--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আন এখন যুদ্ধৰ বাবে সাজু হওক বিশ্ববাসী৷ যেন যুদ্ধই বিধ্বস্ত কৰিহে এৰিব মানৱ সভ্যতা৷ এতিয়া বিশ্বত চলিছে ইখনৰ পিছত সিখন যুদ্ধৰ প্ৰস্তুতি৷ ৰাছিয়া-ইউক্ৰেইনৰ সামৰিক যুদ্ধৰ সমাপ্তি নৌহওঁতেই এইবাৰ আন এখন যুদ্ধৰ পটভূমি ৰচনা হৈছে বিশ্বত৷ আহি পৰিছে আশংকা৷ এইবাৰ চীনে আক্ৰমণ চলাব টাইৱানত৷ ইতিমধ্যে চীনে ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণক মুকলিকৈ সমৰ্থন আগবঢ়াইছে৷ তাৰ মাজতে চীনে আমেৰিকা-ইউক্ৰেইন পক্ষক সতৰ্ক কৰি কয় যে, ৰাছিয়াৰ দৰে নাটো বাহিনীয়ে বিস্তাৰবাদী কাৰ্যত লিপ্ত হোৱাতো অনুচিত৷ চীনে ৰাছিয়াৰ পক্ষত অৱস্থান লোৱাতো কোনো নতুন কথা নহয়৷ চীন আৰু ৰাছিয়া বন্ধুৰাষ্ট্ৰ বুলি বিশ্ব অৱগত৷ চীনে আঁৰত থাকি ৰাছিয়াৰ হতুৱাই ইউক্ৰেইন আক্ৰমণ কৰি আমেৰিকাক প্ৰত্যাহ্বান জনোৱা বুলিও এতিয়া সন্দেহৰ বাতাবৰণ সৃষ্টি হৈছে সমগ্ৰ বিশ্বত৷ ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ দৰে চীনেও টাইৱান আক্ৰমণ কৰি আন এখন যুদ্ধৰ অৱতাৰণা কৰিব বুলি আশংকা কৰা হৈছে৷ ইউক্ৰেইনক ৰাছিয়াই নিজৰ অংগৰাষ্ট্ৰ বুলি কৈ অহাৰ দৰে, স্বাধীন ৰাষ্ট্ৰ হোৱা সত্ত্বেও টাইৱানক চীনে নিজৰ অংগ বুলি দাবী কৰি আহিছে৷ এতিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ পদাংক অনুসৰণ কৰি চীনেও টাইৱান দখলৰ বাবে টাইৱানত আক্ৰমণ চলাব পাৰে সন্দেহ কৰা হৈছে৷ ইতিমধ্যে, চীনে নিজৰ উপস্থিতি ঘোষণা কৰি ইউক্ৰেইনৰ আকাশত যুদ্ধবিমান উৰুৱাইছে৷ যদি চীনেও সংগোপনে যুুদ্ধৰ প্ৰস্তুতি চলাইছে, আৰু সেই প্ৰস্তুতি যদি টাইৱানৰ ওপৰতে প্ৰয়োগ কৰে, তেন্তে পৃথিৱীবাসী আন এখন ৰক্তক্ষয়ী যুদ্ধৰ৷ পৰিস্থিতি এতিয়া এনে হৈছেগৈ, কেৱল যুদ্ধৰেহে ৰাষ্ট্ৰসমূহে নিজৰ পৰাক্ৰম প্ৰদৰ্শন কৰে৷ যুদ্ধ উন্মাদ ৰাষ্ট্ৰসমূহক নিয়ন্ত্ৰণ কৰিবলৈ অপাৰগ হৈ পৰিছে ৰাষ্ট্ৰসংঘ৷ মানৱ অধিকাৰ উলংঘা কৰি মানুহৰ হত্যালীলা চলোৱা ৰাষ্ট্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণত ব্যৰ্থ ৰাষ্ট্ৰসংঘ৷ ৰাষ্ট্ৰসংঘৰ ভূমিকা সমালোচিত হৈছে বিশ্বজুৰি৷ একেদৰে, ইউক্ৰেইন-ৰাছিয়াৰ সংঘাতে মানৱ সভ্যতাক ভূলুণ্ঠিত কৰাৰ সময়তে আন এখন যুদ্ধৰ ক’লীয়া ডাৱৰে ছানি ধৰিছে পৃথিৱীৰ আকাশ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক