--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃলোক জন অতি দুখীয়া৷ খাদ্য কিনি খাবলৈও তেওঁৰ হাতত ধন নাই৷ সেয়ে আনে পেলাই দিয়া খাদ্য খায়েই জীৱন ধাৰণ কৰিছিল তেওঁ৷ কিন্তু হঠাতে মৃত্যু ঘটা এই লোক জনৰ একাউণ্টত পোৱা গ’ল কোটি কোটি টকা৷  তেওঁৰ একাউণ্টত থকা ধনৰ পৰিমাণ ভাৰতীয় মুদ্ৰাত প্ৰায় ১০ কোটি টকা।লোক জনে ৰাস্তাত পৰি থকা টিনৰ কেন বুটলি আনি বিক্ৰী কৰিছিল। তেওঁ মানুহে পেলাই দিয়া চেণ্ডউইচ খাই পেট ভৰাই ছিল। এনেদৰেই তেওঁ জীৱনৰ চল্লিশ বছৰ অতিবাহিত কৰিছিল। নিজৰ বুলিবলৈ তেওঁৰ কোনো নাছিল৷   

লোক জনৰ  নাম কুৰ্ট ডেজাৰ্মান। লোকজন  উত্তৰ চুইডেনৰ স্কেলেফটিয়াৰ বাসিন্দা আছিল। তেওঁ কেতিয়াও কাৰো ক্ষতি কৰা নাছিল। তেওঁ গোটেই দিনটো ৰাস্তাত ঘূৰি ফুৰিছিল। আৰু তেওঁ ৰাস্তাত টিনৰ কেন বুটলি ফুৰিছিল। বহুতে তেওঁক পাগল বুলি কৈছিল।

তেওঁ ৰাস্তাৰ পৰা টিনৰ কেন বোৰ তুলি লৈ দোকানত  বিক্ৰী কৰিছিল।  তেওঁ সেই টকাৰে কি কৰিছিল?  ক'ত খৰচ কৰিছিল আদি কথাবোৰলৈ কোনেও মন দিয়া নাছিল৷ যিদিনা তেওঁ ৰাস্তাত পৰি থকা একো খাদ্য নাপায় সেই দিনা তেওঁ একো নোখোৱাকৈয়ে  অতিবাহিত কৰিছিল।

পিছত জনা গৈছিল যে লোক জনে বুটলি অনা কেন বিক্ৰী কৰি পোৱা ধন  শ্বেয়াৰ  শ্বেয়াৰ বজাৰত  বিনিয়োগ কৰিছিল।তেনেকৈয়ে হয়তো তেওঁৰ একাউণ্টত ইমান ধন জমা হ’ল৷ তেওঁ বাতৰি কাকত পঢ়ি ধন বিনিয়োগ কৰি গৈছিল৷ তেওঁ আনকি বাতৰি কাকত খনো  কিনি পঢ়া  নাছিল। তেওঁ প্ৰতিদিনে স্থানীয় পুথিভঁৰাললৈ গৈছিল। তেওঁ তালৈ গৈ বাতৰি কাকত পঢ়িছিল।

এদিন, হৃদৰোগত আক্ৰান্ত হৈ হঠাতে লোকজনৰ মৃত্যু হয়। সেই সময়ত তেওঁৰ বয়স আছিল ৬০ বছৰ। পিছত জনা গ’ল যে লোকজনৰ  চুইছ বেংকৰ একাউণ্টত ৭৩১,০০০পাউণ্ড আছে। তেওঁ এটা সোণৰ দণ্ডও কিনিছিল। সেই সোণৰ দণ্ডৰ মূল্য ২ লাখ ৫০ হাজাৰ পাউণ্ড। যাৰ মূল্য ভাৰতীয় মুদ্ৰাত প্ৰায় আঢ়ৈ কোটি টকা। লোকজনে তেওঁৰ মৃত্যুৰ আগতে ইচ্ছাপত্ৰ কৰিছিল। তেওঁ তেওঁৰ সকলো সম্পত্তি এজন সম্পৰ্কীয় ভায়েকৰ  নামত লিখি থৈ গৈছে৷সম্পৰ্কীয় ভায়েকজনে  কৈছে  যে লোকজন  পঢ়াশুনাত বহুত ভাল আছিল। তেওঁ স্কুললৈ গৈছিল। তাৰ পিছত তেওঁ ব্যক্তিগত কাৰণত বিদ্যালয় এৰিবলৈ বাধ্য হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক