--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰা এবছৰ সম্পূৰ্ণ হ’ল৷ এনে সময়তে যুদ্ধ বন্ধ হোৱাৰ কোনো আশাই দেখা দিয়া নাই৷ যুদ্ধৰ সমাপ্তি কামনা কৰি ইউক্ৰেইনলৈ অস্ত্ৰ-শস্ত্ৰ যোগান ধৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আজি কমেও ১০,০০০ লোকে বাৰ্লিনৰ ৰাজপথলৈ ওলাই আহে । তেওঁলোকে জাৰ্মানীৰ  চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰে। প্ৰতিবাদকাৰীসকলে যুদ্ধ বন্ধ কৰিবলৈ দাবী জনোৱাৰ লগতে ইউক্ৰেইনলৈ অস্ত্ৰ  প্ৰেৰণ নকৰিবলৈ দাবী উত্থাপন  কৰে৷ 

বাৰ্লিন আৰক্ষীয়ে প্ৰকাশ কৰা মতে  মধ্য বাৰ্লিনৰ ব্ৰেণ্ডেনবুৰ্গ গেটৰ সন্মুখত ১০,০০০ লোক সমবেত হৈছে। পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰায় ১,৪০০ আৰক্ষী কৰ্মী ৰাজপথত মোতায়েন কৰা হয়। প্ৰতিবাদকাৰীসকল সেনাৰ পোছাক পিন্ধাটো নিষিদ্ধ কৰাৰ লগতে ৰাছিয়াৰ পতাকা হাতত নল’বলৈ সকিয়াই দিয়া হৈছিল৷ আৰক্ষীৰ এজন মুখপাত্ৰই কয় যে সমদলটো শান্তিপূৰ্ণ আছিল।  সমদলটোত কোনো সোঁপন্থী দলৰ কাকো দেখা পোৱা নগ’ল বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে।  

সমদলটো এজন বাওঁপন্থী জাৰ্মান ৰাজনীতিবিদ চাহৰা ৱাগেনেকটে আয়োজন কৰিছিল বুলি জানিব পৰা গৈছে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাৰ্ষিকীত জাৰ্মানীকে ধৰি পশ্চিমীয়া শক্তিসমূহে কিয়েভক প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে ইউক্ৰেইনলৈ অধিক অস্ত্ৰ প্ৰেৰণ কৰিব। কিয়েভৰ সমৰ্থনত মস্কোৰ ওপৰত অধিক নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আজিৰ  প্ৰতিবাদ এনে চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আছিল। 

এই  প্ৰতিবাদী সমদলটোক 'শান্তিৰ বাবে বিদ্ৰোহ' বুলি কোৱা হৈছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰু  জাৰ্মানীয়ে ইউক্ৰেইনলৈ আটাইতকৈ বেছি অস্ত্ৰ প্ৰেৰণ কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন