--°C
Loading...
Listen to Article
2 min read
80%

লক্ষ্ণৌঃ লক্ষ্ণৌৰ এখন আদালতে জ্যেষ্ঠ কংগ্ৰেছ নেতা ছলমান খুৰছিদৰ বিৰুদ্ধে এখন এজাহাৰ দাখিলৰ নিৰ্দেশ দিছে। ছলমান খুৰছিদে তেওঁৰ ‘ছানৰাইজ অ’ভাৰ অযোধ্যা: নেশ্যনহুড ইন আৱাৰ টাইম’ নামৰ গ্ৰন্থখনত 'সনাতন' হিন্দুধৰ্মক আইছিছ নামৰ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে তুলনা কৰাৰ অভিযোগ উত্থাপিত হৈছে। ধৰ্মীয় অনুভূতিত আঘাত হনা বুলি দাবী কৰিছে বিভিন্নজনে। অযোধ্যাৰ ঘটনাক কেন্দ্ৰ কৰি হিন্দুসকলৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগত ছলমান খুৰছিদৰ বাসগৃহতো আক্ৰমণ কৰিছিল বিভিন্নজনে। আনহাতে, কিতাপখনৰ প্ৰকাশ আৰু বিক্ৰীৰ ওপৰত স্থগিতাদেশ বিচাৰি দিল্লী উচ্চ ন্যায়ালয়তো ৰুজু হৈছিল গোচৰ।

শেহতীয়াকৈ, অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ শান্তনু ত্যাগীয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়নৰো নিৰ্দেশ দিছে। আদালতে ইতিমধ্যে বক্সীৰ পুখুৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক আইনৰ প্ৰাসংগিক ব্যৱস্থাৰ অধীনত এখন এজাহাৰ দাখিল কৰিবলৈ আৰু গোচৰটোৰ সঠিক তদন্তৰ বাবে নিৰ্দেশ দিছে। এজাহাৰৰ এটা প্ৰতিলিপি অহা ৩ দিনৰ ভিতৰত আদালতলৈ প্ৰেৰণ কৰিব লাগিব বুলিও সদৰী কৰিছে অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ শান্তনু ত্যাগীয়ে। জানিবলৈ পোৱা মতে, কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ আৰক্ষী থানাত আবেদন দাখিল কৰা হৈছিল। কিন্তু আৰক্ষীয়ে কোনোধৰণৰ উচিত ব্যৱস্থা গ্ৰহণ নকৰা বাবে এইবাৰ আদালতৰ কাষ চাপিছে। ছলমান খুৰছিদৰ গ্ৰন্থখন প্ৰকাশৰ পাছৰ পৰাই তুমুল বিতৰ্কত সোমাই পৰা দেখা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়