--°C
Loading...
Listen to Article
2 min read
80%

লক্ষ্ণৌঃ লক্ষ্ণৌৰ এখন আদালতে জ্যেষ্ঠ কংগ্ৰেছ নেতা ছলমান খুৰছিদৰ বিৰুদ্ধে এখন এজাহাৰ দাখিলৰ নিৰ্দেশ দিছে। ছলমান খুৰছিদে তেওঁৰ ‘ছানৰাইজ অ’ভাৰ অযোধ্যা: নেশ্যনহুড ইন আৱাৰ টাইম’ নামৰ গ্ৰন্থখনত 'সনাতন' হিন্দুধৰ্মক আইছিছ নামৰ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে তুলনা কৰাৰ অভিযোগ উত্থাপিত হৈছে। ধৰ্মীয় অনুভূতিত আঘাত হনা বুলি দাবী কৰিছে বিভিন্নজনে। অযোধ্যাৰ ঘটনাক কেন্দ্ৰ কৰি হিন্দুসকলৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগত ছলমান খুৰছিদৰ বাসগৃহতো আক্ৰমণ কৰিছিল বিভিন্নজনে। আনহাতে, কিতাপখনৰ প্ৰকাশ আৰু বিক্ৰীৰ ওপৰত স্থগিতাদেশ বিচাৰি দিল্লী উচ্চ ন্যায়ালয়তো ৰুজু হৈছিল গোচৰ।

শেহতীয়াকৈ, অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ শান্তনু ত্যাগীয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়নৰো নিৰ্দেশ দিছে। আদালতে ইতিমধ্যে বক্সীৰ পুখুৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক আইনৰ প্ৰাসংগিক ব্যৱস্থাৰ অধীনত এখন এজাহাৰ দাখিল কৰিবলৈ আৰু গোচৰটোৰ সঠিক তদন্তৰ বাবে নিৰ্দেশ দিছে। এজাহাৰৰ এটা প্ৰতিলিপি অহা ৩ দিনৰ ভিতৰত আদালতলৈ প্ৰেৰণ কৰিব লাগিব বুলিও সদৰী কৰিছে অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ শান্তনু ত্যাগীয়ে। জানিবলৈ পোৱা মতে, কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ আৰক্ষী থানাত আবেদন দাখিল কৰা হৈছিল। কিন্তু আৰক্ষীয়ে কোনোধৰণৰ উচিত ব্যৱস্থা গ্ৰহণ নকৰা বাবে এইবাৰ আদালতৰ কাষ চাপিছে। ছলমান খুৰছিদৰ গ্ৰন্থখন প্ৰকাশৰ পাছৰ পৰাই তুমুল বিতৰ্কত সোমাই পৰা দেখা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ