--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তছলিমা নাছৰিনৰ পুনৰ বিতৰ্কৰ মধ্যমণি হৈ পৰিছে। ঢাকাত এতিয়া  গ্ৰন্থমেলা চলি আছে। গ্ৰন্থমেলাৰ  এখন ছবি পোষ্ট কৰি তেওঁ একাংশ পঢ়ুৱৈকলৈ দুখ প্ৰকাশ কৰিছে। তেওঁৰ কিতাপখন পঢ়াৰ পিছতো তেওঁলোক মানুহ হ'ব নোৱাৰিলে বুলি তছলিমাই আক্ষেপ প্ৰকাশ কৰিছে৷লেখিকা তছলিমা নাছৰিনে পুনৰ হিজাব বিতৰ্কক নতুন ৰূপত জগাই তুলিছে৷  

 বৰ্তমান ঢাকাত চলি থকা  গ্ৰন্থমেলাত  তছলিমা নাছৰিনৰ উপন্যাস  'চুম্বন' -এ ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে৷ তছলিমাই গ্ৰন্থমেলাৰ  কেইগৰাকীমান  মহিলাই কিতাপ পঢ়ি থকাৰ ছবি পোষ্ট কৰি এটা নতুন বিতৰ্ক সৃষ্টি কৰিছে৷  শেহতীয়াকৈ ফেচবুকত তছলিমাই   পোষ্ট কৰা ছবিত দেখা গৈছে যে  তিনিগৰাকী মহিলাই তেওঁৰ নতুন উপল্যাসখন পঢ়ি আছে৷   সেই ছবি শ্বেয়াৰ কৰি তছলিমাই  লিখিছে, "তেওঁলোকে ঢাকাৰ গ্ৰন্থমেলাত মোৰ কাহিনী কিতাপ  'চুম্বন' পঢ়ি আছে। 

যদি তেওঁলোকে কিতাপখন  পঢ়াৰ পিছত বোৰ্খা দলিয়াই  পেলাই মানুহ হ'ব পাৰিলোহেঁতেন, তেন্তে মোৰ শ্ৰম   সাৰ্থক হ'লোহেঁতেন। ' তছলিমাৰ এনে মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে৷ বহুতে তছলিমাক সুধিছে  যিসকলে স্বেচ্ছাই হিজাব পিন্ধে তেওঁলোক মানুহ নহয় নেকি? 

উল্লেখ্য তছলিমাই  দুমাহ আগতেও  বিশ্বকাপৰ সময়ত হিজাব বিতৰ্কক জগাই তুলিছিল। তেওঁ মৰক্কোৰ ফুটবল তাৰকা আচৰফ হাকিমিৰ পত্নী হিবা আবুকৰ বিষয়ে টুইট কৰিছিল । তছলিমাই লিখিছিল "মৰক্কোৰ তাৰকা ফুটবলাৰ আচৰফ হাকিমি আৰু তেওঁৰ পত্নী। যদিও তেওঁলোক মুছলমান, তেওঁৰ পত্নীয়ে হিজাব বা বোৰ্খা পৰিধান কৰা নাই। "


FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন