--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুজন হিন্দু সম্প্ৰদায়ৰ লোকক পাকিস্তানী সেনাৰ লেফটেনেণ্ট কৰ্ণেল হিচাপে নিযুক্তি দিয়া হৈছে। পাকিস্তানৰ ইতিহাসত এইটো প্ৰথম বাৰৰ বাবে হিন্দু সৈনিকক উচ্চ পদলৈ স্থানান্তৰিত কৰা হৈছে। নতুনকৈ পদোন্নতি লাভ কৰা মেজৰ ড. কেলাশ কুমাৰ আৰু মেজৰ ড. অনিল কুমাৰ দুয়োজন পাকিস্তান আৰ্মি মেডিকেল কৰ্পৰ সদস্য। তেওঁলোকৰ পদোন্নতি বিষয়ে শুক্ৰবাৰে ঘোষণা কৰা হৈছিল। দেশখনত প্ৰথম বাৰৰ বাবে হিন্দু সম্প্ৰদায়ৰ লোকক পাকিস্তান সেনাৰ উচ্চ পদত অন্তৰ্ভুক্ত কৰা হৈছে। খবৰ অনুসৰি, সেনা বিষয়া দুজন সিন্ধু প্ৰদেশৰ। মেজৰ ডঃ কেলাশ কুমাৰৰ জন্ম হৈছিল ১৯৮১ চনত। তেওঁ থাৰপাৰকাৰ জিলাৰ বাসিন্দা। তেওঁ ২০০৮ চনত পাকিস্তান সেনাত যোগদান কৰিছিল। আনহাতে মেজৰ ড০ অনীল কুমাৰৰ জন্ম হৈছিল ১৯৮২ চনত। তেওঁ বাদিন জিলাৰ বাসিন্দা। তেওঁ ২০০৭ চনত সেনাত যোগদান কৰিছিল। দুয়োজন সেনা বিষয়াৰ পদোন্নতিৰ খবৰ বিয়পি পৰাৰ লগে-লগে হিন্দু কাউন্সিল অফ পাকিস্তানে (পিএইচচি) সন্তুষ্টি প্ৰকাশ কৰিছে। পাকিস্তান হিন্দু পৰিষদৰ পৃষ্ঠপোষক ৰমেশ কুমাৰ ভাংকৱানীয়ে দুয়োজন সেনা বিষয়াক অভিনন্দন জনায়। জানিব পৰা মতে, কেলাশ কুমাৰক লেফটেনেণ্ট কৰ্ণেল হিচাপে নিযুক্তি দিয়া হয়। পাকিস্তানৰ সংবাদ মাধ্যমত বাতৰিটো পোহৰলৈ অহাৰ পিছৰে পৰা পাকিস্তানত এক উৎসৱৰমুখৰ পৰিৱেশে দেখা দিছে। পাকিস্তানী নেটিজেনসকলৰ এটা অংশই সম্প্ৰীতিৰ বাৰ্তাৰ সৈতে লিখিছিল, "আমি সকলোৱে সেউজীয়া ৰক্তক্ষৰণ কৰি আছোঁ। " টুইটাৰতো #HumSabKaPakistan ধ্বনিৰে ট্ৰেণ্ডিং হৈ আছে। ইফালে আজি পাকিস্তানৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ফাৱাদ চৌধুৰীয়ে কেলাশ কুমাৰক অভিনন্দন জনায়। লগতে তেওঁ কয় যে, আপুনি আমাৰ দেশৰ বাবে গৌৰৱ।" টুইটাৰ ব্যৱহাৰকাৰীৰ এটা অংশই এইটোও দাবী কৰিছে যে, পাকিস্তানৰ সংখ্যালঘু সম্প্ৰদায়ৰ সেনা বিষয়াসকলক যোগ্যতাৰ ক্ষেত্ৰত বহু আগতে পদোন্নতি দিয়া উচিত আছিল। ২০২২ ৰ আগতে কোনো হিন্দু সেনা বিষয়াক লেফটেনেণ্ট হিচাপে কিয় নিযুক্তি দিয়া হোৱা নাছিল বুলি একাংশই প্ৰশ্ন উত্থাপন কৰিছে। অৱশ্যে সৰহ সংখ্যক লোকেই ইয়াক এক ইতিবাচক পৰিৱৰ্তন হিচাপে লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক