--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আন এখন যুদ্ধৰ বাবে সাজু হওক বিশ্ববাসী৷ যেন যুদ্ধই বিধ্বস্ত কৰিহে এৰিব মানৱ সভ্যতা৷ এতিয়া বিশ্বত চলিছে ইখনৰ পিছত সিখন যুদ্ধৰ প্ৰস্তুতি৷ ৰাছিয়া-ইউক্ৰেইনৰ সামৰিক যুদ্ধৰ সমাপ্তি নৌহওঁতেই এইবাৰ আন এখন যুদ্ধৰ পটভূমি ৰচনা হৈছে বিশ্বত৷ আহি পৰিছে আশংকা৷ এইবাৰ চীনে আক্ৰমণ চলাব টাইৱানত৷ ইতিমধ্যে চীনে ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণক মুকলিকৈ সমৰ্থন আগবঢ়াইছে৷ তাৰ মাজতে চীনে আমেৰিকা-ইউক্ৰেইন পক্ষক সতৰ্ক কৰি কয় যে, ৰাছিয়াৰ দৰে নাটো বাহিনীয়ে বিস্তাৰবাদী কাৰ্যত লিপ্ত হোৱাতো অনুচিত৷ চীনে ৰাছিয়াৰ পক্ষত অৱস্থান লোৱাতো কোনো নতুন কথা নহয়৷ চীন আৰু ৰাছিয়া বন্ধুৰাষ্ট্ৰ বুলি বিশ্ব অৱগত৷ চীনে আঁৰত থাকি ৰাছিয়াৰ হতুৱাই ইউক্ৰেইন আক্ৰমণ কৰি আমেৰিকাক প্ৰত্যাহ্বান জনোৱা বুলিও এতিয়া সন্দেহৰ বাতাবৰণ সৃষ্টি হৈছে সমগ্ৰ বিশ্বত৷ ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ দৰে চীনেও টাইৱান আক্ৰমণ কৰি আন এখন যুদ্ধৰ অৱতাৰণা কৰিব বুলি আশংকা কৰা হৈছে৷ ইউক্ৰেইনক ৰাছিয়াই নিজৰ অংগৰাষ্ট্ৰ বুলি কৈ অহাৰ দৰে, স্বাধীন ৰাষ্ট্ৰ হোৱা সত্ত্বেও টাইৱানক চীনে নিজৰ অংগ বুলি দাবী কৰি আহিছে৷ এতিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ পদাংক অনুসৰণ কৰি চীনেও টাইৱান দখলৰ বাবে টাইৱানত আক্ৰমণ চলাব পাৰে সন্দেহ কৰা হৈছে৷ ইতিমধ্যে, চীনে নিজৰ উপস্থিতি ঘোষণা কৰি ইউক্ৰেইনৰ আকাশত যুদ্ধবিমান উৰুৱাইছে৷ যদি চীনেও সংগোপনে যুুদ্ধৰ প্ৰস্তুতি চলাইছে, আৰু সেই প্ৰস্তুতি যদি টাইৱানৰ ওপৰতে প্ৰয়োগ কৰে, তেন্তে পৃথিৱীবাসী আন এখন ৰক্তক্ষয়ী যুদ্ধৰ৷ পৰিস্থিতি এতিয়া এনে হৈছেগৈ, কেৱল যুদ্ধৰেহে ৰাষ্ট্ৰসমূহে নিজৰ পৰাক্ৰম প্ৰদৰ্শন কৰে৷ যুদ্ধ উন্মাদ ৰাষ্ট্ৰসমূহক নিয়ন্ত্ৰণ কৰিবলৈ অপাৰগ হৈ পৰিছে ৰাষ্ট্ৰসংঘ৷ মানৱ অধিকাৰ উলংঘা কৰি মানুহৰ হত্যালীলা চলোৱা ৰাষ্ট্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণত ব্যৰ্থ ৰাষ্ট্ৰসংঘ৷ ৰাষ্ট্ৰসংঘৰ ভূমিকা সমালোচিত হৈছে বিশ্বজুৰি৷ একেদৰে, ইউক্ৰেইন-ৰাছিয়াৰ সংঘাতে মানৱ সভ্যতাক ভূলুণ্ঠিত কৰাৰ সময়তে আন এখন যুদ্ধৰ ক’লীয়া ডাৱৰে ছানি ধৰিছে পৃথিৱীৰ আকাশ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক