত ৰাৱণ নামৰ এই ঘোঁৰাটো প্ৰজননৰ বাবে ব্যৱহাৰ কৰা হয়৷ উল্লেখ্য যে, এই ঘোঁৰাটোৰ যতন ল'বলৈ দুজন ব্যক্তিক নিযুক্তি দিয়া হৈছে। ৰাৱণ নামৰ এই ঘোঁৰাটোৰ স্বত্বাধিকাৰ হৈছে মহাৰাষ্ট্ৰৰ আছাদ চয়দ। আছাদে এই ঘোঁৰাটোৰ বাবে ৫ কোটি টকা লাভ কৰিছিল। কিন্তু ঘোৰাটো বিক্ৰী কৰিবলৈ তেওঁ অমান্তি হয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন