--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃলোক জন অতি দুখীয়া৷ খাদ্য কিনি খাবলৈও তেওঁৰ হাতত ধন নাই৷ সেয়ে আনে পেলাই দিয়া খাদ্য খায়েই জীৱন ধাৰণ কৰিছিল তেওঁ৷ কিন্তু হঠাতে মৃত্যু ঘটা এই লোক জনৰ একাউণ্টত পোৱা গ’ল কোটি কোটি টকা৷  তেওঁৰ একাউণ্টত থকা ধনৰ পৰিমাণ ভাৰতীয় মুদ্ৰাত প্ৰায় ১০ কোটি টকা।লোক জনে ৰাস্তাত পৰি থকা টিনৰ কেন বুটলি আনি বিক্ৰী কৰিছিল। তেওঁ মানুহে পেলাই দিয়া চেণ্ডউইচ খাই পেট ভৰাই ছিল। এনেদৰেই তেওঁ জীৱনৰ চল্লিশ বছৰ অতিবাহিত কৰিছিল। নিজৰ বুলিবলৈ তেওঁৰ কোনো নাছিল৷   

লোক জনৰ  নাম কুৰ্ট ডেজাৰ্মান। লোকজন  উত্তৰ চুইডেনৰ স্কেলেফটিয়াৰ বাসিন্দা আছিল। তেওঁ কেতিয়াও কাৰো ক্ষতি কৰা নাছিল। তেওঁ গোটেই দিনটো ৰাস্তাত ঘূৰি ফুৰিছিল। আৰু তেওঁ ৰাস্তাত টিনৰ কেন বুটলি ফুৰিছিল। বহুতে তেওঁক পাগল বুলি কৈছিল।

তেওঁ ৰাস্তাৰ পৰা টিনৰ কেন বোৰ তুলি লৈ দোকানত  বিক্ৰী কৰিছিল।  তেওঁ সেই টকাৰে কি কৰিছিল?  ক'ত খৰচ কৰিছিল আদি কথাবোৰলৈ কোনেও মন দিয়া নাছিল৷ যিদিনা তেওঁ ৰাস্তাত পৰি থকা একো খাদ্য নাপায় সেই দিনা তেওঁ একো নোখোৱাকৈয়ে  অতিবাহিত কৰিছিল।

পিছত জনা গৈছিল যে লোক জনে বুটলি অনা কেন বিক্ৰী কৰি পোৱা ধন  শ্বেয়াৰ  শ্বেয়াৰ বজাৰত  বিনিয়োগ কৰিছিল।তেনেকৈয়ে হয়তো তেওঁৰ একাউণ্টত ইমান ধন জমা হ’ল৷ তেওঁ বাতৰি কাকত পঢ়ি ধন বিনিয়োগ কৰি গৈছিল৷ তেওঁ আনকি বাতৰি কাকত খনো  কিনি পঢ়া  নাছিল। তেওঁ প্ৰতিদিনে স্থানীয় পুথিভঁৰাললৈ গৈছিল। তেওঁ তালৈ গৈ বাতৰি কাকত পঢ়িছিল।

এদিন, হৃদৰোগত আক্ৰান্ত হৈ হঠাতে লোকজনৰ মৃত্যু হয়। সেই সময়ত তেওঁৰ বয়স আছিল ৬০ বছৰ। পিছত জনা গ’ল যে লোকজনৰ  চুইছ বেংকৰ একাউণ্টত ৭৩১,০০০পাউণ্ড আছে। তেওঁ এটা সোণৰ দণ্ডও কিনিছিল। সেই সোণৰ দণ্ডৰ মূল্য ২ লাখ ৫০ হাজাৰ পাউণ্ড। যাৰ মূল্য ভাৰতীয় মুদ্ৰাত প্ৰায় আঢ়ৈ কোটি টকা। লোকজনে তেওঁৰ মৃত্যুৰ আগতে ইচ্ছাপত্ৰ কৰিছিল। তেওঁ তেওঁৰ সকলো সম্পত্তি এজন সম্পৰ্কীয় ভায়েকৰ  নামত লিখি থৈ গৈছে৷সম্পৰ্কীয় ভায়েকজনে  কৈছে  যে লোকজন  পঢ়াশুনাত বহুত ভাল আছিল। তেওঁ স্কুললৈ গৈছিল। তাৰ পিছত তেওঁ ব্যক্তিগত কাৰণত বিদ্যালয় এৰিবলৈ বাধ্য হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন