--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তছলিমা নাছৰিনৰ পুনৰ বিতৰ্কৰ মধ্যমণি হৈ পৰিছে। ঢাকাত এতিয়া  গ্ৰন্থমেলা চলি আছে। গ্ৰন্থমেলাৰ  এখন ছবি পোষ্ট কৰি তেওঁ একাংশ পঢ়ুৱৈকলৈ দুখ প্ৰকাশ কৰিছে। তেওঁৰ কিতাপখন পঢ়াৰ পিছতো তেওঁলোক মানুহ হ'ব নোৱাৰিলে বুলি তছলিমাই আক্ষেপ প্ৰকাশ কৰিছে৷লেখিকা তছলিমা নাছৰিনে পুনৰ হিজাব বিতৰ্কক নতুন ৰূপত জগাই তুলিছে৷  

 বৰ্তমান ঢাকাত চলি থকা  গ্ৰন্থমেলাত  তছলিমা নাছৰিনৰ উপন্যাস  'চুম্বন' -এ ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে৷ তছলিমাই গ্ৰন্থমেলাৰ  কেইগৰাকীমান  মহিলাই কিতাপ পঢ়ি থকাৰ ছবি পোষ্ট কৰি এটা নতুন বিতৰ্ক সৃষ্টি কৰিছে৷  শেহতীয়াকৈ ফেচবুকত তছলিমাই   পোষ্ট কৰা ছবিত দেখা গৈছে যে  তিনিগৰাকী মহিলাই তেওঁৰ নতুন উপল্যাসখন পঢ়ি আছে৷   সেই ছবি শ্বেয়াৰ কৰি তছলিমাই  লিখিছে, "তেওঁলোকে ঢাকাৰ গ্ৰন্থমেলাত মোৰ কাহিনী কিতাপ  'চুম্বন' পঢ়ি আছে। 

যদি তেওঁলোকে কিতাপখন  পঢ়াৰ পিছত বোৰ্খা দলিয়াই  পেলাই মানুহ হ'ব পাৰিলোহেঁতেন, তেন্তে মোৰ শ্ৰম   সাৰ্থক হ'লোহেঁতেন। ' তছলিমাৰ এনে মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে৷ বহুতে তছলিমাক সুধিছে  যিসকলে স্বেচ্ছাই হিজাব পিন্ধে তেওঁলোক মানুহ নহয় নেকি? 

উল্লেখ্য তছলিমাই  দুমাহ আগতেও  বিশ্বকাপৰ সময়ত হিজাব বিতৰ্কক জগাই তুলিছিল। তেওঁ মৰক্কোৰ ফুটবল তাৰকা আচৰফ হাকিমিৰ পত্নী হিবা আবুকৰ বিষয়ে টুইট কৰিছিল । তছলিমাই লিখিছিল "মৰক্কোৰ তাৰকা ফুটবলাৰ আচৰফ হাকিমি আৰু তেওঁৰ পত্নী। যদিও তেওঁলোক মুছলমান, তেওঁৰ পত্নীয়ে হিজাব বা বোৰ্খা পৰিধান কৰা নাই। "


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক