--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুজন হিন্দু সম্প্ৰদায়ৰ লোকক পাকিস্তানী সেনাৰ লেফটেনেণ্ট কৰ্ণেল হিচাপে নিযুক্তি দিয়া হৈছে। পাকিস্তানৰ ইতিহাসত এইটো প্ৰথম বাৰৰ বাবে হিন্দু সৈনিকক উচ্চ পদলৈ স্থানান্তৰিত কৰা হৈছে। নতুনকৈ পদোন্নতি লাভ কৰা মেজৰ ড. কেলাশ কুমাৰ আৰু মেজৰ ড. অনিল কুমাৰ দুয়োজন পাকিস্তান আৰ্মি মেডিকেল কৰ্পৰ সদস্য। তেওঁলোকৰ পদোন্নতি বিষয়ে শুক্ৰবাৰে ঘোষণা কৰা হৈছিল। দেশখনত প্ৰথম বাৰৰ বাবে হিন্দু সম্প্ৰদায়ৰ লোকক পাকিস্তান সেনাৰ উচ্চ পদত অন্তৰ্ভুক্ত কৰা হৈছে। খবৰ অনুসৰি, সেনা বিষয়া দুজন সিন্ধু প্ৰদেশৰ। মেজৰ ডঃ কেলাশ কুমাৰৰ জন্ম হৈছিল ১৯৮১ চনত। তেওঁ থাৰপাৰকাৰ জিলাৰ বাসিন্দা। তেওঁ ২০০৮ চনত পাকিস্তান সেনাত যোগদান কৰিছিল। আনহাতে মেজৰ ড০ অনীল কুমাৰৰ জন্ম হৈছিল ১৯৮২ চনত। তেওঁ বাদিন জিলাৰ বাসিন্দা। তেওঁ ২০০৭ চনত সেনাত যোগদান কৰিছিল। দুয়োজন সেনা বিষয়াৰ পদোন্নতিৰ খবৰ বিয়পি পৰাৰ লগে-লগে হিন্দু কাউন্সিল অফ পাকিস্তানে (পিএইচচি) সন্তুষ্টি প্ৰকাশ কৰিছে। পাকিস্তান হিন্দু পৰিষদৰ পৃষ্ঠপোষক ৰমেশ কুমাৰ ভাংকৱানীয়ে দুয়োজন সেনা বিষয়াক অভিনন্দন জনায়। জানিব পৰা মতে, কেলাশ কুমাৰক লেফটেনেণ্ট কৰ্ণেল হিচাপে নিযুক্তি দিয়া হয়। পাকিস্তানৰ সংবাদ মাধ্যমত বাতৰিটো পোহৰলৈ অহাৰ পিছৰে পৰা পাকিস্তানত এক উৎসৱৰমুখৰ পৰিৱেশে দেখা দিছে। পাকিস্তানী নেটিজেনসকলৰ এটা অংশই সম্প্ৰীতিৰ বাৰ্তাৰ সৈতে লিখিছিল, "আমি সকলোৱে সেউজীয়া ৰক্তক্ষৰণ কৰি আছোঁ। " টুইটাৰতো #HumSabKaPakistan ধ্বনিৰে ট্ৰেণ্ডিং হৈ আছে। ইফালে আজি পাকিস্তানৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ফাৱাদ চৌধুৰীয়ে কেলাশ কুমাৰক অভিনন্দন জনায়। লগতে তেওঁ কয় যে, আপুনি আমাৰ দেশৰ বাবে গৌৰৱ।" টুইটাৰ ব্যৱহাৰকাৰীৰ এটা অংশই এইটোও দাবী কৰিছে যে, পাকিস্তানৰ সংখ্যালঘু সম্প্ৰদায়ৰ সেনা বিষয়াসকলক যোগ্যতাৰ ক্ষেত্ৰত বহু আগতে পদোন্নতি দিয়া উচিত আছিল। ২০২২ ৰ আগতে কোনো হিন্দু সেনা বিষয়াক লেফটেনেণ্ট হিচাপে কিয় নিযুক্তি দিয়া হোৱা নাছিল বুলি একাংশই প্ৰশ্ন উত্থাপন কৰিছে। অৱশ্যে সৰহ সংখ্যক লোকেই ইয়াক এক ইতিবাচক পৰিৱৰ্তন হিচাপে লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক