--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰা এবছৰ সম্পূৰ্ণ হ’ল৷ এনে সময়তে যুদ্ধ বন্ধ হোৱাৰ কোনো আশাই দেখা দিয়া নাই৷ যুদ্ধৰ সমাপ্তি কামনা কৰি ইউক্ৰেইনলৈ অস্ত্ৰ-শস্ত্ৰ যোগান ধৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আজি কমেও ১০,০০০ লোকে বাৰ্লিনৰ ৰাজপথলৈ ওলাই আহে । তেওঁলোকে জাৰ্মানীৰ  চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰে। প্ৰতিবাদকাৰীসকলে যুদ্ধ বন্ধ কৰিবলৈ দাবী জনোৱাৰ লগতে ইউক্ৰেইনলৈ অস্ত্ৰ  প্ৰেৰণ নকৰিবলৈ দাবী উত্থাপন  কৰে৷ 

বাৰ্লিন আৰক্ষীয়ে প্ৰকাশ কৰা মতে  মধ্য বাৰ্লিনৰ ব্ৰেণ্ডেনবুৰ্গ গেটৰ সন্মুখত ১০,০০০ লোক সমবেত হৈছে। পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰায় ১,৪০০ আৰক্ষী কৰ্মী ৰাজপথত মোতায়েন কৰা হয়। প্ৰতিবাদকাৰীসকল সেনাৰ পোছাক পিন্ধাটো নিষিদ্ধ কৰাৰ লগতে ৰাছিয়াৰ পতাকা হাতত নল’বলৈ সকিয়াই দিয়া হৈছিল৷ আৰক্ষীৰ এজন মুখপাত্ৰই কয় যে সমদলটো শান্তিপূৰ্ণ আছিল।  সমদলটোত কোনো সোঁপন্থী দলৰ কাকো দেখা পোৱা নগ’ল বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে।  

সমদলটো এজন বাওঁপন্থী জাৰ্মান ৰাজনীতিবিদ চাহৰা ৱাগেনেকটে আয়োজন কৰিছিল বুলি জানিব পৰা গৈছে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাৰ্ষিকীত জাৰ্মানীকে ধৰি পশ্চিমীয়া শক্তিসমূহে কিয়েভক প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে ইউক্ৰেইনলৈ অধিক অস্ত্ৰ প্ৰেৰণ কৰিব। কিয়েভৰ সমৰ্থনত মস্কোৰ ওপৰত অধিক নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আজিৰ  প্ৰতিবাদ এনে চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আছিল। 

এই  প্ৰতিবাদী সমদলটোক 'শান্তিৰ বাবে বিদ্ৰোহ' বুলি কোৱা হৈছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰু  জাৰ্মানীয়ে ইউক্ৰেইনলৈ আটাইতকৈ বেছি অস্ত্ৰ প্ৰেৰণ কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক